ETV Bharat / city

ৰাইজৰ দলৰে নিসিজিল চাউল; মৰিয়নি-ভৱানীপুৰৰ প্ৰাৰ্থী ঘোষণা কংগ্ৰেছৰ

author img

By

Published : Oct 5, 2021, 7:54 PM IST

congress
congress

উপ-নিৰ্বাচনত পাঁচটা সমষ্টিতে প্ৰতিদ্বন্দিতা কৰিব কংগ্ৰেছে ৷ ইতিমধ্যে ঘোষণা কৰা হ’ল প্ৰাৰ্থীৰ চূড়ান্ত তালিকা ৷

গুৱাহাটী, ৫ অক্টোবৰ : মঙলবাৰে বিয়লি পুনৰ দুটা সমষ্টিৰ প্ৰাৰ্থী তালিকা ঘোষণা কৰে কংগ্ৰেছে । সেই অনুসৰি কংগ্ৰেছে মৰিয়নিত লোহিত কোঁৱৰ আৰু ভৱানীপুৰত শৈলেন্দ্ৰ নাথ দাসক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে । মাজুলীক বাদ দি ৩০ অক্টোবৰত ৫ টা সমষ্টিত হ'বলগীয়া উপ-নিৰ্বাচনৰ বাবে মঙলবাৰে পুৱাৰ ভাগত কংগ্ৰেছ তিনিটা সমষ্টিৰ প্ৰাৰ্থী তালিকা ঘোষণা কৰিছিল ।

সেই অনুসৰি গোসাইগাঁৱত জুৱেল টুডু, তামুলপুৰত ভাস্কৰ দাহাল আৰু থাওৰাত মনোৰঞ্জন কোঁৱৰক প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে । বিয়লি পুনৰ দুটা সমষ্টিৰ প্ৰাৰ্থী তালিকা ঘোষণা কৰে । কংগ্ৰেছে পাঁচটা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিব আৰু পাঁচোটা সমষ্টিৰে প্ৰাৰ্থী তালিকা প্ৰকাশ কৰে ।

congress
দুটা সমষ্টিৰ প্ৰাৰ্থী তালিকা

উল্লেখ যে কংগ্ৰেছে মাজুলী সমষ্টি অসম জাতীয় পৰিষদক আৰু ভৱানীপুৰ সমষ্টি ৰাইজৰ দলক এৰি দিয়াৰ কথা ঘোষণা কৰিছিল । মাজুলীত অসম জাতীয় পৰিষদে প্ৰ‍াৰ্থী দিব যদিও ৰাইজৰ দলে ভৱানীপুৰ সমষ্টিত প্ৰতিদ্বন্দ্বিতা নকৰাৰ কথা স্পষ্ট কৰি দিছিল । যাৰ বাবে ভৱানীপুৰ সমষ্টিত কংগ্ৰেছ নিজৰ প্ৰাৰ্থী দিয়ে । ৰাইজৰ দলে ইতিমধ্যেই থাওৰা আৰু মৰিয়নিত নিজৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে ।

লগতে পঢ়ক : উপ-নিৰ্বাচন : তিনি সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থী ঘোষণা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.