ETV Bharat / state

সোণাৰিত পুনৰ আলফা (স্বাধীন) লৈ যোগদান কৰিবলৈ যোৱা যুৱক আটক

author img

By

Published : Oct 6, 2021, 6:12 PM IST

উজনি অসমত একাংশ যুৱক আলফা স্বাধীনৰ প্ৰতি আৰ্কষিত হৈছে ৷ বিগত কিছুদিনত আলফা স্বাধীনত যোগদান কৰিবলৈ যোৱা কেইবাজনো যুৱক আৰক্ষীৰ জালত পৰিছে ৷ মঙলবাৰে নিশাও এজন যুৱক আৰক্ষীৰ জালত পৰিছে সোণাৰিত আলফা স্বাধীনত যোগদান কৰিবলৈ যোৱাৰ সময়ত ৷

সোণাৰিত পুনৰ আলফা (স্বাধীন) লৈ যোগদান কৰিবলৈ যোৱা যুৱক আটক
সোণাৰিত পুনৰ আলফা (স্বাধীন) লৈ যোগদান কৰিবলৈ যোৱা যুৱক আটক

শিৱসাগৰ, 6 অক্টোবৰ : ঘটনা অনুসৰি যোৱা ২৯ ছেপ্টেম্বৰত নিষিদ্ধ ঘোষিত সংগঠন আলফা (স্বা) ত যোগদান কৰিবলৈ আহি সোণাৰিত আৰক্ষীৰ জালত পৰিছিল সাতজনকৈ যুৱক ৷ তাৰপাছতে পাছতে চলিত সপ্তাহৰ মঙলবাৰে নিশা বিদ্ৰোহী সংগঠনটোলৈ যোগদান কৰিবলৈ যোৱা আন এজন যুৱকক আৰক্ষী আৰু আছাম ৰাইফলছৰ এটা অভিযানকাৰী দলে আটক কৰিবলৈ সক্ষম হৈছে । এই ঘটনাৰ পাছতে সোণাৰিত এতিয়া তীব্ৰ চাঞ্চল্যই বিৰাজ কৰিছে ৷

সোণাৰিত পুনৰ আলফা (স্বাধীন) লৈ যোগদান কৰিবলৈ যোৱা যুৱক আটক

ঘটনাৰ বিৱৰণী মতে, আলফা (স্বাধীন)ৰ নেতা অভিজিত গগৈ ওৰফে আইচেং অসমৰ নিৰ্দেশত পশ্চিম কাৰ্বি আংলং জিলাৰ বৈঠালাংছু আৰক্ষী থানাৰ অন্তৰ্গত ৰূপাপথাৰ গাঁওৰ দিপু শইকীয়াৰ পুত্ৰ দ্বীপজ্যোতি শইকীয়া (২৭) ই আলফা (স্বাধীন) ত যোগদান কৰিবলৈ নগালেণ্ডৰ মন জিলা হৈ ম্যানমাৰ শিবিৰলৈ গৈ আছিল ৷

লগতে পঢ়কঃ থাওৰাৰ ৰাজনীতি : সুশান্তক ৰঙা দলিচা, কুশলক ললিপপ

সেই সময়তে চৰাইদেউ জিলাৰ সদৰ সোণাৰি নগৰৰ মাজমজিয়াৰ পৰা মঙলবাৰে নিশা গোপন সূত্ৰৰ পম খেদি সোণাৰি আৰক্ষী আৰু আছাম ৰাইফলছৰ এটা অভিযানকাৰী দলে যুৱকজনক আটক কৰিবলৈ সক্ষম হয় । জানিবপৰা মতে, আলফা (স্বা)ৰ সদস্যৰ ফেচবুক যোগে যোগাযোগ কৰি নিষিদ্ধ ঘোষিত সংগঠনটোত যোগদান কৰিবলৈ আহিছিল যুৱকজন ।

বৰ্তমান যুৱকজনৰ বিৰুদ্ধে সোণাৰি আৰক্ষী থানাই ১২০ (বি) ,১২১,১২১(এ), আৰ ডব্লিউ ১০/১৩ , ১৮ (বি) ধাৰাৰ অধীনত ২০৬/২১ নম্বৰৰ এটা গোচৰ ৰুজু কৰি জেৰা অব্যাহত ৰাখিছে ।

উল্লেখযোগ্য যে, যুৱকজনে বাংগালুৰুত এটা ব্যক্তিগত কোম্পানীত চাকৰি কৰিছিল আৰু ক’ভিডৰ বাবে হোৱা লকডাউনৰ পৰিপ্ৰেক্ষিতত পুনৰ বাংগালুৰুলৈ নগৈ আলফা(স্বাধীন) ত যোগদানৰ সিদ্ধান্ত লোৱা বুলি যুৱকজনে সোণাৰি আৰক্ষীৰ আগত সদৰি কৰিছে ।

লগতে পঢ়কঃ দেশৰ Palm Oil কেন্দ্ৰলৈ পৰিণত হ'ব উত্তৰ-পূৱৰ ৰাজ্যসমূহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.