ETV Bharat / bharat

কাথা নিৰ্মাণ কাৰখানাত বয়লাৰ বিস্ফোৰণ; নিহত ২ আহত ১০ তকৈ অধিক - Boiler blast in factory

author img

By ETV Bharat Assamese Team

Published : May 16, 2024, 12:29 PM IST

Boiler blast in Haryana : হাৰিয়ানাৰ শোণিপতত কাথা নিৰ্মাণ কাৰখানাত বয়লাৰ বিস্ফোৰণ হয় । ফলত দুজন লোকৰ মৃত্যু হোৱাৰ লগতে ১০ জনতকৈ অধিক লোক আহত হয় ৷

Boiler blast in Haryana
কাথা নিৰ্মাণ কাৰখানাত বয়লাৰ বিস্ফোৰণ (ETV Bharat)

কাথা নিৰ্মাণ কাৰখানাত বয়লাৰ বিস্ফোৰণ (ETV Bharat)

নেশ্যনেল ডেস্ক, ১৬ মে’ : হাৰিয়ানাত অঘটন ৷ হাৰিয়ানাৰ শোণিপত কুণ্ডলী থানাৰ অন্তৰ্গত এটা কাথা নিৰ্মাণ কৰা কোম্পানীত বুধবাৰে নিশা বয়লাৰ বিস্ফোৰণ ঘটে । যাৰ ফলত দুজন লোকৰ থিতাতে মৃত্যু হয় ৷ আনহাতে, এই বিস্ফোৰণত ১০ জনতকৈ অধিক লোক আহত হোৱা বুলি জানিব পৰা হৈছে ।

তথ্য অনুসৰি, এই দুৰ্ঘটনা সংঘটিত হোৱাৰ সময়ত শ্ৰমিকসকলে কাৰখানাটোতে কাম কৰি আছিল । এই বিস্ফোৰণ ইমানেই ভয়াৱহ আছিল যে ওচৰতে নিৰ্মাণৰত অৱস্থাত থকা বহু অট্টালিকাৰো ক্ষতিসাধন হয় ৷ এই বিস্ফোৰণৰ ফলতে এটা অট্টালিকা ভাঙি পৰাৰো খবৰ পোৱা গৈছে ৷ আনকি, খহি পৰা অট্টালিকাৰ ধ্বংসাৱশেষৰ তলত বহু লোক পোত যোৱা বুলিও খবৰ লাভ কৰা হৈছে ।

শোণিপতৰ কাথা কোম্পানীত বয়লাৰ বিস্ফোৰণ :

শেহতীয়াকৈ লাভ কৰা তথ্য অনুসৰি, এই দুৰ্ঘটনাত ২ জনৰ মৃত্যু হৈছে ৷ ইয়াৰ উপৰিও কোম্পানীটোত কৰ্মৰত ১০ জনতকৈ অধিক লোক আহত হৈছে । আহত লোকসকলৰ চিকিৎসা নাৰেলাৰ ৰাজা হৰিশ চন্দ্ৰ চিকিৎসালয়ত চলি আছে বুলি জানিব পৰা গৈছে ।

ইফালে ঘটনাৰ বিষয়ে খবৰ লাভ কৰাৰ পাচতে উক্ত স্থানত অগ্নিনিৰ্বাপক বাহিনীৰ বাহন আৰু নিৰাপত্তাৰক্ষী উপস্থিত হয় ৷ তাৰ পাচতে উদ্ধাৰ অভিযানত নামি পৰে সকলো ৷

১৫ জনতকৈ অধিক আহত :

দহিয়া কলনীত অৱস্থিত শ্ৰী গণেশ নামৰ এটা কাৰখানাত কাথা তৈয়াৰ কৰা হয় । হঠাৎ এই কাৰখানাটোত বয়লাৰ বিস্ফোৰণ হয় । যাৰ ফলত ২ জন লোকৰ মৃত্যু হোৱাৰ লগতে ১৫ জনতকৈ অধিক লোক আহত হয় ।

লগতে পঢ়ক :

ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ গ’ল ৮ জনৰ - Road accident

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.