ETV Bharat / city

বিটিআৰত বিজেপিয়ে কাৰ হৈ প্ৰচাৰ চলাব !

author img

By

Published : Oct 5, 2021, 8:32 PM IST

বিটিআৰত বিজেপিয়ে কাৰ হৈ প্ৰচাৰ চলাব !
বিটিআৰত বিজেপিয়ে কাৰ হৈ প্ৰচাৰ চলাব !

ইউপিপিএল থকাৰ পাছতো বিপিএফদল বিজেপি মিত্ৰজোঁটৰ অংশীদ্বাৰ হ'ল । গোস‍াইগাঁৱত বিপিএফ আৰু ইউপিপিএলে দিছে নিজাকৈ প্ৰাৰ্থী । বিটিচিত দুয়োটা দলেই পৰস্পৰ বিৰোধী অৱস্থানত আছে । তেনেস্থলত বিজেপিয়ে গোসাইগাঁৱত বিপিএফনে ইউপিপি এলৰ পক্ষ গ্ৰহণ কৰিব সেয়া অতি লক্ষণীয় হ'ব ।

গুৱাহাটী, 5 অক্টোবৰ : উপ-নিৰ্বাচনত বিটিআৰ বিশেষকৈ দুটা সমষ্টিত শাসকীয় দল বিজেপিয়ে কাৰ হৈ প্ৰচাৰ চলাব । বৰ্তমান সময়ত এই বিষয়টো ৰাজনৈতিক মহলত বিশেষভাৱে চৰ্চিত হৈছে । সাম্প্ৰতিক প্ৰেক্ষাপটত বড়ো ৰাজনীতিয়ে নতুন মোৰ লৈছে । ইউপিপি এল দলৰে মিত্ৰটা থকাৰ মাজতে বিপিএফ দলো বিজেপিৰ মিত্ৰজোঁটৰ অংশীদ্বাৰ হ'ল ।

উপ-নিৰ্বাচন অনুষ্ঠিত হ'ব লগীয়া ৫ টা সমষ্টিৰ ভিতৰত তিনিটা সমষ্টিক কেন্দ্ৰ কৰি ৰাজনৈতিক সমীকৰণ জটিল হৈছে যদিও বিজেপি মিত্ৰজোঁটৰ আবদ্ধ হৈ থাকিবলগীয়া হৈছে প্ৰমোদ বড়ো আৰু হাগ্ৰামা মহিলাৰী । উল্লেখযোগ্য যে, উপ-নিৰ্বাচন অনুষ্ঠিত হ'ব লগীয়া সমষ্টি সমূহৰ ভিতৰত বিজেপিয়ে থাওৰা, মৰিয়নি আৰু ভৱানীপুৰত প্ৰাৰ্থীত্ব দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰি প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে ।

বিটিআৰত বিজেপিয়ে কাৰ হৈ প্ৰচাৰ চলাব !
বিটিআৰত বিজেপিয়ে কাৰ হৈ প্ৰচাৰ চলাব !

বিজেপিয়ে তামুলপুৰ সমষ্টি ইউপিপি এলক এৰি দি গোসাইগাঁৱত বিপিএফ আৰু ইউপিপি এক বন্ধুত্বপূর্ণ প্ৰতিদ্বন্দিতা কৰিবলৈ পৰামর্শ দিছে । ইয়াৰ বিপৰীতে বিজেপি মিত্ৰজোঁটত অংশগ্ৰহণ কৰিবলৈ নতুনকৈ আগবাঢ়ি অহা বিপিএফক ভৱানীপুৰত বিজেপিক সহায় কৰিবলৈ আহ্বান জনোৱা হৈছে ।

লক্ষণীয় বিষয় যে, ভৱানীপুৰ কেইবাটাও কার্যকালৰ বাবে বিপিএফৰ দখলত আছিল । ২ অক্টোবৰত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ বাসগৃহত বিপিএফৰ নেতা হাগ্ৰামা মহিলাৰী, বিধায়ক দুর্গাদাস বড়ো, ৰবিৰাম নাৰ্জাৰীয়ে আলোচনাত মিলিত হৈছিল । দলটোৰ ৰৌতাত অনুষ্ঠিত কাৰ্যকৰী কমিটীৰ বৈঠকতো গোসাইগাঁৱত মিত্ৰজোঁটৰ অংশীদাৰ দল হিচাপে বিপিএফে প্ৰাৰ্থী থিয় কৰোৱাৰ কথা ঘোষণা কৰিছে । বিপিএফৰ মুৰব্বী মহিলাৰীয়ে বিজেপিয়ে বিচৰা ধৰণে ভৱানীপুৰত বিজেপিৰ প্ৰাৰ্থীক উপ-নিৰ্বাচনত সকলো ধৰণে সহায় কৰা হ'ব বুলি উল্লেখ কৰিছে ।

বিটিআৰত বিজেপিয়ে কাৰ হৈ প্ৰচাৰ চলাব !
বিটিআৰত বিজেপিয়ে কাৰ হৈ প্ৰচাৰ চলাব !

গোসাইগাঁও সমষ্টিৰ উপ-নিৰ্বাচনত কেন্দ্ৰ কৰি বিটিআৰত জটিলতাৰ সৃষ্টি হৈছে । আৰম্ভ হৈছে ৰাজনৈতিক সমীকৰণ । বিপিএফৰ মুৰব্বী হাগ্ৰামা মহিলাৰীয়ে দাবী কৰা মতে বিপিএফ দল বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটত থকাটো চূড়ান্ত হৈছে আৰু এই ক্ষেত্ৰত আনুষ্ঠানিক ঘোষণাহে বাকী আছে । ইফালে বিপিএফ দলে নিজৰ প্ৰাৰ্থী হিচাপে গোসাইগাঁও সমষ্টিৰ বাবে ধ্ৰুৱ কুমাৰ ব্ৰহ্ম নাৰ্জাৰীৰ নাম ঘোষণা কৰিছে ।

উপ-নিৰ্বাচনত অনুষ্ঠিত হ'বলগীয়া আন আন সমষ্টিক লৈ মিত্ৰজোঁটত থকা দলসমূহৰ মাজত কোনো ধৰণৰ দ্বি-মত নাই যদিও গোসাইগাঁও সমষ্টিক লৈ বিজেপি যে ধর্ম-সংকটত পৰিব সেই কথা একপ্ৰকাৰ নিশ্চিত হৈ পৰিছে । বিটিআৰৰ দুই ৰাজনৈতিক শক্তি বিপিএফ আৰু ইউপিপিএল দল বিজেপি মিত্ৰজোঁটৰ সংগী হোৱাৰ ফলত বিজেপিয়ে সমষ্টিটোত কোন দলৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাব সেয়া লক্ষ্যণীয় হৈ পৰিছে ।

বিটিআৰত বিজেপিয়ে কাৰ হৈ প্ৰচাৰ চলাব !
বিটিআৰত বিজেপিয়ে কাৰ হৈ প্ৰচাৰ চলাব !

ইতিমধ্যে প্ৰমোদ বড়ো নেতৃত্বৰ ইউপিপিএল দলে তামুলপুৰৰ বাবে প্ৰাক্তন এবছু নেতা জলেন দৈমাৰী আৰু গোসাইগাঁৱৰ বাবে বি টি চিৰ প্ৰাক্তন সদস্য জিৰন বসুমতাৰীৰ নাম ঘোষণা কৰিছে । বিটিচিত দুয়োটা দলেই পৰস্পৰ বিৰোধী অৱস্থানত আছে । তেনেস্থলত বিজেপিয়ে গোসাইগাঁৱত বিপিএফ নে ইউপিপিএলৰ পক্ষ গ্ৰহণ কৰিব সেয়া অতি লক্ষণীয় হ'ব ।

লগতে পঢ়কঃ কাছাৰ জিলাৰ জিৰিঘাটত সন্দেহ জনক দুই উগ্ৰপন্থী কেডাৰ আৰক্ষীৰ জালত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.