ETV Bharat / city

Case against PFI: আৰক্ষীয়ে মিছা গোচৰ ৰুজু কৰাৰ অভিযোগ পি এফ আইৰ নেতাৰ

author img

By

Published : Jun 6, 2022, 5:42 PM IST

পপুলাৰ ফ্ৰন্ট অৱ ইণ্ডিয়া চমুকৈ পি এফ আইৰ বিৰুদ্ধে অসম আৰক্ষীয়ে দাখিল কৰা গোচৰক মিছা আৰু মনেসজা আখ্যা সংগঠনটোৰ ৷ পপুলাৰ ফ্রন্ট কেতিয়াও দেশৰ সংবিধান বিৰোধী কামত জড়িত নহয় ৷ বৰঞ্চ সংবিধান তথা গণতন্ত্ৰৰ প্ৰতি ভাবুকি সৃষ্টি কৰা অশুভ শক্তিবোৰৰ বিৰুদ্ধে পি এফ আয়ে সদায় আপোচহীনভাৱে মাত মাতি আহিছে (PFI activities in assam) বুলি উল্লেখ কৰে ৰবিউল হুছেইনে।

Case against PFI
Case against PFI

গুৱাহাটী, ৬ জুন : পপুলাৰ ফ্ৰন্ট অৱ ইণ্ডিয়া চমুকৈ পি এফ আই নামৰ সংগঠনটো জেহাদী কাৰ্যকলাপৰ লগত জড়িত থকাৰ অভিযোগত সংগঠনটোৰ বিৰুদ্ধে অসম আৰক্ষীয়ে ১৬ টা গোচৰ ৰুজু কৰিছে (Assam police register 16 cases against PFI)৷ লগতে সংগঠনটোৰ বিৰুদ্ধে কিছু বিস্ফোৰক অভিযোগ উত্থাপন কৰে আৰক্ষীৰ বিশেষ শাখাৰ এডিজিপি হীৰেন নাথে । এই বাতৰি প্ৰকাশৰ পিছতে পপুলাৰ ফ্ৰন্ট অফ ইণ্ডিয়াই সোমবাৰে দিছপুৰ প্ৰেছ ক্লাৱত সংবাদমেল সম্বোধন কৰি এই অভিযোগ মিছা বুলি মন্তব্য কৰে ।

সংগঠনটোৰ সাধাৰণ সম্পাদক ৰবিউল হুছেইনে প্রতিক্রিয়া ব্যক্ত কৰি কয় যে, এডিজিপি হীৰেন নাথে সংগঠনটোৰ ওপৰত যিবোৰ গোচৰ পঞ্জীয়ন কৰাৰ কথা উল্লেখ কৰিছে, প্ৰকৃততে সেই সকলোবোৰ গোচৰ মিছা আৰু মনেসজা । ইয়াৰ লগতে বাকী যিবোৰ বিষয় বা অভিযোগ তুলিছে আটাইবোৰেই ভিত্তিহীন আৰু অযুক্তিকৰ ।

কিয়নো পপুলাৰ ফ্রন্ট কেতিয়াও দেশৰ সংবিধান বিৰোধী কামত জড়িত নহয় ৷ বৰঞ্চ সংবিধান তথা গণতন্ত্ৰৰ প্ৰতি ভাবুকি সৃষ্টি কৰা অশুভ শক্তিবোৰৰ বিৰুদ্ধে সদায় আপোচহীনভাৱে মাত মাতি আহিছে (PFI activities in Assam)। বর্তমানেও ৰাষ্ট্ৰব্যাপী সংগঠনটোৰ "গণৰাজ্য বচাওক" শীর্ষক এক প্রচাৰভিযান অব্যাহত আছে বুলি মন্তব্য কৰে সম্পাদক হুছেইনে ।

আৰক্ষীয়ে মিছা গোচৰ ৰুজু কৰাৰ অভিযোগ পি এফ আইৰ নেতাৰ

তেওঁ এডিজিপি হীৰেন নাথ আৰু মুখ্যমন্ত্ৰীক প্ৰত্যাহ্বান জনায় কয় যে, পি এফ আই জেহাদী কাৰ্যকলাপৰ লগত জড়িত থকাৰ কি প্ৰমাণ আছে দিয়ক । হীৰেন নাথে মুখ্যমন্ত্ৰীৰ হাতৰ পুতলা হৈ কাম কৰি আছে বুলিও মন্তব্য কৰে হুছেইনে । এডিজিপিয়ে যিসমূহ গোচৰ সংগঠনটোৰ বিৰুদ্ধে পঞ্জীয়ন কৰিছে সেইসমূহ মিছা আৰু মনেসজা (Assam PFI denies police's complain) ।

তেওঁ কয় য়ে, পি এফ আই কেতিয়াও দেশৰ সংবিধান বিৰোধী কামত জড়িত হোৱা নাই । জেহাদী অথবা কোনো সন্ত্ৰাসবাদক প্ৰশ্ৰয় নিদয়ে সংগঠনটোৱে । জেহাদীৰ সৈতে জড়িত থকাৰ প্ৰমাণ দিয়ক । পি এফ আয়ে কেৱল মুছলমান পিছপৰা লোক সকলৰ উন্নয়নৰ স্বাৰ্থত কাম কৰিছে ৷

উল্লেখ্য যে, পপুলাৰ ফ্ৰন্ট অৱ ইণ্ডিয়া চমুকৈ পি এফ আইৰ বিৰুদ্ধে দেওবাৰে 16 টাকৈ গোচৰ ৰুজু কৰিছে অসম আৰক্ষীয়ে (Assam police register 16 cases against PFI) ৷ ৰাজ্যখনত সক্ৰিয় হৈ থকা এনে ধৰণৰ আন গোটবোৰৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিছে আৰক্ষীয়ে ৷ আৰক্ষীৰ এগৰাকী শীৰ্ষ বিষয়াই বাংলাদেশৰ সন্ত্ৰাসবাদী গোটৰ সৈতে পি এফ আইৰ সম্পৰ্ক থকাৰ অভিযোগ কৰিছে(PFI activities in assam) ৷

বিশেষ শাখাৰ এ ডি জি পি হীৰেন নাথে জনোৱা মতে, সংগঠনটোৰ বিৰুদ্ধে বাকী গোচৰৰ তদন্ত চলি থকাৰ সময়তে 12 টা গোচৰৰ অভিযোগনামা দাখিল কৰা হৈছে ৷ তেওঁ লগতে কয় যে, আৰক্ষীয়ে যোৱা 15 এপ্ৰিলত বৰপেটাত এটা গোচৰ দাখিল কৰিছিল আৰু বাংলাদেশৰ আনচাৰুল্লা বাংলা সংগঠনৰ মকিবুল হুছেইনসহ 16 জনক গ্ৰেপ্তাৰ কৰিছিল (Maqibul Hussain arrest news) ৷ জেৰাৰ সময়ত মকিবুল হুছেইনে জেৰাৰ সময়ত স্বীকাৰ কৰিছিল যে, তেওঁ পি এফ আইৰ বৰপেটা জিলা শাখাৰ সভাপতি ৷

আৰক্ষী বিষয়াগৰাকীয়ে কয় যে, পি এফ আই কৰ্মীসকলে অসমৰ দহখন জিলাত কাম কৰি আছে ৷ তেওঁ কয়, ‘‘আমি পি এফ আইৰ কাম-কাযৰ ওপৰত চোক দৃষ্টি ৰাখিছোঁ’’ ৷ অসমৰ সৈতে সম্পৰ্ক নথকা কেতবোৰ বিষয় উত্থাপন কৰি সেইবোৰত ধৰ্মীয় আবেগ জগাই তুলিবলৈ ৰাজ্যখনত সংগঠনটোৱে চেষ্টা চলাই আহিছে ৷ অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ইতিপূৰ্বে কেন্দ্ৰীয় চৰকাৰক পি এফ আই নামৰ সংগঠনটোক নিষিদ্ধ ঘোষণা কৰাৰ লগতে তেওঁলোকৰ বেংক একাউন্ট বন্ধ কৰিবলৈ আহ্বান জনাইছিল (Bangladesh based Ansarullah Bangla Team) ৷

লগতে পঢ়ক : পি এফ আইৰ বিৰুদ্ধে 16 টাকৈ গোচৰ ৰুজু অসম আৰক্ষীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.