ETV Bharat / state

ডলু চাহ বাগিচাত উচ্ছেদঃ চৰকাৰক স্থিতি ৰাজহুৱা কৰাৰ দাবী 'চিটু'ৰ

author img

By

Published : Jun 6, 2022, 6:26 PM IST

চুক্তি অনুসৰি মাটি অধিগ্ৰহণ হোৱাৰ পাছত স্থায়ী-অস্থায়ী সকলো শ্ৰমিকৰে কাম অব্যাহত থাকিব । ২,৫০০ বিঘা ভূমিত কাম কৰি থকা সকলক একে বাগানৰে অন্য ডিভিজন বা এলেকাত কাম দিয়া হ'ব । মালিকপক্ষই নতুনকৈ ১০১ একৰ ভূমিত বাগিচা সম্প্ৰসাৰণ কৰিব আৰু সেই কামত স্থায়ী-অস্থায়ী শ্ৰমিকসকলক নিয়োগ কৰিব । এই বাগানৰ পূৰ্বৰ মালিকৰ পৰাই বৰ্তমানলৈকে দীর্ঘদিন বঞ্চিত হৈ থকা পি এফ আৰু গ্ৰেচুইটিৰ সমস্ত বকেয়া ধন বর্তমান মালিক পক্ষই তাৎক্ষণিকভাৱে আদায় দিব ।

ডলু চাহ বাগিচাত উচ্ছেদঃ চৰকাৰক স্থিতি ৰাজহুৱা কৰাৰ দাবী 'চিটু'ৰ
ডলু চাহ বাগিচাত উচ্ছেদঃ চৰকাৰক স্থিতি ৰাজহুৱা কৰাৰ দাবী 'চিটু'ৰ

গুৱাহাটী, 6 জুনঃ ডলু চাহ বাগিচাৰ ভূমি বিমান বন্দৰৰ বাবে অধিগ্ৰহণ কৰা আৰু শেহতীয়া আৰ টি আইৰ তথ্য সন্দৰ্ভত ৰাজ্য চৰকাৰৰ স্থিতি ৰাজহুৱা কৰাৰ বাবে দাবী জনাইছে "চিটু"এ ৷ সোমবাৰে গুৱাহাটীত এখন সংবাদমেলত ভাগ লৈ চিটুৰ সাধাৰণ সম্পাদক তপন শৰ্মাই কয় যে কাছাৰ জিলাৰ ডলু চাহ বাগিচাত চৰকাৰে মাটি অধিগ্ৰহণ কৰা আৰু সদ্য প্ৰকাশিত আৰ টি আইৰ প্ৰতিবেদনক লৈ চাহ বাগিচাখনৰ শ্ৰমিকৰ লগতে শ্ৰমিক সংগঠনসমূহৰ মাজতো নানা বিভ্ৰান্তিৰ সৃষ্টি হৈছে ।

কোনো কোনো মহলে বাগিচাৰ ভূমি অধিগ্ৰহণৰ পূৰ্বে স্বাক্ষৰিত বহুপাক্ষিক চুক্তিক লৈও প্ৰশ্ন উত্থাপন কৰিছে । চুক্তিত স্বাক্ষৰকাৰী হিচাপে চি আই টি ইউৰ অন্তৰ্ভূক্ত অখিল ভাৰতীয় চাহ মজদুৰ সংঘও থকাত স্বাভাৱিকভাৱে চি আই টি ইউৰ ৰাজ্যিক কমিটিয়েও নিজৰ বক্তব্য ৰাজহুৱা কৰাৰ অনুভৱ কৰিছে । তেওঁ কয়- "ভাৰত চৰকাৰে অসম চৰকাৰৰ সহযোগত কাছাৰৰ ডলু চাহ বাগিচাৰ এটা অংশত আন্তর্জাতিক গ্ৰীণ ফিল্ড বিমান বন্দৰ স্থাপনৰ ঘোষণা কৰি পূৰ্বতে বাগিচাক লীজত দিয়া প্ৰায় ২,৫০০ বিঘা মাটি অধিগ্ৰহণ কৰিছে ।

স্বাভাৱিকতে এই কাৰ্যৰ বাবে চাহ শ্ৰমিকৰ মাজত চিন্তা আৰু উত্তেজনা বিৰাজ কৰিছে । কিন্তু বাগিচা কর্তৃপক্ষই অসম চৰকাৰৰ সৈতে বুজাবুজি কৰি বাগিচাখনৰ মুঠ ভূমি ৯,২৫০ বিঘাৰ পৰা ২,৫০০ বিঘা ভূমি বিমান বন্দৰ নিৰ্মাণৰ বাবে এৰি দিলে । এই তথ্য চলিত বৰ্ষৰ ৪ জানুৱাৰীত কাছাৰ জিলাৰ উপায়ুক্তৰ হস্তক্ষেপত অনুষ্ঠিত বহুপাক্ষিক আলোচনাত লিপিবদ্ধ হৈছে । উল্লেখযোগ্য যে কাছাৰ-শিলচৰত এটা বিমান বন্দৰ নতুনকৈ স্থাপন কৰা হ’ব বুলি ২০১৯ চনৰ ২৫ জুলাইতে সাংসদ কুইন ওজাৰ এক প্ৰশ্নৰ উত্তৰত কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহন মন্ত্ৰণালয়ে সংসদত লিখিত ভাৱে দাঙি ধৰিছিল ।

লগতে পঢ়ক: Prabin Boro Resign BPF: হাগ্ৰামাৰ সংগ এৰি বিপিএফ ত্যাগ প্ৰবীণ বড়োৰ

পৰৱৰ্তী সময়ত গ্ৰীণ ফিল্ড বিমান বন্দৰ প্ৰতিষ্ঠাৰ সপক্ষে ব্যাপক জনমতো সৃষ্টি হৈছিল (Public opinions in favour of green field airport) । এই বিষয় লৈ শ্ৰমিকৰ স্বাৰ্থ সন্মুখত ৰাখি চি আই টি ইউৰ অন্তৰ্ভূক্ত অখিল ভাৰতীয় মজদুৰ সংঘসহ উক্ত চাহ বাগানত থকা সকলো শ্ৰমিক সংগঠনে বাগিচা মালিক আৰু কাছাৰ জিলা উপায়ুক্তৰ ওচৰত স্মাৰক পত্ৰ দাখিল কৰি শ্ৰমিকৰ স্বাৰ্থ পূৰণ অবিহনে বিমান বন্দৰ প্ৰতিষ্ঠা সম্ভৱ নহ'ব বুলি স্পষ্টভাৱে জনাই দিয়ে । এই উদ্দেশ্যে ডলু বাগিচাৰ (তিনিটা ডিভিজন) শ্ৰমিকক প্ৰতিনিধিত্ব কৰা অখিল ভাৰতীয় চাহ মজদুৰ সংঘ (চিটু), অসম চাহ মজদুৰ সংঘ (আই এন টি ইউ চি) আৰু ভাৰতীয় মজদুৰ সংঘ (বি এম এছ)য়ে বিষয়টো গভীৰভাৱে আলোচনা কৰে আৰু উপায়ুক্তৰ লগত কেইবালানি আলোচনা কৰাৰ অন্তত মালিক পক্ষ, উপায়ুক্ত আৰু সহকাৰী শ্ৰম আয়ুক্তৰ উপস্থিতিত এখন চুক্তিপত্ৰত সকলোৱে স্বাক্ষৰ কৰে (Agreement sign between trade unions and tea garden owners) ।

ডলু চাহ বাগিচাত উচ্ছেদঃ চৰকাৰক স্থিতি ৰাজহুৱা কৰাৰ দাবী 'চিটু'ৰ

তেওঁ কয় যে এই চুক্তি অনুসৰি মাটি অধিগ্ৰহণ হোৱাৰ পাছত স্থায়ী-অস্থায়ী সকলো শ্ৰমিকৰে কাম অব্যাহত থাকিব । ২,৫০০ বিঘা ভূমিত কাম কৰি থকা সকলক একে বাগানৰে অন্য ডিভিজন বা এলেকাত কাম দিয়া হ'ব । মালিকপক্ষই নতুনকৈ ১০১ একৰ ভূমিত বাগিচা সম্প্ৰসাৰণ কৰিব আৰু সেই কামত স্থায়ী-অস্থায়ী শ্ৰমিকসকলক নিয়োগ কৰিব । এই বাগানৰ পূৰ্বৰ মালিকৰ পৰাই বৰ্তমানলৈকে দীর্ঘদিন বঞ্চিত হৈ থকা পি এফ আৰু গ্ৰেচুইটিৰ সমস্ত বকেয়া ধন বর্তমান মালিক পক্ষই তাৎক্ষণিকভাৱে আদায় দিব ।

কাছাৰ জিলা উপায়ুক্তৰ উপস্থিতিত হোৱা অন্য এক আলোচনাত কাৰ্যবিৱৰণী অনুসৰি বিমান বন্দৰ প্ৰতিষ্ঠা কালৰ অথবা বিমান বন্দৰৰ কাম-কাজত ডলু বাগানৰ যুৱক-যুৱতীসকলক নিয়োগ কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে । তেওঁ কয় যে চুক্তি অনুসৰি শ্ৰমিক সকলক অন্য ডিভিজন বা এলেকাত কাম কৰাৰ অনুমতি দিয়া হৈছে । দীর্ঘদিন প্ৰাপ্যৰ পৰা বঞ্চিত হৈ থকা অৱসৰপ্ৰাপ্ত শ্ৰমিকৰ পি এফ আৰু গ্ৰেচুইটিৰ ধন চুক্তি অনুসৰি প্ৰদান কৰাৰ কাম আৰম্ভ কৰিছে । শ্ৰমিকৰ বাসগৃহ আৰু বাসস্থানৰ স্বাস্থ্যসন্মত পৰিৱেশ উন্নত কৰাৰ বাবে জিলা উপায়ুক্তৰ তত্বাৱধানত কমিটি গঠন কৰা হৈছে (A committee constituted for tea labourers headed by DC) ।

ইউনিয়নৰ হস্তক্ষেপৰ বাবেই আজিলৈকে এজনো শ্ৰমিক-কৰ্মচাৰীৰ মজুৰি কৰ্তন কৰিব পৰা নাই । তথাপি চি আই টি ইউৰ ইউনিয়নে দাবী কৰি আছে ডলু চাহ বাগানৰ সকলো শ্ৰমিকৰ স্বাৰ্থ সুৰক্ষিত কৰা চৰ্তসমূহ পূৰ্ণ নকৰালৈকে বিমান বন্দৰ নিৰ্মাণ কাৰ্য বন্ধ ৰাখক ।" সংবাদমেলত তেওঁ আৰু কয় যে শেহতীয়াকৈ প্ৰকাশ পোৱা আৰ টি আইৰ এক প্ৰতিবেদন মতে ডলু বাগানত গ্ৰীণ ফিল্ড বিমান বন্দৰ প্ৰতিষ্ঠাৰ কোনো প্ৰস্তাৱ কেন্দ্ৰৰ অসামৰিক বিমান পৰিবহন মন্ত্ৰণালয়ত নাই । ই অতিশয় উদ্বেগজনক আৰু ইয়াৰ বাবে সম্পূর্ণৰূপে জবাবদিহি হ'ল অসম চৰকাৰ । মুখ্যমন্ত্ৰীয়ে বাগানৰ শ্ৰমিকৰ মন জয় কৰাৰ বাবে এফালে ক্ষতিপূৰণ আদায় দিয়াৰ ঘোষণা কৰে আৰু বিজেপিৰ সাংসদ ৰাজদ্বীপ ৰয়ে ডলু বাগানত গ্ৰীণ ফিল্ড বিমান বন্দৰ প্ৰতিষ্ঠাৰ দৃঢ় ঘোষণা কৰে । গতিকে চি আই টি ইউৰ অসম ৰাজ্যিক কমিটিয়ে আগন্তুক এসপ্তাহৰ ভিতৰত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰক নিজৰ স্থিতি স্পষ্ট কৰিবলৈ দাবী জনায় ।

লগতে পঢ়ক: Waliullah sentenced to death: সন্ত্ৰাসবাদী ৱালিউল্লাহক মৃত্যুদণ্ডৰ ৰায় গাজিয়াবাদ আদালতৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.