ETV Bharat / state

কলগাছিয়াৰ এখন বিদ্যালয়ৰ ৰান্ধনীঘৰত সংঘটিত অগ্নিকাণ্ডকলৈ প্ৰতিক্ৰিয়া

author img

By

Published : Jun 6, 2022, 6:19 PM IST

কলগাছিয়াৰ বৰভিটা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ৰান্ধনীঘৰত হোৱা এক অগ্নিকাণ্ডৰ ফলত সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ (Reaction to school kitchen fire in Kalgachia) ৷ ৰান্ধনীঘৰটোৰ লগত থকা দোকানৰ পৰা নাইবা কোনো ছাত্ৰই বিড়ি বা চিগাৰেট খাই অৱশিষ্ট অংশ পেলাই দিয়াৰ ফলতেই অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱাৰ সন্দেহ ৷

Fire Incident at Barbhitha Higher Secondary School
কলগাছিয়াৰ এখন বিদ্যালয়ৰ ৰান্ধনীঘৰত সংঘটিত হোৱা অগ্নিকাণ্ডকলৈ তীব্ৰ প্ৰতিক্ৰিয়া

জনিয়া, 6 জুন: কলগাছিয়াৰ বৰভিটা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ৰান্ধনীঘৰত এক অগ্নিকাণ্ড সংঘটিত হয় (Fire Incident at Barbhitha Higher Secondary School) ৷ এই অগ্নিকাণ্ডৰ ফলত বিদ্যালয়খনৰ পুথিভঁৰালৰ কিতাপৰ লগতে কিছুমান নথি-পত্ৰ জাহ যায় । অৱশ্যে অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱাৰ লগে লগে জুই নিৰ্বাপন কৰিবলৈ সক্ষম হোৱাত কথমপি ৰক্ষা পৰে সমগ্ৰ বিদ্যালয়খন ৷

পিছে ঘটনাকলৈ বিদ্যালয়খনত সম্প্ৰতি সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ ৷ কিয়নো ৰান্ধনীঘৰটোত বিদ্যালয়ৰ বিভিন্ন গুৰুত্বপূৰ্ণ কাগজ-পত্ৰৰ লগতে ছাত্ৰ-ছাত্ৰীৰ কিতাপ পত্ৰ, মূল্যালয়নৰ বহী আছিল । কি কাৰণত এই গুৰুত্বপূৰ্ণ কাগজ-পত্ৰসমূহ বিদ্যালয় কৰ্তৃপক্ষই ৰান্ধনীঘৰত ৰাখিছিল আৰু কেনেকৈ এই অগ্নিকাণ্ড সংঘটিত হ’ল তাক লৈও এতিয়া প্ৰশ্ন উত্থাপন কৰিছে স্থানীয় ৰাইজে ।

কলগাছিয়াৰ এখন বিদ্যালয়ৰ ৰান্ধনীঘৰত সংঘটিত হোৱা অগ্নিকাণ্ডকলৈ তীব্ৰ প্ৰতিক্ৰিয়া

ইফালে, ৰান্ধনীঘৰটোৰ গাতে লাগি থকা দোকানৰ পৰা নাইবা কোনো ছাত্ৰই বিড়ি বা চিগাৰেট খাই অৱশিষ্ট অংশ পেলাই দিয়াৰ ফলতেই অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে বিদ্যালয়খনৰ প্ৰধান শিক্ষকগৰাকীয়ে ।

আনহাতে, বিদ্যালয়ত থকা নথি-পত্ৰ বা ছাত্ৰ ছাত্ৰীৰ প্ৰেক্টিকেলৰ বহী বা মূল্যায়ন বহী ৰন্ধন কাৰ্যৰ জুই জ্বলোৱাত ব্যাৱহাৰ কৰা হয় বুলি অভিযোগ উত্থাপন কৰে স্থানীয় ৰাইজে (Allegations against school authorities)। এইক্ষেত্ৰত তদন্ত মৰ্মে বিহীত ব্যৱস্থা গ্ৰহণ কৰিবলৈও দাবী উত্থাপন কৰিছে ৰাইজে ।

লগতে পঢ়ক: লখিমপুৰত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অস্থায়ী কৰ্মচাৰীৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.