ETV Bharat / state

Kokrajhar firing incident: ব্যৱসায়ীক আক্ৰমণ কৰাৰ সন্দেহত দুই যুৱকক আটক

author img

By

Published : Jun 5, 2022, 1:10 PM IST

কোকৰাঝাৰ গুলীচালনা ঘটনাত জড়িত থকাৰ সন্দেহত দুজন যুৱকক আৰক্ষীয়ে আটক কৰিছে (Two detained on Kokrajhar firing case)। এজন কেএলঅ'ৰ (KLO) সদস্য বুলি আৰক্ষীৰ সূত্ৰত প্ৰকাশ পাইছে । সম্প্ৰতি যুৱক দুজনক আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে । শনিবাৰে নিশা দুৰ্বৃত্তৰ গুলীত আঘাতপ্ৰাপ্ত হৈছিল এজন ব্যৱসায়ী ।

Kokrajhar firing incident
ব্যৱসায়ীক আক্ৰমণ কৰাৰ সন্দেহত দুই যুৱকক আটক

কোকৰাঝাৰ,৫ জুন : কোকৰাঝাৰৰ সেৰফাংগুৰীত সংঘটিত গুলীচালনাৰ ঘটনাক লৈ তদন্ত প্ৰক্ৰিয়া ক্ষিপ্ৰতৰ কৰিছে আৰক্ষীয়ে (Police probe into Kokrajhar firing incident)। নিশা সংঘটিত গুলীচালনা ঘটনা সন্দৰ্ভত ইতিমধ্যে আৰক্ষীয়ে আটক কৰিছে দুই যুৱকক (Two detained on Kokrajhar firing case)। ঘটনাৰ পাছতে নিশাই আৰক্ষীয়ে সেৰফাংগুৰী আৰু ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলত অভিযান চলাই যুৱক দুজনক আটক কৰিবলৈ সক্ষম হয় ৷

আটকাধীন যুৱক দুজন ক্ৰমে কচুগাঁৱৰ মৃদুল ৰায় আৰু নাৰাবাৰীৰ উত্তম ৰায় বুলি জানিব পৰা গৈছে ৷ ইয়াৰে উত্তম ৰায় উগ্ৰপন্থী সংগঠন কেএলঅ'ৰ (KLO) সদস্য বুলি আৰক্ষীৰ সূত্ৰত প্ৰকাশ পাইছে । সম্প্ৰতি যুৱক দুজনক আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে ।

অতিৰিক্ত আৰক্ষী অধীক্ষক সুৰজিৎ সিং পানেছাৰ

উল্লেখ্য যে নিশা প্ৰায় ৮.৩০ মান বজাত সংঘটিত হয় উক্ত গুলীচালনাৰ ঘটনাটো (Kokrajhar firing incident)। নাৰাবাৰীত দুৰ্বৃত্তৰ এটা দলে সুনীল মণ্ডল নামৰ ব্যৱসায়ীজনক লক্ষ্য কৰি গুলীচালনা কৰে য'ত গুলীবিদ্ধ হয় ব্যৱসায়ীজন (Businessman injured in Kokrajhar)। গেলামালৰ দোকানত বহি থকা অৱস্থাতে ব্যৱসায়ীজনক লক্ষ্য কৰি গুলীচালনা কৰি পলায়ন কৰে দুৰ্বৃত্তৰ দলটো ৷

দুৰ্বৃত্তৰ গুলীত বুকুত গুলী লাগে ব্যৱসায়ীজনৰ । পৰিয়ালৰ লোকে দাবী কৰা মতে দুৰ্বৃত্তৰ দলটোৱে ধনদাবী কৰিছিল ব্যৱসায়ীজনক । ইয়াৰ পাছতে জিলাখনৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সুৰজিৎ সিং পানেছাৰৰ নেতৃত্বত কোকৰাঝাৰ আৰক্ষীয়ে দুৰ্বৃত্তৰ দলটোক বিচাৰি অভিযান চলায় । অভিযানৰ অন্তত এই ঘটনাৰ লগতে জড়িত থকাৰ সন্দেহত যুৱক দুজন আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয় ।

লগতে পঢ়ক :কোকৰাঝাৰত দুৰ্বৃত্তৰ গুলীচালনাত আহত ব্যৱসায়ী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.