ETV Bharat / state

উপ-নিৰ্বাচন : থাওৰা সমষ্টিত প্ৰাৰ্থিত্বকেন্দ্ৰিক সংঘাত আৰম্ভ

author img

By

Published : Oct 3, 2021, 1:03 PM IST

Bye election
থাওৰা সমষ্টিত প্ৰাৰ্থিত্বকেন্দ্ৰিক সংঘাত আৰম্ভ

অসমৰ উপ-নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ লগে লগে প্ৰাৰ্থিত্বকেন্দ্ৰিক সংঘাত আৰম্ভ হৈছে । থাওৰা সমষ্টিত অজয় কুমাৰ গগৈক প্ৰাৰ্থিত্ব প্ৰদানৰ দাবী তুলিছে একাংশ কংগ্ৰেছ নেতা-কৰ্মীয়ে । অন্যথা ১৩ খনকৈ মণ্ডল কংগ্ৰেছ কমিটিয়ে দল ত্যাগৰ হুংকাৰ দিছে ।

মৰাণ , ৩ অক্টোবৰ : উপ-নিৰ্বাচনৰ (Bye election) সময়সূচী ঘোষণা কৰাৰ লগে লগে নিৰ্বাচন হ'বলগীয়া সমষ্টিবোৰত সম্প্ৰতি তীব্ৰ উৎকণ্ঠাই বিৰাজ কৰিছে । প্ৰতিটো ৰাজনৈতিক দল সাজু হৈছে নিৰ্বাচনৰ বাবে । কিন্তু, সমান্তৰালকৈ প্ৰাৰ্থিত্বকেন্দ্ৰিক বিতৰ্কও আৰম্ভ হোৱা দেখা গৈছে ।

উপ-নিৰ্বাচন হ'বলগীয়া থাওৰা সমষ্টিত (Thaora Constituency) এতিয়া কংগ্ৰেছৰ (Congress) ভিতৰতচ'ৰাত প্ৰাৰ্থিত্বকেন্দ্ৰিক সংঘাত আৰম্ভ হোৱা দেখা গৈছে । সমষ্টিটোত কংগ্ৰেছৰ নেতা অজয় কুমাৰ গগৈক প্ৰাৰ্থিত্ব প্ৰদানৰ দাবী তুলিছে একাংশ কংগ্ৰেছ নেতা-কৰ্মীয়ে । অন্যথা ১৩ খনকৈ মণ্ডল কংগ্ৰেছ কমিটিয়ে দল ত্যাগ কৰাৰো হুংকাৰ দিছে । ইতিমধ্যে মণ্ডল কংগ্ৰেছ কমিটিয়ে শীৰ্ষ নেতৃত্বলৈ এই দাবীৰে এক পত্ৰ প্ৰেৰণ কৰিছে ।

Ajay Kumar Gogoi
থাওৰা সমষ্টিত প্ৰাৰ্থিত্বকেন্দ্ৰিক সংঘাত আৰম্ভ

কিন্তু, দলীয় কংগ্ৰেছ কৰ্মীৰ এই দাবীৰ প্ৰতি কংগ্ৰেছৰ ৰাজ্যিক নেতৃত্বই গুৰুত্ব দিব নে নাই সেয়া লক্ষ্যণীয় হ'ব । কিয়নো কংগ্ৰেছ আৰু ৰাইজৰ দলৰ (Raijor Dal) মাজত মিত্ৰতাক লৈ ব্যাপক চৰ্চা হৈ আছে । ইফালে ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈয়ে (Akhil Gogoi) কোনো কাৰণতে থাওৰা সমষ্টি এৰি দিব বিচৰা নাই ।

Bye election
থাওৰা সমষ্টিত প্ৰাৰ্থিত্বকেন্দ্ৰিক সংঘাত আৰম্ভ

প্ৰায় এমাহ পূৰ্বৰে পৰা ৰাইজৰ দলে থাওৰা সমষ্টিত ধৈৰ্য কোঁৱৰক প্ৰাৰ্থিত্ব দিয়াৰ বাবে প্ৰচাৰ চলাই আছে । তেনেস্থলত সমষ্টিৰ ভাগ বতৰাক লৈ কংগ্ৰেছ আৰু ৰাইজৰ দলৰ মাজত লাগিছে আঁউল । কিন্তু, থাওৰা সমষ্টি ৰাইজৰ দলক এৰি দিলে যে কংগ্ৰেছ দলৰ ভিতৰচ'ৰাত বিদ্ৰোহ হ'ব সেই কথা মণ্ডল কংগ্ৰেছৰ পত্ৰই প্ৰমাণ কৰিছে । এতিয়া থাওৰা সমষ্টিত ৰাইজৰ দলে নে কংগ্ৰেছে প্ৰাৰ্থিত্ব দিয়ে সেয়া কিছুদিন পাচত স্পষ্ট হৈ পৰিব ।

লগতে পঢ়ক :উপ-নিৰ্বাচনত ইউপিপিএলৰ কোনো বিৰোধী নাই : ইউ জি ব্ৰহ্ম

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.