ETV Bharat / state

ডাক্তৰ অথবা অভিযন্তা নহয়, দক্ষ খেলুৱৈ হোৱাৰ সপোন অনন্যাৰ - CBSE Result 2024

author img

By ETV Bharat Assamese Team

Published : May 16, 2024, 12:18 PM IST

CBSE Class X Results 2024 : অনন্যাৰ সপোন ব্যতিক্ৰম । CBSE দশম শ্ৰেণীৰ পৰীক্ষাত ৯৩.৫ শতাংশ লাভ কৰা অনন্যাই সপোন দেখিছে এগৰাকী খেলুৱৈ হোৱাৰ ।

CBSE Class X Results 2024
অনন্যাৰ সপোন ব্যতিক্ৰম (ETV Bharat Assam)

CBSE Class X Results 2024
অনন্যাৰ সপোন ব্যতিক্ৰম (ETV Bharat Assam)

সৰুপথাৰ, ১৬ মে’ : দশম শ্ৰেণী উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীক যদি প্ৰশ্ন কৰে ভৱিষ্যতে কি হ'বা বুলি, তেতিয়া তেওঁলোকৰ পোনপটীয়া উত্তৰ থাকে চিকিৎসক, অভিযন্তা, প্ৰশাসনিক বিষয়া, অধ্যাপক অথবা শিক্ষক হ’ম বুলি । কিন্তু ইয়াৰে মাজত কিছু ব্যতিক্ৰম অনন্যাৰ সপোন ৷ CBSE দশম শ্ৰেণীৰ পৰীক্ষাত ৯৩.৫ শতাংশ লাভ কৰা অনন্যা শইকীয়াৰ মন এগৰাকী ভাল খেলুৱৈ হোৱাৰ ।

আমি উল্লেখ কৰা অনন্যা শইকীয়া হৈছে সৰুপথাৰ খনিকৰ গাঁৱৰ ভোগেশ্বৰ শইকীয়া আৰু ৰঞ্জুমণি শইকীয়াইৰ কন্যা ৷ গোলাঘাট নবোদয় বিদ্যালয়ৰ পৰা এইবাৰ অনন্যাই CBSE দশম শ্ৰেণীৰ পৰীক্ষাত ভাল ফলাফল দেখুৱাই অঞ্চলটোলৈ কঢ়িয়াই আনিছে গৌৰৱ ৷

ভোগেশ্বৰ আৰু ৰঞ্জুমণিৰ কন্যা অনন্যা শইকীয়াই পঢ়শুনাৰ লগতে ক্ৰীড়া জগততো সমানে দেখুৱাবলৈ সক্ষম হৈছে নিজৰ পাৰদৰ্শিতা । এই ক্ষেত্ৰত অনন্যাক আগবঢ়াই নিয়াত পিতৃ-মাতৃয়ে প্ৰতিটো দিশতে সহযোগিতা আগবঢ়াইছে । এই কথা সংবাদ মাধ্যমৰ আগত সদৰী কৰিছে অনন্যাই ৷

জানিব পৰা মতে, অনন্যাই সমৰকলা পেঞ্চাক চিলাটৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাত পদক লাভ কৰিবলৈও সক্ষম হৈছে । কাশ্মীৰ, হাৰিয়ানা, মহাৰাষ্ট্ৰ, নগালেণ্ড ইত্যাদি ঠাইত অংশগ্ৰহণ কৰি পদক আজুৰি আনিবলৈ সক্ষম হৈছে অনন্যাই ।

ইয়াৰোপৰি নৰ্থ ইষ্ট পেঞ্চাক চিলাত চেম্পিয়নশ্বিপত অংশগ্ৰহণ কৰি সোণৰ পদক পাবলৈ সক্ষম হৈছিল । সদ্যসমাপ্ত নগালেণ্ডৰ ডিমাপুৰত অনুষ্ঠিত তৃতীয় নৰ্থ ইষ্ট গেমচ ২০২৪ ত ৰেগু আৰু টুংগল শাখাত দুটাকৈ ৰূপৰ পদকেৰে সুনাম কঢ়িয়াই আনিছে অনন্যাই ।

অনন্যাই ভৱিষ্যতে খেলৰ দিশতেই আগবাঢ়ি যোৱাৰ সপোন দেখিছে । যিখন সৰুপথাৰৰ পৰা লাভলীনাৰ দৰে খেলুৱৈ অলিম্পিকত জয়ী হৈ বিশ্বৰ বুকুত জিলিকিছে ৷

লগতে পঢ়ক :

ৰিলায়েন্স ফাউণ্ডেশ্যন ইয়ং চেম্পছৰ ফুটবল প্ৰশিক্ষণৰ বাবে নিৰ্বাচিত নিবিড় শইকীয়া - footballer Nibir Saikia

পিতৃয়েই প্ৰশিক্ষক; কন্যাই আকাশ স্পৰ্শ কৰাৰ সপোন নেদেখিবই বা কিয় - ASSAM HS RESULT 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.