থাওৰাৰ ৰাজনীতি : সুশান্তক ৰঙা দলিচা, কুশলক ললিপপ

author img

By

Published : Oct 6, 2021, 12:25 PM IST

Updated : Oct 6, 2021, 12:41 PM IST

by election kushal vs susanta

উপ-নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগেই তৎপৰ হৈ পৰিছে ৰাজ্যৰ আটাইকেইটা ৰাজনৈতিক দল ৷ বিজেপিৰ শীৰ্ষ মহলটো থাওৰা সমষ্টিক লৈ বৃদ্ধি পাইছে তৎপৰতা ৷ উপ-নিৰ্বাচনক লৈ থাওৰাৰ বৈছে বিজেপিৰ এক মৃদু বতাহো ৷

গুৱাহাটী, ৬ অক্টোবৰ : দুবাৰকৈ থাওৰা সমষ্টিৰ পৰা বিধায়ক হিচাপে জিকি অহা কুশল দুৱৰীয়ে আগন্তুক উপ-নিৰ্বাচনত বিজেপিক বিপদত পেলাব নেকি ? এই প্ৰশ্নৰ আশ্বস্ত হ’ব পৰাকৈ এক উত্তৰ এতিয়াও পোৱা নাই গেৰুৱা দলটোৱে । এক কথাত কবলৈ গ’লে থাওৰাৰ উপ-নিৰ্বাচনক লৈ বিজেপিয়ে এতিয়াও এশ শতাংশ বিজয়ৰ নিশ্চিতি লাভ কৰা নাই ।

মৰিয়নীৰ ক্ষেত্ৰত বিজেপি যিদৰে এশ শতাংশ নিশ্চিত, অনুৰূপ অৱস্থা কিন্তু থাওৰাৰ ক্ষেত্ৰত হোৱা নাই । বিজেপিৰ আশংকা বিৰোধীৰ পৰা হোৱা নাই । হৈছে নিজৰ দলৰ ভিতৰৰ পৰাই । যদিওবা দলটোৰ নেতা তথা দুবাৰৰ বিধায়ক কুশল দুৱৰীয়ে মুকলিকৈ সুশান্ত বৰগোহাঁইৰ প্ৰাৰ্থিত্বক লৈ কোনো ধৰণৰ বিষোদগাৰ প্ৰকাশ কৰা নাই ৷ কিন্তু ভোটৰ অংকত প্ৰাক্তন বিধায়ক গৰাকীয়ে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে ।

ইয়াকে লৈ সম্পূৰ্ণকৈ এতিয়াও আশংকামুক্ত হ’ব পৰা নাই বিজেপি । ফলত যিকোনো উপায়েৰে নহওক কিয় কুশল দুৱৰীক সন্তুষ্ট কৰি ৰাখিবলৈ বিজেপিয়ে আপ্ৰাণ চেষ্টা চলাইছে ।

যিসময়ত ৰাজ্যৰ প্ৰায় অৰ্দ্ধ শতাধিক নিগম নিকায়ৰ অধ্যক্ষ নিযুক্তি দিয়াৰ বাবে চৰকাৰে প্ৰস্তুতি চলাইছে ৷ তেনে সময়তে বিভিন্ন ৰাজনৈতিক বা দলীয় হেঁচাত আজিপৰ্যন্ত এটাও নিগম নিকায়ৰ অধ্যক্ষ নিযুক্তি দিবলৈ চৰকাৰ সক্ষম হোৱা নাই ৷ সেই সময়তে কিন্তু অতি‌ তাৎপৰ্যপূৰ্ণভাৱে এটা নিগমৰ অধ্যক্ষ নিযুক্তি দিয়া হৈছে অতি ততাতৈয়াকৈয়ে ।

শেহতীয়াকৈ অসম নগৰ পানী যোগান আৰু পয় প্ৰণালী নিগমৰ অধ্যক্ষ হিচাপে চৰকাৰে নিযুক্তি‌ দিছে কুশল দুৱৰীক । সম্ভাব্য বিপদৰ আশংকা কৰিয়েই এইদৰে তেওঁক সন্তুষ্ট কৰিব খোজা হৈছে । আনহাতে, ভিন্ন মহলত চৰ্চা এই বুলিও চলিছে যে, কংগ্ৰেছ এৰি বিজেপিলৈ অহা সুশান্ত বৰগোহাঁইক গেৰুৱা দলটোৱে ৰঙা দলিচা পাৰি দিয়াৰ বিপৰীতে কুশল দুৱৰীৰ মুখত গুজি দিলে ললিপপহে ।

লগতে পঢ়ক : থাওৰাত কংগ্ৰেছক দুৰ্বল কৰিবলৈ বিজেপিয়ে অপপ্ৰচাৰ চলাইছে : মনোৰঞ্জন কোঁৱৰ

Last Updated :Oct 6, 2021, 12:41 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.