পিতৃয়েই প্ৰশিক্ষক; কন্যাই আকাশ স্পৰ্শ কৰাৰ সপোন নেদেখিবই বা কিয় - ASSAM HS RESULT 2024 - ASSAM HS RESULT 2024

🎬 Watch Now: Feature Video

thumbnail
এথেনাৰ ভাষ্য (ETV BHARAT ASSAM)

By ETV Bharat Assamese Team

Published : May 11, 2024 at 2:27 PM IST

1 Min Read
Choose ETV Bharat

আমগুৰি, ১১ মে’ : সদ্যঘোষিত উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈছে আন্তঃৰাষ্ট্ৰীয় এগৰাকী খেলুৱৈ ৷ নাম এথেনা চেতিয়া, উশ্বু-কিক বক্সিং-কুংফু কিহত পাৰ্গত নহয় এথেনা ৷ এথেনা চেতিয়াই ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বহুকেইটা সোণৰ পদক লাভ কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে ।

নামতিৰ নিপেন চেতিয়াৰ কন্যা এথেনা ৫ বছৰ বয়সৰ পৰাই খেলৰ লগত জড়িত । পিতৃৰ পদাংক অনুসৰণ কৰি এথেনাই লাভ কৰিছে ইটোৰ পাচত সিটো সাফল্য ৷ সদ্যঘোষিত উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত ৫ টা বিষয়ত লেটাৰ মাৰ্কসহ ষ্টাৰ মাৰ্ক লাভ কৰিবলৈ সক্ষম হৈছে এথেনা ।

এথেনা চেতিয়াই ২০১৫ চনত উশ্বু-কুংফুত সোণৰ পদক, ২০১৬ চনত কিক বক্সিংত সোণৰ পদক, ২০১৭ চনত ধাৰাবাহিকভাৱে তিনিবাৰকৈ সোণৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে । ভৱিষ্যতে প্ৰশাসনিক বিষয়া হোৱাৰ লগতে আৰু বহু সপোন পুহি ৰখা এথেনা চেতিয়াই সমৰ কলাতো নিজকে প্ৰতিষ্ঠা কৰাৰ ইচ্ছা প্ৰকাশ কৰে ।

লগতে পঢ়ক : আৰুণি কাশ্যপলৈ হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ ৰেডক্লিফ ফেল’শ্বিপ - Radcliffe Institute Fellowship

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details