ETV Bharat / bharat

Waliullah sentenced to death: সন্ত্ৰাসবাদী ৱালিউল্লাহক মৃত্যুদণ্ডৰ ৰায় গাজিয়াবাদ আদালতৰ

author img

By

Published : Jun 6, 2022, 5:05 PM IST

সন্ত্ৰাসবাদী ৱালিউল্লাহক মৃত্যুদণ্ডৰ ৰায় । বাৰাণসীত সংঘটিত বিস্ফোৰণৰ গোচৰৰ ৰায় হিচাবে গাজিয়াবাদ আদালতে ঘোষণা কৰিছে এই মৃত্যদণ্ড ৷

Waliullah sentenced to death
সন্ত্ৰাসবাদী ৱালিউল্লাহক মৃত্যুদণ্ডৰ ৰায় গাজিয়াবাদ আদালতৰ

নিউজ ডেস্ক: সন্ত্ৰাসবাদী ৱালিউল্লাহৰ বিৰুদ্ধে অৱশেষত আদালতে জাৰি কৰিছে মৃত্যুদণ্ডৰ ৰায় (Waliullah sentenced to death)। সোমবাৰে গাজিয়াবাদ আদালতে কৰে এই ৰায়দান ৷ বাৰাণসী বিস্ফোৰণ গোচৰৰ ৰায় হিচাবে ৱালিউল্লাহক বিহা হৈছে মৃত্যদণ্ড ৷

উল্লেখ্য যে, ২০০৬ চনৰ ৭ মাৰ্চত বাৰাণসীৰ সংকট মোচন মন্দিৰ আৰু সেনানিবাস ৰেল ষ্টেচনত সংঘটিত হৈছিল ধাৰাবাহিক বিস্ফোৰণ(Multiple blasts in Varanasi) ৷ উক্ত বিস্ফোৰণত ২০ জন লোক নিহত হোৱাৰ লগতে ১০০ ৰো অধিক লোক আহত হৈছিল ।

বাৰাণসীৰ বিস্ফোৰণৰ ষোল্ল বছৰৰ পাছত সন্ত্ৰাসবাদী ৱালিউল্লাহ খানক দুটাকৈ গোচৰৰ ভিত্তিত গাজিয়াবাদৰ আদালতে(Ghaziabad court) দোষী সাব্যস্ত কৰিছিল আৰু সোমবাৰে ৱালিউল্লাহক মৃত্যদণ্ডৰ ৰায় প্ৰদান কৰে আদালতে ৷

লগতে পঢ়ক: পি এফ আইৰ বিৰুদ্ধে 16 টাকৈ গোচৰ ৰুজু অসম আৰক্ষীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.