উপ-নিৰ্বাচন : তিনি সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থী ঘোষণা

author img

By

Published : Oct 5, 2021, 1:42 PM IST

by election congress list published

আগন্তুক উপ-নিৰ্বাচনত গোসাইগাঁৱত জুৱেল টুডু, তামুলপুৰত ভাস্কৰ দাহাল আৰু থাওৰাত মনোৰঞ্জন কোঁৱৰক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে কংগ্ৰেছে । শীঘ্ৰেই প্ৰকাশ পাব মৰিয়নী আৰু ভৱানীপুৰ সমষ্টিৰ বাবে প্ৰাৰ্থী নাম ।

গুৱাহাটী, ৫ অক্টোবৰ : মাজুলীক বাদ দি অহা ৩০ অক্টোবৰত ৰাজ্যৰ ৫ টা সমষ্টিত হ'বলগীয়া উপ-নিৰ্বাচনৰ বাবে কংগ্ৰেছ তিনিটা সমষ্টিৰ প্ৰাৰ্থী তালিকা ঘোষণা কৰিছে । সেই অনুসৰি গোসাইগাঁৱত জুৱেল টুডু, তামুলপুৰত ভাস্কৰ দাহাল আৰু থাওৰাত মনোৰঞ্জন কোঁৱৰক দলটোৰ তৰফৰ পৰা প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে । নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক মুকুল ৱাছনিকে স্বাক্ষৰ কৰা এটা বিবৃতিত কোৱা হৈছে যে, দলৰ সভানেত্ৰী ছোনীয়া গান্ধীৰ অনুমোদন মৰ্মে এই তিনিগৰাকী প্ৰাৰ্থীৰ নাম চূড়ান্ত কৰা হৈছে ।

by election congress list published
তিনি সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থী ঘোষণা

উল্লেখ যে, কংগ্ৰেছে মাজুলী সমষ্টি অসম জাতীয় পৰিষদ (AJP)ক আৰু ভৱানীপুৰ সমষ্টি ৰাইজৰ দল (Raijor Dal)ক এৰি দিয়াৰ কথা ইতিমধ্যে ঘোষণা কৰিছে । মাজুলীত অসম জাতীয় পৰিষদে প্ৰাৰ্থী দিব যদিও ৰাইজৰ দলে ভৱানীপুৰ সমষ্টিত প্ৰতিদ্বন্দ্বিতা নকৰাৰ কথা স্পষ্ট কৰি দিছে । ইয়াৰ বিপৰীতে ৰাইজৰ দলে থাওৰা আৰু মৰিয়নীত নিজৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে ।

থাওৰা সমষ্টিটো কোনো কাৰণতে ৰাইজৰ দলে এৰি নিদিয়ে বুলি দলটোৰ সভাপতি অখিল গগৈয়ে ইতিমধ্যে স্পষ্ট কৰি দিছে । তেনেস্থলত ভৱানীপুৰ সমষ্টিটো কংগ্ৰেছ দলে প্ৰাৰ্থী দিয়াটো নিশ্চিত ।

জানিব পৰা মতে, কংগ্ৰেছে মৰিয়নী আৰু ভৱানীপুৰ সমষ্টিৰ প্ৰাৰ্থী তালিকা শীঘ্ৰেই প্ৰকাশ কৰিব । ইফালে বিজেপিয়ে ইতিমধ্যে ভৱানীপুৰ, থাওৰা আৰু মৰিয়নী সমষ্টিৰ বাবে প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে । বিজেপিয়ে ভৱানীপুৰত ফণী তালুকদাৰ, মৰিয়নীত ৰূপজ্যোতি কুৰ্মী আৰু থাওৰাত সুশান্ত বৰগোঁহাইক প্ৰাৰ্থীত্ব প্ৰদান কৰিছে ।

লগতে পঢ়ক: উপ-নিৰ্বাচন: তিনি সমষ্টিৰ প্ৰাৰ্থী ঘোষণা বিজেপিৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.