ETV Bharat / state

হাইস্কুল শিক্ষান্ত পৰীক্ষাত এইবাৰ ছাত্রৰ আধিপত্য

author img

By

Published : Jun 7, 2022, 5:05 PM IST

হাইস্কুল শিক্ষান্ত পৰীক্ষাত ১,৮৮,৫৭০ জন ছাত্ৰ আৰু ২,১৭,০১২ গৰাকী ছাত্ৰী অৱতীৰ্ণ হৈছিল । ছাত্ৰীৰ তুলনাত এইবাৰ ছাত্ৰৰ উত্তীৰ্ণৰ হাৰ অধিক। এইবাৰ ৫৮.৮০ শতাংশ ছাত্ৰ উত্তীৰ্ণ হোৱাৰ বিপৰীতে ছাত্ৰীৰ উত্তীৰ্ণৰ হাৰ ৫৪.৪৯ শতাংশ । ৪,২৯৯ জন ছাত্ৰই ডিষ্টিংছন পোৱাৰ বিপৰীতে ৪,০৭৪ গৰাকী ছাত্ৰীয়ে লাভ কৰিছে ডিষ্টিংছন । শীৰ্ষৰ ১০ টা স্থান লাভ কৰিলে ৫৫ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে ।

হাইস্কুল শিক্ষান্ত পৰীক্ষাত এইবাৰ ছাত্রৰ আধিপত্য
হাইস্কুল শিক্ষান্ত পৰীক্ষাত এইবাৰ ছাত্রৰ আধিপত্য

গুৱাহাটী,7 জুনঃ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত প্ৰায়ে দেখা যায় যে ছাত্ৰতকৈ ছাত্ৰীয়ে ভাল ফলাফল দেখুৱায় । বিগত বৰ্ষসমূহত ছাত্ৰৰ তুলনাত ছাত্ৰীয়ে আধিপত্য বিস্তাৰ কৰা পৰিলক্ষিত হৈছিল । কিন্তু এইবাৰ সেই ধাৰাবাহিকতা ভংগ হ’ল । এইবাৰ ছাত্ৰীৰ তুলনাত ছাত্ৰৰ উত্তীৰ্ণৰ হাৰ অধিক । এইবাৰ ৫৮.৮০ শতাংশ ছাত্ৰ উত্তীৰ্ণ হোৱাৰ বিপৰীতে ছাত্ৰীৰ উত্তীৰ্ণৰ হাৰ ৫৪.৪৯ শতাংশ ।

ডিষ্টিংছন নম্বৰ লাভ কৰা ছাত্ৰৰ সংখ্যাও ছাত্ৰীতকৈ অধিক । মুঠ ৪,২৯৯ জন ছাত্ৰই ডিষ্টিংছন পোৱাৰ বিপৰীতে ৪,০৭৪ গৰাকী ছাত্ৰীয়ে ডিষ্টিংছন লাভ কৰিবলৈ সক্ষম হৈছে । অৱশ্যে ষ্টাৰ মাৰ্ক পোৱা ছাত্ৰীৰ সংখ্যা ছাত্ৰতকৈ অধিক । ৭,১৯৮ গৰাকী ছাত্ৰীয়ে ষ্টাৰ মাৰ্ক লাভ কৰাৰ বিপৰীতে ৬,৮৪৯ গৰাকী ছাত্ৰই ষ্টাৰ মাৰ্ক লাভ কৰিবলৈ সক্ষম হৈছে । ইফালে এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হোৱা শিক্ষাৰ্থীৰ ভিতৰত ছাত্ৰতকৈ ছাত্ৰীৰ সংখ্যা অধিক আছিল ।

হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হোৱা মুঠ ৪,০৫,৫৮২ গৰাকী শিক্ষাৰ্থীৰ ভিতৰত ছাত্ৰৰ সংখ্যা আছিল ১,৮৮,৫৭০ জন আৰু ছাত্ৰীৰ সংখ্যা আছিল ২,১৭,০১২ গৰাকী । আনহাতে হাইস্কুল শিক্ষান্ত পৰীক্ষাত শীৰ্ষৰ প্ৰথম স্থান ছাত্ৰই লাভ কৰাৰ বিপৰীতে দ্বিতীয় স্থান লাভ কৰে ছাত্ৰীয়ে । ইফালে এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত শীৰ্ষৰ ১০ টা স্থান লাভ কৰিলে ৫৫ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে ।

এইবাৰ লখিমপুৰৰ পৰা ৬ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে স্থান লাভ কৰিবলৈ সক্ষম হয় । আনহাতে শিৱসাগৰৰ পৰা ৬জন, কামৰূপ মেট্ৰ'ৰ পৰা ৬ জন, নগাঁৱৰ পৰা ৬ জন, বৰপেটাৰ পৰা ৬ জন ছাত্ৰ-ছাত্ৰীয়ে স্থান লাভ কৰাৰ বিপৰীতে নলবাৰীৰ পৰা ৪ জন, যোৰহাটৰ পৰা ৩ জন, দৰংৰ পৰা ২ জন, মৰিগাঁৱৰ পৰা ২ জন, ডিব্ৰুগড়ৰ পৰা ৪ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে স্থান লাভ কৰিবলৈ সক্ষম হয় । তদুপৰি পশ্চিম কাৰ্বি আংলঙৰ পৰা ১ জন, কামৰূপ গ্ৰাম্যৰ পৰা ১ জন, বঙাইগাঁৱৰ পৰা ১ জন, কাছাৰৰ পৰা ১ জন, গোৱালপাৰাৰ পৰা ১ জন, মাজুলীৰ পৰা ১ জনকৈ ছাত্ৰ-ছাত্ৰীয়ে হাইস্কুল শিক্ষান্ত পৰীক্ষাত স্থান লাভ কৰিবলৈ সক্ষম হৈছে ।

লগতে পঢ়ক: মেট্ৰিক পৰীক্ষাৰ ফলাফলঃ তিনি বছৰ পাছত হ্ৰাস পালে উত্তীৰ্ণৰ হাৰ

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.