ETV Bharat / state

সেৰফাংগুৰীৰ গুলীচালনাৰ ঘটনাত জড়িত মডেলসহ ছজনক গ্ৰেপ্তাৰ: ঘটনাৰ আঁৰত KLO !

author img

By

Published : Jun 6, 2022, 1:03 PM IST

Updated : Jun 6, 2022, 2:58 PM IST

কোকৰাঝাৰৰ এগৰাকী মডেল সহ ছজনক গ্ৰেপ্তাৰ (Six persons arrested accused of Kokrajhar firing incident)৷ কেএলঅ’ৰে সঘনে যোগাযোগ ৰক্ষা কৰাৰ তথ্য লাভৰ পিছতে আটক কৰা হৈছিল এগৰাকী মডেলসহ তেওঁৰ স্বামীক (Model accused of Kokrajhar firing)৷ পৰৱৰ্তী সময়ত তেওঁলোকক গ্ৰেপ্তাৰ কৰে ৷

Six persons arrested accused of Kokrajhar firing incident
Six persons arrested accused of Kokrajhar firing incident

কোকৰাঝাৰ, 6 জুন : তীব্ৰ চাঞ্চল্য সৃষ্টিকাৰী সেৰফাংগুৰী গুলীচালনাৰ ঘটনাই লৈছে নতুন মোৰ (Serfanguri firing incident) । সেৰফাংগুৰীৰ গুলী চালনাৰ ঘটনাৰ সৈতে নিষিদ্ধ ঘোষিত সংগঠন কেএলঅ'ৰ নাম সাঙোৰ খাই পৰিছে (KLO involved in Serfanguri firing)। ইতিমধ্যে আৰক্ষীৰ হাতত পৰিছে ব্যৱসায়ী সুনীল মণ্ডলৰ গুলীচালনাৰ ঘটনাৰ সবিশেষ তথ্য ৷ কোকৰাঝাৰ আৰক্ষীয়ে কেএলঅ'ক পৰোক্ষ আৰু প্ৰত্যক্ষভাৱে সহায় কৰা তথা নিষিদ্ধ ঘোষিত সংগঠনটোৰ সৈতে সঘনে যোগাযোগ ৰখাৰ অভিযোগত এগৰাকী মডেলসহ ছজনক গ্ৰেপ্তাৰ কৰিছে ।

Six persons arrested accused of Kokrajhar firing incident
সেৰফাংগুৰী গুলীচালনাৰ ঘটনাৰ আঁৰত KLO

সেৰফাংগুৰীৰ নাৰাবাৰীত ব্যৱসায়ী সুনীল মণ্ডলৰ ওপৰত গুলীচালনাৰ ঘটনা সংঘটিত হোৱাৰ পিছতে আৰক্ষীয়ে শনিবাৰে নিশাৰ ভাগতে উত্তম ৰায় আৰু মৃদুল ৰায়ক আটক কৰিছিল ৷ দেওবাৰে আৰক্ষীয়ে পুনৰ গৌৰ চন্দ্ৰ ৰায় (নাৰাবাৰী), নিৰ্মল দাস (চৰাইখোলা), কোকৰাঝাৰৰ এগৰাকী মডেল আৰু তেওঁৰ স্বামীক আটক কৰে । সোধা-পোচা কৰাৰ অন্তত ছজনক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে ৷

সেৰফাংগুৰীৰ গুলীচালনাৰ ঘটনাত জড়িত মডেলসহ ছজনক গ্ৰেপ্তাৰ

উল্লেখ্য যে, গৌৰ চন্দ্ৰৰ ককায়েক নীতু ৰায় এগৰাকী কেএলঅ'ৰ সদস্য আৰু ব্যৱসায়ী সুনীল মণ্ডলৰ গুলীচালনাৰ ঘটনাত নীতু ৰায় জড়িত আছিল বুলি আৰক্ষীয়ে তথ্য লাভ কৰিছে (Six persons arrested accused of Kokrajhar firing incident) ।

আনহাতে, গৌৰ চন্দ্ৰ ৰায়ে ঘটনাৰ দিনা পৰিৱেশ-পৰিস্থিতি আৰু স্থান সন্দৰ্ভত নীতু ৰায়ক অৱগত কৰি আছিল ৷ ইফালে সমগ্ৰ ঘটনাটো কেএলঅ'ৰ দুৰ্ধৰ্ষ সদস্য পাৰ্থ প্ৰতিম বৰ্মন ওৰফে বাপ্পা ওৰফে পাভেলৰ নিৰ্দেশনাত সংঘটিত হৈছিল বুলি আৰক্ষীয়ে তথ্য লাভ কৰিছে । কেএলঅ'ৰ দুধৰ্ষ সদস্য পাৰ্থ প্ৰতিম বৰ্মন ওৰফে বাপ্পা ওৰফে পাভেলৰ সৈতে সঘনে যোগাযোগ ৰাখিছিল চৰাইখোলা নিৱাসী তথা প্ৰাক্তন কেএলঅ' নিৰ্মল দাসে ।

Six persons arrested accused of Kokrajhar firing incident
সেৰফাংগুৰীৰ গুলীচালনাৰ ঘটনাত জড়িত মডেলসহ ছজনক গ্ৰেপ্তাৰ

আৰক্ষীয়ে এনে নিশ্চিত তথ্য লাভ কৰাৰ পিছতে প্ৰাক্তন কেএলঅ' সদস্য নিৰ্মল দাসক গ্ৰেপ্তাৰ কৰিছে । ইপিনে কেএলঅ'ৰ দুধৰ্ষ সদস্য পাৰ্থ প্ৰতিম বৰ্মন ওৰফে বাপ্পা ওৰফে পাভেলে নিজৰ ভনীয়েক তথা মডেল আৰু ভনীজোঁৱাই তথা কোকৰাঝাৰৰ এগৰাকী ব্যৱসায়ীৰে সঘনে যোগাযোগ ৰক্ষা কৰাৰ তথ্য লাভ কৰি আৰক্ষীয়ে তেওঁলোককো সোধপোছৰ অন্তত গ্ৰেপ্তাৰ কৰা বুলি জানিব পৰা গৈছে ।

আৰক্ষীয়ে ঘটনা সংক্ৰান্তত ইতিমধ্যে মডেলসহ ছজনক গ্ৰেপ্তাৰ কৰাত কোকৰাঝাৰত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ।

ইপিনে আৰক্ষীয়ে ছজনক গ্ৰেপ্তাৰ কৰাৰ লগতে কোকৰাঝাৰ সদৰ থানাত ভাৰতীয় দণ্ডবিধি আইনৰ 120বি/ 121এ/ 122/ 323/ 307/ 384/ 387 আৰু আৰডব্লিউ 27/ (1এ)/ 27 (1বি)ৰ লগতে ইউ এ পি এ আইনৰ অধীনত 23/2022 নম্বৰত এটা গোচৰ ৰজু কৰিছে । আৰক্ষীয়ে অতি শীঘ্ৰে সমগ্ৰ অপৰাধী চক্ৰটোক উৎখাত কৰিবলৈ সক্ষম হ’ব বুলি আশা প্ৰকাশ কৰিছে ।

লগতে পঢ়ক: Kokrajhar firing incident: ব্যৱসায়ীক আক্ৰমণ কৰাৰ সন্দেহত দুই যুৱকক আটক

Last Updated : Jun 6, 2022, 2:58 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.