ETV Bharat / state

আপত যোগ নিদিয়ে অখিল গগৈয়ে

author img

By

Published : Jun 6, 2022, 2:11 PM IST

আপত যোগদান নকৰে অখিল গগৈয়ে (Akhil Gogoi does not join AAP) ৷ আম আদমী পাৰ্টীৰ নেতৃত্বৰ সৈতে এক ব্যক্তিগত সু-সম্পৰ্ক আছে যদিও এই সম্পৰ্ক কেতিয়াও ৰাজনৈতিক হোৱা নাই । ৰাইজৰ দল এৰি কোনো দলত যোগদান কৰাৰ চিন্তা নাই কৰা বুলি মন্তব্য অখিল গগৈৰ ৷

Akhil Gogoi does not join AAP
Akhil Gogoi does not join AAP

শিৱসাগৰ, 6 জুন: ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে 'আম আদমী পাৰ্টি'ত যোগদান কৰিব বুলি প্ৰচাৰ হোৱা বাতৰি সম্পূৰ্ণ মিছা আখ্যা অখিল গগৈৰ । ইতিমধ্যে সামাজিক মাধ্যমত এই বাতৰি বিয়পি পৰাৰ লগতে বহু ৰাজনৈতিক নেতাই এনে যোগদানৰ সন্দৰ্ভত মতামত প্ৰদান কৰিছিল । কিন্তু সোমবাৰে শিৱসাগৰত সংবাদ মাধ্যমৰ আগত এনে প্ৰচাৰ ভিত্তিহীন বুলি ঘোষণা কৰে অখিল গগৈয়ে (Akhil Gogoi does not join AAP) ।

বিধায়ক গৰাকীয়ে কয় যে, আম আদমী পাৰ্টীৰ নেতৃত্বৰ সৈতে এক ব্যক্তিগত সু-সম্পৰ্ক আছে যদিও এই সম্পৰ্ক কেতিয়াও ৰাজনৈতিক হোৱা নাই । যদিও আম আদমি পাৰ্টীৰ জন্মলগ্নৰ পৰাই অখিল গগৈ তেওঁলোকৰ লগত আছে, তথাপি কেতিয়াও ৰাজনৈতিকভাৱে তেওঁলোকৰ লগত একত্ৰিত হোৱাৰ চিন্তা কৰা নাই বুলি উল্লেখ কৰে বিধায়কগৰাকীয়ে ।

‘‘ৰাইজৰ দল এক আঞ্চলিক-জাতীয়তাবাদী শক্তি আৰু ইয়াৰ লক্ষ্য বিজেপিক উৎখাত কৰা । এনে স্বাৰ্থত দৰকাৰ হ'লে সকলোৰে সহায় ল’ম কিন্তু ৰাইজৰ দল এৰি কোনো দলত যোগদান কৰাৰ চিন্তা নাই কৰা ।’’ বুলি মন্তব্য কৰে অখিল গগৈয়ে ৷

আপত যোগ নিদিয়ে অখিল গগৈয়ে

আনহাতে, ৰাজ্যৰ পিপিই কিট কেলেংকাৰীৰ অভিযোগক লৈ চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ পৰে বিধায়ক গগৈ (Akhil Gogoi on PPE kit scam)। তেওঁ এই কেলেংকাৰীৰ এক উচ্চস্তৰীয় তদন্তৰ দাবী কৰি কয় যে, ক’ভিডৰ নামত হোৱা সকলো বিত্তীয় অনিয়মৰ তদন্ত হোৱা উচিৎ । দ্য ক্ৰছ কাৰেণ্ট আৰু দ্য ৱায়াৰৰ যৌথ অনুসন্ধানত শেহতীয়াকৈ মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকি ভূঞা শৰ্মাৰ কোম্পানীয়ে ক'ভিড পৰিস্থিতিত পি পি ই কিট অধিক দামত চৰকাৰক যোগান ধৰাৰ তথ্য ফাদিল হৈছে (Allegation of scam against Riniki Bhuyan)।

অভিযোগ মতে, ক'ভিডৰ সময়ত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই তেতিয়াৰ স্বাস্থ্যমন্ত্ৰী হৈ থকা সময়ছোৱাত ক'ভিডৰ নামত বৃহৎ কেলেংকাৰী সংঘটিত কৰিছিল । যাৰ তথ্য এতিয়া স্পষ্টভাৱে আৰ টি আইত উন্মোচিত হৈছে । মুখ্যমন্ত্ৰীয়ে নিজৰ পত্নীৰ মালিকানাধীন JCB ইণ্ডাষ্ট্ৰীজক এসপ্তাহ পূৰ্বেই জৰুৰীকালীনভাৱে PPE কিটৰ যোগানৰ ঠিকা প্ৰদান কৰিছিল (Assam PPE kit scam)৷

আনহাতে, নৰ্থ ইষ্টাৰ্ণ ছাৰ্জিকেল ইণ্ডাষ্ট্ৰীজক(North Eastern Surgical Industries) ৬০০ টকা দৰত PPE কিটৰ যোগান ধৰিবলৈ দিয়া হৈছিল । একেটা দিনতে ৰিণিকি ভূঞা শৰ্মাক কিয় ৬৫ শতাংশ বেছি দৰত PPE কিটৰ যোগানৰ ঠিকা দিয়াৰ কথা অভিযোগ উল্লেখ ৷

ইয়াৰোপৰি আন এক তথ্য মতে, এন এইচ এমে মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠ ঘনশ্যাম ধানুকাৰ জি আৰ ডি ফাৰ্মাচিউটিকেলছৰ পৰা 431 শতাংশ অধিক দামত চেনিটাইজাৰ ক্ৰয় কৰিছিল । ইফালে এন এইচ এমে 500 মিলি লিটাৰৰ চেনিটাইজাৰৰ বটল অনয় কোম্পানীৰ পৰা মাত্ৰ 94.40 টকা দৰত ক্ৰয় কৰিছিল যদিও সেই একেই ছেনিটাইজাৰ ধনুকাৰ কোম্পানীৰ পৰা ক্ৰয় কৰিছিল 231.87 টকা দৰত । এই সকলোবোৰ অভিযোগৰ ক্ষীপ্ৰ তদন্তৰ দাবী কৰিছে বিৰোধী দল-সংগঠন সমূহে ৷

লগতে পঢ়ক : PPE Kit Scam: কেলেংকাৰীক লৈ কি ক'লে মন্ত্ৰী পীযুষ হাজৰিকাই ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.