দেশৰ Palm Oil কেন্দ্ৰলৈ পৰিণত হ'ব উত্তৰ-পূৱৰ ৰাজ্যসমূহ

author img

By

Published : Oct 6, 2021, 11:17 AM IST

Updated : Oct 6, 2021, 12:37 PM IST

Union minister Narendra Singh Tomar program

গুৱাহাটীত উত্তৰ-পূৱৰ ৰাজ্যসমূহত খোৱা তেল ‘Palm Oil’ বিষয়ক ৰাষ্ট্ৰীয় অভিযান সন্দৰ্ভত বাণিজ্য সন্মিলন । ১১,০৪০ কোটি টকা ব্যয়েৰে আগন্তুক ৫ বছৰত উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহত ৩.২৮ লাখ হেক্টৰ আৰু ভাৰতৰ অন্যান্য প্ৰান্তৰ ৩.২২ হেক্টৰ ভূমিত ‘Palm Oil’ৰ অধীনত ৬.৫ লাখ হেক্টৰৰ অতিৰিক্ত এলেকা সামৰি লোৱা হ’ব ।

গুৱাহাটী, 6 অক্টোবৰ : গুৱাহাটীত মঙলবাৰে উত্তৰ-পূৱৰ ৰাজ্যসমূহত ‘Palm Oil’ বিষয়ক ৰাষ্ট্ৰীয় অভিযান সন্দৰ্ভত বাণিজ্য সন্মিলন অনুষ্ঠিত হয় । উত্তৰ-পূৰ্বাঞ্চলৰ সামগ্ৰিক আৰু সন্তুলিত প্ৰগতিৰ বাবে প্ৰধানমন্ত্ৰীৰ দৃষ্টিভংগীৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰীয় কৃষি মন্ত্ৰী নৰেন্দ্ৰ সিং টোমৰৰ অধ্যক্ষতাত ‘Palm Oil’ প্ৰকল্পত পানী দিয়া আৰু ‘Palm Oil’ খেতিৰ ওপৰত এখন চলচ্চিত্ৰ প্ৰদৰ্শনৰ সৈতে সন্মিলন আৰম্ভ হয় ।

Union minister Narendra Singh Tomar program
দেশৰ Palm Oil কেন্দ্ৰলৈ পৰিণত হ'ব উত্তৰ-পূৱৰ ৰাজ্যসমূহ

গুৱাহাটীৰ হোটেল তাজ ভিভান্তাত অনুষ্ঠিত সন্মিলনত কেন্দ্ৰীয় কৃষি মন্ত্ৰী নৰেন্দ্ৰ সিং টোমৰে দৃঢ়তাৰে কয় যে, উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহত ‘Palm Oil’ প্ৰচাৰৰ বাবে গুৰুত্বপূৰ্ণ হস্তক্ষেপ কৰাৰ চৰকাৰৰ সিদ্ধান্তই উত্তৰ-পূৱৰ ৰাজ্যসমূহক দেশৰ ‘Palm Oil’ কেন্দ্ৰত পৰিণত কৰিব । তেওঁ শস্যৰ বিকাশৰ বাবে সমান ভূমিকা পালন কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰাৰ লগতে বীজ নাৰ্ছাৰী, ড্ৰিপ জলসিঞ্চন, কাৰিকৰী বেক আপ, মিল স্থাপন, ক্ৰয় কেন্দ্ৰ আৰু কৃষকসকলৰ প্ৰশিক্ষণৰ বাবে বৃহৎ বিনিয়োগ কৰাৰো আশ্বাস প্ৰদান কৰে ।

তেওঁ লগতে কয় যে, উত্তৰ-পূৱৰ ৰাজ্যসমূহৰ বাবে বিশেষ পেকেজ আৰু সহায়ে কৃষকসকলৰ আৰ্থ-সামাজিক স্থিতি সলনি কৰিব আৰু আন্তঃগাঁথনি উন্নয়নৰ লগতে প্ৰতিষ্ঠিত ‘Palm Oil’ মিলসমূহত নিযুক্তিৰ সুযোগ মুকলি কৰিব । কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে লগতে জনায় যে, এই ব্যৱসায় সন্মিলনৰ লক্ষ্য হৈছে এলেকা সম্প্ৰসাৰণ আৰু প্ৰচেছৰৰ জৰিয়তে বিভিন্ন ৰাজ্যৰ বাবে নিৰ্ধাৰিত সামগ্ৰিক প্ৰয়োজনীয়তা পূৰণ, সাৰ্থকতাৰ ব্যৱধান পৰিশোধৰ বিৱৰণ, হস্তক্ষেপ আৰু এই অভিযানৰ অধীনত সহায়ৰ লক্ষ্য অন্বেষণ কৰা ।

দেশৰ Palm Oil কেন্দ্ৰলৈ পৰিণত হ'ব উত্তৰ-পূৱৰ ৰাজ্যসমূহ

লগতে তেওঁ কয় যে, মুঠ ১১,০৪০ কোটি টকা ব্যয়েৰে এই অভিযানে আগন্তুক ৫ বছৰত উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহত ৩.২৮ লাখ হেক্টৰ আৰু ভাৰতৰ অন্যান্য প্ৰান্তৰ ৩.২২ হেক্টৰ ভূমিত ‘Palm Oil’ৰ অধীনত ৬.৫ লাখ হেক্টৰৰ অতিৰিক্ত এলেকা সামৰি ল’ব । কেন্দ্ৰীয় কৃষি মন্ত্ৰীগৰাকীয়ে লজিষ্টিক সমৰ্থন আগবঢ়োৱাৰ বাবে অসম চৰকাৰক ধন্যবাদ জ্ঞাপন কৰি উল্লেখ কৰে যে, নতুন আঁচনিখনে নিশ্চিতভাৱে ভোজ্য তেলৰ ক্ষেত্ৰত আত্মনিৰ্ভৰশীলতাৰ পথ প্ৰশস্ত কৰিব আৰু ভাৰতক আত্মনিৰ্ভৰশীলতাৰ পথত আগুৱাই নিব ।

লগতে পঢ়ক : ধীৰেনপাৰাৰ ডকাইতি কাণ্ডৰ সৈতে জড়িত নেকি খোদ আৰক্ষী ?

তেওঁ কয় যে, মূল্য নিশ্চিতৰ জৰিয়তে ‘Palm Oil’ খেতিয়কসকলক সুৰক্ষা দিবলৈ চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ । এই মিছনৰ অধীনত ‘Palm Oil’ খেতিয়কসকলক সকলো প্ৰয়োজনীয় সহায় আগবঢ়োৱা হ'ব বুলি আশ্বাস দিয়ে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে । ইফালে কেন্দ্ৰীয় ড'নাৰ মন্ত্ৰী জি কিষাণ ৰেড্ডীয়ে কয় যে, ভেষজ ‘Palm Oil’ আঁচনিখন কৃষকসকলৰ বাবে আৰু লগতে অঞ্চলটোৰ উন্নয়নৰ বাবে এক লাভজনক আঁচনি হিচাপে বিবেচিত হ’ব । তেওঁ লগতে বিনিয়োগকাৰী আৰু উদ্যোগপতি সকলক উত্তৰ-পূৰ্বাঞ্চলত বিনিয়োগ কৰিবলৈ অনুৰোধ জনায় ।

Union minister Narendra Singh Tomar program
বাণিজ্য সন্মিলন

কৃষি সচিব সঞ্জয় আগৰৱালে চৰকাৰৰ দৃষ্টিভংগীৰ কথা উল্লেখ কৰি সন্মিলনৰ সুৰ নিৰ্ধাৰণ কৰে । যুটীয়া সচিব শুভ ঠাকুৰে এই অভিযানৰ ৰূপৰেখাৰ ওপৰত এক প্ৰেজেণ্টেচন প্ৰদান কৰে । উল্লেখ্য যে, নাবাৰ্ডৰ দ্বাৰা গঠন কৰা FPO সমূহৰ বাবে প্ৰমাণপত্ৰ বিতৰণ কৰা হৈছে আৰু নৱীকৰণযোগ্য সেউজ ইন্ধন জৈৱ ইথানল উৎপাদনৰ বাবে ভাৰতত এনেধৰণৰ প্ৰথম জৈৱ শোধনাগাৰ স্থাপনৰ বাবে ABPRL আৰু নুমলীগড় শোধনাগাৰৰ সৈতে এক বুজাবুজি চুক্তি স্বাক্ষৰিত হৈছে ।

সন্মিলনখনত "উত্তৰ-পূৱ ৰাজ্যসমূহত ‘Palm Oil’ খেতিৰ উন্নত ব্যৱস্থাপনা পদ্ধতি" শীৰ্ষক পুথি উন্মোচন কৰা হয় । সন্মিলনত অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে কয় যে, উৰ্বৰ ভূমি আৰু জলবায়ুৰ সুবিধা লৈ কৃষি খণ্ডৰ বিকাশৰ বাবে বিনিয়োগকাৰীসকলে আহি উত্তৰ-পূবত বৃহৎ পৰিমাণে বিনিয়োগ কৰাৰ সময় আহি পৰিছে । তেওঁ লগতে আৰু কয় যে, ‘Palm Oil’ৰ বিশেষ গুৰুত্ব আছে, কিয়নো ইয়াৰ খেতিয়ে কৃষকসকলৰ বাবে উপাৰ্জনৰ পথ মুকলি কৰিব পাৰে ।

Union minister Narendra Singh Tomar program
দেশৰ Palm Oil কেন্দ্ৰলৈ পৰিণত হ'ব উত্তৰ-পূৱৰ ৰাজ্যসমূহ

সন্মিলনত অসম চৰকাৰৰ কৃষিমন্ত্ৰী অতুল বৰাই কয় যে, বৰ্তমান অসমৰ দুখন জিলা গোৱালপাৰা আৰু কামৰূপৰ কৃষকসকল ‘Palm Oil’ খেতিত নিয়োজিত হৈ আছে । আনহাতে, আন ১৭ খন জিলাত ১৫০০ হেক্টৰ ভূমি ‘Palm Oil’ খেতিৰ অধীনলৈ অনাৰ পৰিকল্পনা আছে । কেন্দ্ৰীয় কৃষি ৰাজ্য মন্ত্ৰী কৈলাশ চৌধুৰী আৰু সুশ্ৰী শোভা কাৰান্দলাজে সন্মিলনত অংশগ্ৰহণ কৰে । সন্মিলনত অসমসহ উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ সংশ্লিষ্ট বিভাগৰ চৰকাৰী বিষয়াসকল উপস্থিত আছিল ।

লগতে পঢ়ক: কংগ্ৰেছ আৰু ৰাইজৰ দলে পৃথকে থাওৰাত প্ৰাৰ্থী দিয়াত উৎফুল্লিত সুশান্ত বৰগোহাঁই

Last Updated :Oct 6, 2021, 12:37 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.