ETV Bharat / state

ধীৰেনপাৰাৰ ডকাইতি কাণ্ডৰ সৈতে জড়িত নেকি খোদ আৰক্ষী ?

author img

By

Published : Oct 6, 2021, 10:57 AM IST

dhirenpara dacoit case
ধীৰেনপাৰাত ডকাইটি

চৰ্চাত ধীৰেনপাৰাৰ ডকাইতি কাণ্ড ৷ আটক আৰক্ষীসহ চাৰিজন ৷ তদন্ত অব্যাহত

গুৱাহাটী, ৬ অক্টোবৰ : মঙলবাৰে মহানগৰীত দিন দুপৰতে সংঘটিত হৈছিল এক ডকাইতি কাণ্ড ৷ ফটাশিল আমবাৰী আৰক্ষী থানাৰ অন্তৰ্গত ধীৰেনপাৰাত মঙলবাৰে আবেলি সংঘটিত হৈছিল এই ঘটনা ৷ এই ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলটোতে বিৰাজ কৰিছিল তীব্ৰ চাঞ্চল্যই ৷

ইতিমধ্যে এই ডকাইতি ঘটনাৰ লগত জড়িত থকাৰ সন্দেহত আৰক্ষীয়ে গণেশ দাস নামৰ এজন ব্যক্তিৰ লগতে আটক কৰিছে 4 জনকৈ লোকক ৷ ইফলে মঙলবাৰে ডকাইতৰ দলটোৱে লৈ অহা AS-01DJ-9604 নম্বৰৰ ডাষ্টাৰ বাহনখন ঘটনাস্থলীতে এৰি পলায়ন কৰিছিল ৷ সম্প্ৰতি ডাষ্টাৰ বাহনখন আৰক্ষীয়ে নিজৰ জিম্মাত ৰাখিছে ৷

আৰক্ষীৰ সন্দেহ ডকাইতি কাণ্ডৰ সময়ত ব্যৱহাৰ কৰা জব্দকৃত ডাষ্টাৰখন আটকাধীন গণেশ দাসৰ ৷

প্ৰাপ্ত তথ্য অনুসৰি, গণেশ দাস 10 ApBN ৰ জোৱান । আনহাতে, ঘটনাস্থলীৰ পৰা উদ্ধাৰ হোৱা গুলীৰ খালী কাৰ্টিজটোত পুলিচৰ গুলী বুলি সন্দেহ কৰা হৈছে । অৱশ্যে এই ঘটনা সন্দৰ্ভত আৰক্ষীয়ে বৰ্তমানেও মুখ খোলা নাই ।

লগতে পঢ়ক : ভুৱা শিক্ষক নিযুক্তি: নগাঁৱত সৰ্বশিক্ষাৰ কৰ্মচাৰী গ্ৰেপ্তাৰ

উল্লেখ্য যে, ধীৰেনপাৰা ইটাভাটা দাৰগা পথৰ নিবাসী গৌতম পালৰ ঘৰত মঙলবাৰে আবেলি প্ৰায় ৪.১০ মান বজাত এটা ৬ জনীয়া ডকাইতৰ দলে ঘৰত কোনো নথকাৰ সুযোগ লৈ শিশুৰ মূৰত পিষ্টল থৈ ঘৰৰ নগদ ধন আৰু সোণ ৰূপৰ আ-অলংকাৰ লৈ যায় । ইপিনে ডকাইতৰ দলটো যোৱাৰ সময়ত বাহিৰৰ পৰা দৰ্জা বন্ধ কৰি থৈ যোৱা দেখি লিটন মজুমদাৰ নামৰ এজনে চিঞৰ বাখৰ কৰে ৷

তাৰ পাচতে ডকাইতৰ দলটোৱে লিটন মজুমদাৰৰ মূৰত গুলিচালনা কৰি ঘটনাস্থলীত উপস্থিত থকা দুজন লোকক বন্দুক দেখুৱাই স্কুটী দুখন লৈ পলায়ন কৰে । আনহাতে, পৰৱৰ্তী সময়ত এই খবৰ লাভ কৰিয়েই ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ লিটন মজুমদাৰক হায়াত হাস্পতালত ভৰ্তি কৰোৱা হয় ।

লগতে পঢ়ক: মহানগৰীৰ ধীৰেনপাৰাত দিন দুপৰতে ডকাইতি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.