ETV Bharat / state

ডিব্ৰুগড়ত IPL ৰ নামত বৃহৎ জুৱা

author img

By

Published : Oct 6, 2021, 6:39 PM IST

ডিব্ৰুগড়ত IPL ৰ আলম লৈ চলিছে বৃহৎ জুৱা । আৰক্ষীৰ অভিযানত গ্ৰেপ্তাৰ জুৱাৰ বুকি শক্তি সিং আৰু চাহিদ খান । আন কেইবাজনৰ বিৰুদ্ধে আৰক্ষীয়ে অব্যাহত ৰাখিছে অভিযান ৷

ডিব্ৰুগড়ত IPL ৰ নামত বৃহৎ জুৱা
ডিব্ৰুগড়ত IPL ৰ নামত বৃহৎ জুৱা

ডিব্ৰুগড়, 6 অক্টোবৰ : IPL আৰম্ভ হ’লেই ডিব্ৰুগড়ত গঢ়ি উঠে বৃহৎ জুৱা । উল্লেখযোগ্য যে, ৰাজ্যজুৰি প্ৰসাৰিত হৈ থকা IPLৰ জুৱা বিভিন্ন সময়ত ডিব্ৰুগড় জিলাৰ পৰাই পৰিচালিত হোৱা বুলি অভিযোগ উত্থাপিত হৈ আহিছে ৷ কিন্তু এই IPL জুৱাৰী চক্ৰটো ইমানেই শক্তিশালী ৰূপত আত্ম প্ৰকাশ কৰিছে যে, চৰকাৰী পক্ষইয়ো এই চক্ৰটোক উৎখাত কৰিবলৈ হাজাৰ বাৰ ভাবিব লগীয়া পৰিস্থিতিৰ সৃষ্টি হয় ।

ডিব্ৰুগড়ত IPL ৰ নামত বৃহৎ জুৱা

যাৰ পৰিপ্ৰেক্ষিতত ডিব্ৰুগড় আৰক্ষীয়ে পূৰ্বে বহুৱাৰ এই জুৱাৰ ঘাটি উৎখাত অভিযান চলাইছে যদিও সম্পূৰ্ণকৈ উৎখাত কৰিবলৈ সক্ষম হোৱা নাই । তাৰ মাজতে ডিব্ৰুগড় আৰক্ষীয়ে পুনৰ তৎপৰতা গ্ৰহণ কৰিছে এই IPLৰ জুৱাৰ ঘাটি উৎখাত কৰিবলৈ ৷ মঙলবাৰে ডিব্ৰুগড় আৰক্ষীয়ে অভিযান চলাই গ্ৰেপ্তাৰ কৰে দুই জুৱাৰ বুকি শক্তি সিং আৰু চাহিদ খানক ।

জানিবপৰা মতে, ডিব্ৰুগড় আৰক্ষীয়ে এক গোপন খবৰৰ ভিত্তিত অভিযান চলাই বানীপুৰৰ পৰা গ্ৰেপ্তাৰ কৰে জুৱাৰী দুটাক । দীৰ্ঘদিন ধৰি IPL ৰ নামত জুৱাৰ বেহা চলাইছিল ধৃত দুই জুৱাৰ বুকি । সম্প্ৰতি গ্ৰেপ্তাৰ হোৱা যুৱক দুজনক ন্যায়িক জিন্মালৈ প্ৰেৰণ কৰাৰ বিপৰীতে জুৱাৰ সৈতে জড়িত আন কেইবাজনৰ বিৰুদ্ধে আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে বুলি জানিবলৈ দিছে ডিব্ৰুগড় জিলাৰ আৰক্ষী অধীক্ষকে ।

ইফালে জিলাখনত ৰাইজৰ মুখে মুখে IPLৰ জুৱাৰ প্ৰসংগ । একাংশ বুকিৰ সহায়ত অনলাইন IPL জুৱাৰ নামত কোটি কোটি টকা সংগ্ৰহ কৰি আহিছে এটা অসাধু দুষ্ট চক্ৰই । ইপিনে এই IPL জুৱাৰ সতৈ বহু নামি দামী ব্যক্তিৰ জড়িত থকাৰ কথাও ব্যাপক ভাৱে চৰ্চা চলিছে ডিব্ৰুগড়ত । আনহাতে আৰক্ষীয়ে অভিযান চলাই সৰু সৰু বুকি, IPLৰ জুৱাৰ নামত দালালি কৰা ব্যক্তিক আটক কৰে যদিও চক্ৰটোৰ ৰৌ-বৰালী শাৰী যায় ।

বিশেষকৈ নৱপ্ৰজন্মৰ মাজতো IPL জুৱাই প্ৰসাৰতা লাভ কৰাত সচেতন মহলক চিন্তিত কৰি তুলিছে । সম্প্ৰতি ৰাজ্যত প্ৰচলন হৈ থকা IPL জুৱাৰ ক্ষেত্ৰত অসম চৰকাৰৰ গৃহ বিভাগে শীঘ্ৰে পদক্ষেপ গ্ৰহণ কৰাৰ আশা কৰিছে সচেতন মহলে । শেহতীয়াকৈ ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসম চৰকাৰে বিভিন্ন ক্ষেত্ৰত অভিযান চলাই দালাল জুৱাৰী চক্ৰক উৎখাত কৰাৰ দৰে এইবাৰ IPLৰ জুৱাৰী চক্ৰটোক উৎখাত কৰিবলৈ আহ্বান জনাইছে সকলোৱে ৷

লগতে পঢ়কঃ গ্ৰহৰ পৰিবহণ : বৃশ্চিক ৰাশিত প্ৰদক্ষিণ কৰিছে শুক্ৰই; কোন ৰাশিৰ ওপৰত কি প্ৰভাৱ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.