ETV Bharat / state

7 বজাৰ শীৰ্ষ দহটা বাতৰি...

author img

By

Published : Oct 6, 2021, 7:07 PM IST

top ten news at 7 pm
7 বজাৰ শীৰ্ষ দহটা বাতৰি

7 বজাৰ শীৰ্ষ দহটা বাতৰি...

7 বজাৰ শীৰ্ষ দহটা বাতৰি…

১ লাখ ৭১ হাজাৰ লোকক ই-সম্পত্তি কাৰ্ড প্ৰদান প্ৰধানমন্ত্ৰীৰ

বুধবাৰে ১ লাখ ৭১ হাজাৰ লোকক একেলগে প্ৰদান কৰা হৈছে ই-সম্পত্তি কাৰ্ড । চৰকাৰৰ বিশেষ আঁচনিৰ অধীনত প্ৰধানমন্ত্ৰী মোডীয়ে ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে প্ৰদান কৰে কাৰ্ডখিনি ।

উপ-নিৰ্বাচন : দুটা সমষ্টিৰ বাবে প্ৰাৰ্থীৰ নাম ঘোষণা AIUDFৰ

শাসকীয় বিজেপি মিত্ৰজোঁট, কংগ্ৰেছ আৰু ৰাইজৰ দলৰ পিছত এইবাৰ এ আই ইউ ডি এফ দলে ঘোষণা কৰিলে প্ৰাৰ্থী তালিকা । ভৱানীপুৰ আৰু গোসাঁইগাঁও সমষ্টিত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব এ আই ইউ ডি এফ দলে ।

GNRC-ৰ ICU ৱাৰ্ডৰ পৰা গ্ৰেপ্তাৰ ৰাজকন্যা বৰুৱাক

অসুস্থ হোৱাৰ নাটক কৰি জিএনআৰচিৰ আইচিইউত ভৰ্তি হৈয়ো সাৰি নগ'ল ৰাজকন্যা বৰুৱা ৷ মেডিকেল বৰ্ডৰ সেউজ সংকেতৰ পাচতে জিএনআৰচি হাস্পতালৰ পৰা গ্ৰেপ্তাৰ কৰা হ'ল ৰাজকন্যা বৰুৱাক ৷ গ্ৰেপ্তাৰ হ'ব পাৰে জিএনআৰচিৰ চিকিৎসকো ৷ স্বাস্থ্যৰ অজুহাত দেখুৱাই থানাত উপস্থিত হোৱাৰ পৰা বিৰত আছিল ৰাজকন্যা বৰুৱা ৷

সোণাৰিত পুনৰ আলফা (স্বাধীন) লৈ যোগদান কৰিবলৈ যোৱা যুৱক আটক

উজনি অসমত একাংশ যুৱক আলফা স্বাধীনৰ প্ৰতি আৰ্কষিত হৈছে ৷ বিগত কিছুদিনত আলফা স্বাধীনত যোগদান কৰিবলৈ যোৱা কেইবাজনো যুৱক আৰক্ষীৰ জালত পৰিছে ৷ মঙলবাৰে নিশাও এজন যুৱক আৰক্ষীৰ জালত পৰিছে সোণাৰিত আলফা স্বাধীনত যোগদান কৰিবলৈ যোৱাৰ সময়ত ৷

ডিব্ৰুগড়ত IPL ৰ নামত বৃহৎ জুৱা

ডিব্ৰুগড়ত IPL ৰ আলম লৈ চলিছে বৃহৎ জুৱা । আৰক্ষীৰ অভিযানত গ্ৰেপ্তাৰ জুৱাৰ বুকি শক্তি সিং আৰু চাহিদ খান । আন কেইবাজনৰ বিৰুদ্ধে আৰক্ষীয়ে অব্যাহত ৰাখিছে অভিযান ৷

লখিমপুৰ খেৰীত নিহত কৃষকৰ পৰিয়ালৰ কাষত সুস্মিতা দেব

সাংসদ সুস্মিতা দেবৰ নেতৃত্বত লখিমপুৰৰ খেৰীত উপস্থিত হয় তৃণমূল কংগ্ৰেছৰ এটা সজাতি দল ৷ TMC ৰ দলটোৱে খেৰীৰ ঘটনাত নিহত কৃষকৰ পৰিয়ালৰ লোকসকলক প্ৰথমে সাক্ষাৎ কৰি সমবেদনা জ্ঞাপন কৰে ৷

15 টকাকৈ বৃদ্ধি পালে ঘৰুৱা চিলিণ্ডাৰৰ মূল্য

পুনৰ বৃদ্ধি পালে ঘৰুৱা চিলিণ্ডাৰৰ মূল্য ৷ প্ৰতিটো চিলিণ্ডাৰত 15 টকাকৈ বৃদ্ধিৰ সিদ্ধান্ত পেট্ৰ'লিয়াম কোম্পানীসমূহৰ ৷ বুধবাৰৰ পৰা কাৰ্যকৰী হৈছে এই নতুন মূল্য ৷ ইয়াৰ পূৰ্বে 1 অক্টোবৰত Liquefied Petroleum Gas (LPG) চিলিণ্ডাৰৰ মূল্য ৪৩.৫০ টকা বৃদ্ধি পাইছিল ৷

দেশৰ Palm Oil কেন্দ্ৰলৈ পৰিণত হ'ব উত্তৰ-পূৱৰ ৰাজ্যসমূহ

গুৱাহাটীত উত্তৰ-পূৱৰ ৰাজ্যসমূহত খোৱা তেল ‘Palm Oil’ বিষয়ক ৰাষ্ট্ৰীয় অভিযান সন্দৰ্ভত বাণিজ্য সন্মিলন । ১১,০৪০ কোটি টকা ব্যয়েৰে আগন্তুক ৫ বছৰত উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহত ৩.২৮ লাখ হেক্টৰ আৰু ভাৰতৰ অন্যান্য প্ৰান্তৰ ৩.২২ হেক্টৰ ভূমিত ‘Palm Oil’ৰ অধীনত ৬.৫ লাখ হেক্টৰৰ অতিৰিক্ত এলেকা সামৰি লোৱা হ’ব ।

বেঞ্জামিন লিষ্ট-ডেভিদ ডব্লিউ চি মেকমিলানলৈ ৰসায়ন বিজ্ঞানৰ নোবেল বঁটা

ঘোষণা কৰা হ'ল চলিত বৰ্ষৰ ৰসায়ন বিজ্ঞানৰ নোবেল বঁটা(Nobel Prize) । বেঞ্জামিন লিষ্ট(Benjamin List), ডেভিদ ডব্লিউ চি মেকমিলান(David W.C. MacMillan)লৈ ৰসায়ন বিজ্ঞানৰ নোবেল বঁটা আগবঢ়োৱা হৈছে । "এছিমেট্ৰিক অৰ্গেন'কেটালাইচিছ" নামৰ অণু প্ৰস্তুত কৰিবলৈ এক নতুন উপায় বিকশিত কৰাৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে বেঞ্জামিন লিষ্ট, ডেভিদ ডব্লিউ চি মেকমিলানক নোবেল বঁটাৰে সন্মানিত কৰা হৈছে ।

ৰামায়ণৰ ‘ৰাৱন’ খ্যাত অভিনেতা অৰবিন্দ ত্ৰিবেদী আৰু নাই

আধ্যাত্মিক টেলিভিশ্বন চিৰিজ ‘ৰামায়ণ’(Ramayan)ত ‘ৰাৱণ‘(Ravan)ৰ চৰিত্ৰৰ বাবে সৰ্বাধিক পৰিচিত প্ৰবীণ অভিনেতা অৰবিন্দ ত্ৰিবেদী(Arvind Trivedi)য়ে মঙলবাৰে মুম্বাইত শেষ নিশ্বাস ত্যাগ কৰে । মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল 82 বছৰ ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.