ETV Bharat / state

7 বজাৰ শীৰ্ষ 10 টা বাতৰি

author img

By

Published : Jun 6, 2022, 7:00 PM IST

TOP 10 AT 7PM
7 বজাৰ শীৰ্ষ 10 টা বাতৰি

7 বজাৰ শীৰ্ষ 10 টা বাতৰি

পি এফ আইৰ বিৰুদ্ধে 16 টাকৈ গোচৰ ৰুজু অসম আৰক্ষীৰ

পি এফ আইৰ বিৰুদ্ধে অসমত গোচৰ দাখিল অসম আৰক্ষীৰ ৷ 16 টাকৈ গোচৰ দাখিল কৰা হৈছে সংগঠনটোৰ বিৰুদ্ধে (16 cases against PFI) ৷ নিষিদ্ধ ঘোষিত ইছলামিক সন্ত্ৰাসবাদী সংগঠনৰ সৈতে পি এফ আইৰ সম্পৰ্ক থকাৰ কথা প্ৰকাশ আৰক্ষীৰ ৷'

Waliullah sentenced to death: সন্ত্ৰাসবাদী ৱালিউল্লাহক মৃত্যুদণ্ডৰ ৰায় গাজিয়াবাদ আদালতৰ

সন্ত্ৰাসবাদী ৱালিউল্লাহক মৃত্যুদণ্ডৰ ৰায় । বাৰাণসীত সংঘটিত বিস্ফোৰণৰ গোচৰৰ ৰায় হিচাবে গাজিয়াবাদ আদালতে ঘোষণা কৰিছে এই মৃত্যদণ্ড ৷

Case against PFI: আৰক্ষীয়ে মিছা গোচৰ ৰুজু কৰাৰ অভিযোগ পি এফ আইৰ নেতাৰ

পপুলাৰ ফ্ৰন্ট অৱ ইণ্ডিয়া চমুকৈ পি এফ আইৰ বিৰুদ্ধে অসম আৰক্ষীয়ে দাখিল কৰা গোচৰক মিছা আৰু মনেসজা আখ্যা সংগঠনটোৰ ৷ পপুলাৰ ফ্রন্ট কেতিয়াও দেশৰ সংবিধান বিৰোধী কামত জড়িত নহয় ৷ বৰঞ্চ সংবিধান তথা গণতন্ত্ৰৰ প্ৰতি ভাবুকি সৃষ্টি কৰা অশুভ শক্তিবোৰৰ বিৰুদ্ধে পি এফ আয়ে সদায় আপোচহীনভাৱে মাত মাতি আহিছে (PFI activities in assam) বুলি উল্লেখ কৰে ৰবিউল হুছেইনে।

Prabin Boro Resign BPF: হাগ্ৰামাৰ সংগ এৰি বিপিএফ ত্যাগ প্ৰবীণ বড়োৰ

বিপিএফত খহনীয়া । বিপিএফৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক প্ৰৱীণ বড়োৰ বিপিএফ ত্যাগ (Pravin Boro left BPF)। ২০০৯ চনৰ পৰা সক্ৰিয় সদস্য হিচাপে আছিল বিপিএফত । পদত্যাগৰ কথা সংবাদ মাধ্যমযোগে সদৰি কৰিলে প্ৰৱীণ বড়োৱে । সম্পূৰ্ণ ব্যক্তিগত কাৰণত দলৰ প্ৰাথমিক সদস্যৰ পৰা পদত্যাগ প্ৰৱীণ বড়োৰ ।

ডলু চাহ বাগিচাত উচ্ছেদঃ চৰকাৰক স্থিতি ৰাজহুৱা কৰাৰ দাবী 'চিটু'ৰ

চুক্তি অনুসৰি মাটি অধিগ্ৰহণ হোৱাৰ পাছত স্থায়ী-অস্থায়ী সকলো শ্ৰমিকৰে কাম অব্যাহত থাকিব । ২,৫০০ বিঘা ভূমিত কাম কৰি থকা সকলক একে বাগানৰে অন্য ডিভিজন বা এলেকাত কাম দিয়া হ'ব । মালিকপক্ষই নতুনকৈ ১০১ একৰ ভূমিত বাগিচা সম্প্ৰসাৰণ কৰিব আৰু সেই কামত স্থায়ী-অস্থায়ী শ্ৰমিকসকলক নিয়োগ কৰিব । এই বাগানৰ পূৰ্বৰ মালিকৰ পৰাই বৰ্তমানলৈকে দীর্ঘদিন বঞ্চিত হৈ থকা পি এফ আৰু গ্ৰেচুইটিৰ সমস্ত বকেয়া ধন বর্তমান মালিক পক্ষই তাৎক্ষণিকভাৱে আদায় দিব ।

কলগাছিয়াৰ এখন বিদ্যালয়ৰ ৰান্ধনীঘৰত সংঘটিত অগ্নিকাণ্ডকলৈ প্ৰতিক্ৰিয়া

কলগাছিয়াৰ বৰভিটা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ৰান্ধনীঘৰত হোৱা এক অগ্নিকাণ্ডৰ ফলত সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ (Reaction to school kitchen fire in Kalgachia) ৷ ৰান্ধনীঘৰটোৰ লগত থকা দোকানৰ পৰা নাইবা কোনো ছাত্ৰই বিড়ি বা চিগাৰেট খাই অৱশিষ্ট অংশ পেলাই দিয়াৰ ফলতেই অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱাৰ সন্দেহ ৷

KAAC Election: কংগ্ৰেছে মুকলি কৰিলে ইস্তাহাৰ

গাঁওসমূহত ৰাস্তা নিৰ্মাণ, ক'ল্ড ষ্টৰেজ নিৰ্মাণ, যাতায়তৰ ব্যৱস্থা সুচল কৰা, মেডিকেল আৰু ভেটেনেৰী বিভাগক প্ৰাথমিকতা প্ৰদান কৰা, শিল, বালি, কয়লাৰ লুন্ঠন বন্ধ কৰা, ফুটপাথ আৰু খোৱা পানীৰ ব্যৱস্থা কৰা, পশ্চিম কাৰ্বি আংলং জিলা ভিত্তিত বিভাগীয় কাৰ্যালয় স্থাপন কৰাকে ধৰি বহুকেইটা প্ৰতিশ্ৰুতি দাঙি ধৰা হৈছে ইস্তাহাৰখনত ৷

PPE Kit controversy: মুখ্যমন্ত্ৰীৰ পদত্যাগ দাবী আম আদমি পাৰ্টিৰ

৫০ হেজাৰ পি পি ই কিটৰ হিচাপ বিচাৰি সোমাবাৰে ৰাজ্যজুৰি বিক্ষোভ কাৰ্য্যসূচী ৰূপায়ণ কৰে আম আদমি পাৰ্টিয়ে (APP protest in Lakhimpur)। লখিমপুৰতো আম আদমি পাৰ্টিৰ লখিমপুৰ জিলা সমিতিয়ে বিক্ষোভ পালন কৰে । জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত বিক্ষোভ প্ৰদৰ্শন কৰি উত্তাল কৰি তোলে পৰিৱেশ । প্ৰতিবাদৰ জড়িয়তে পিপিই কিট কেলেংকাৰীৰ ওপৰত চি বি আইৰ তদন্তৰো দাবী কৰে আপে । পিপিই কিটৰ কেলেংকাৰীৰে ৰাজ্যবাসীক প্ৰতাৰণা কৰাৰ অভিযোগ কৰি ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পদত্যাগ দাবী কৰে প্ৰতিবাদকাৰীসকলে (PPE Kit controversy of Assam CM)।

আপত যোগ নিদিয়ে অখিল গগৈয়ে

আপত যোগদান নকৰে অখিল গগৈয়ে (Akhil Gogoi does not join AAP) ৷ আম আদমী পাৰ্টীৰ নেতৃত্বৰ সৈতে এক ব্যক্তিগত সু-সম্পৰ্ক আছে যদিও এই সম্পৰ্ক কেতিয়াও ৰাজনৈতিক হোৱা নাই । ৰাইজৰ দল এৰি কোনো দলত যোগদান কৰাৰ চিন্তা নাই কৰা বুলি মন্তব্য অখিল গগৈৰ ৷

সেৰফাংগুৰীৰ গুলীচালনাৰ ঘটনাত জড়িত মডেলসহ ছজনক গ্ৰেপ্তাৰ: ঘটনাৰ আঁৰত KLO !

কোকৰাঝাৰৰ এগৰাকী মডেল সহ ছজনক গ্ৰেপ্তাৰ (Six persons arrested accused of Kokrajhar firing incident)৷ কেএলঅ’ৰে সঘনে যোগাযোগ ৰক্ষা কৰাৰ তথ্য লাভৰ পিছতে আটক কৰা হৈছিল এগৰাকী মডেলসহ তেওঁৰ স্বামীক (Model accused of Kokrajhar firing)৷ পৰৱৰ্তী সময়ত তেওঁলোকক গ্ৰেপ্তাৰ কৰে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.