প্ৰথম দহটা স্থানত জিলিকিল শিৱসাগৰৰ ছগৰাকী শিক্ষাৰ্থী

By

Published : Jun 7, 2022, 4:02 PM IST

thumbnail

আজি ঘোষণা কৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত শিৱসাগৰ জিলাৰ পৰা দশম স্থান লাভ কৰে জিলাখনৰ দুগৰাকী শিক্ষার্থীয়ে (HSLC result 2022)। শিৱসাগৰ নগৰৰ শ্ৰী সুন্দৰমল মৰ্ডান স্কুলৰ ছাত্ৰ হিমাংশু দাস আৰু ৰক্তোপল বৰুৱাই ৫৮৮ নম্বৰৰ সৈতে দশম স্থান দখল কৰিছে (Sivsagar district HSLC result)। জিলাখনৰ ৬ মেধাৱী ছাত্ৰ-ছাত্ৰীয়ে প্ৰথম দহটা স্থানৰ ভিতৰত ৬ টা দখল কৰিবলৈ সক্ষম হৈছে । শিৱসাগৰ জিলাত এইবাৰ মেট্ৰিক পৰীক্ষাত সৰ্বমুঠ ৮৭০১ পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছিল । ইয়াৰে ২৬৩০ গৰাকীয়ে প্ৰথম বিভাগ, ২৯৫৮ গৰাকীয়ে দ্বিতীয় বিভাগ আৰু ১৪৭৫ গৰাকীয়ে তৃতীয় বিভাগত উত্তীৰ্ণ হৈছে । উত্তীৰ্ণৰ শতকৰা হাৰ ৮১.১৭ শতাংশ ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.