ETV Bharat / entertainment

বিকীৰ জন্মদিনতে ভায়েকৰ মনত পৰিল বিকী সলনি হোৱাৰ কথা - Sunny kaushal instagram

author img

By ETV Bharat Assamese Team

Published : May 16, 2024, 1:06 PM IST

Sunny Kaushal instagram: ছানী কৌশলে কৈছে ককায়েক বিকী কৌশল সলনি হৈছে ৷ মানুহ সময়ে সময়ে সলনি হয় বুলি সকলোৱে জানে ৷ কিন্তু ছানীয়ে বিকীৰ জন্মদিনৰ দিনাই কিয় ক’লে বাৰু বিকী কৌশল সলনি হোৱাৰ কথা ? বিয়াৰ পিচত সলনি হৈ গ’ল নেকি বিকী ? পত্নীক পাই পৰিয়ালক অৱজ্ঞা কৰা নাইতো বিকীয়ে ? সবিশেষ জানিবলৈ বাতৰিটো আগলৈ পঢ়ক-

Sunny kaushal instagram
কৌশল ভাতৃদ্বয় (etv bharat)

চিটাৰা ডেস্ক, 16 মে’ : বলীউডৰ সুন্দৰ সুঠাম চেহেৰাৰ অভিনেতা বিকী কৌশলৰ নাম শুনিলেই মুখত হাঁহি বিৰিঙি উঠে যুৱতীসকলৰ ৷ বিকীৰ ব্যক্তিত্বই সকলোকে আকৰ্ষণ কৰে ৷ কিন্তু সেই বিকীৰ কথাই আজি ভায়েক ছানীয়ে ক’লে কিছু অন্য ধৰণে ৷ বিকী কৌশলে আজি উদযাপন কৰিছে 36 সংখ্যক জন্মদিন ৷ বিশেষ দিনটোত ছানীয়ে জনাইছে শুভেচ্ছা ৷ শুভেচ্ছা জনোৱাৰ লগতে ছানীয়ে প্ৰকাশ কৰিছে বিকীৰ বিষয়ে কিছু কথা ৷

ছানী কৌশলে এখন ফটো শ্বেয়াৰ কৰিছে ৷ জন্মদিনৰ বিশেষ দিনটোত তেতিয়াৰ আৰু এতিয়াৰ দুখন ফটো শ্বেয়াৰ কৰি ছানীয়ে ককায়েকক শুভেচ্ছা জনাই কৈছে যে বিগত 36 টা বছৰত একোৱে সলনি হোৱা নাই ৷ বৃহস্পতিবাৰে শ্বিদ্দত, মিলি আদিৰ দৰে চিনেমাত অভিনয় কৰা ছানীয়ে ইনষ্টাগ্ৰামত বিকীৰ ফটো শ্বেয়াৰ কৰি জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰিছে ৷ 16 মে’ত 36 সংখ্যক জন্মদিন উদযাপন কৰিছে বিকীয়ে ৷

মৰমলগা ফটোখন শ্বেয়াৰ কৰি ছানীয়ে লিখিছে, ‘36 সালো মে জ্যাদা তো কুছ নেহি বদলা...হেপ্পী বাৰ্থডে’ কিউটি ♥️⭐️🤗 @vickykaushal09 ৷’ প্ৰথম ফটোখন বিকীৰ সৰুকালৰ ফটো য’ত কেমেৰাৰ ফালে চাই প’জ দিছে শ্বেম বাহাদুৰৰ তাৰকাজনে ৷

আনহাতে আনখন ছবি অভিনেতাজনৰ শেহতীয়া ছবি, সম্ভৱতঃ মাজনিশা জন্মদিনৰ উদযাপনৰ ছবি । ফটোখনত বিকীয়ে ক’লা হুডী পিন্ধি সন্মুখত কেক লৈ থকা দেখা গৈছে, পিছফালে হেপি বাৰ্থডে লিখা বেলুন ওলমি আছে ।

ছানীৰ পোষ্টটোত অনুৰাগীয়ে প্ৰিয় তাৰকাগৰাকীক জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰিছে ৷ এজন ইউজাৰে লিখিছে, ‘হেপ্পী বাৰ্থডে’ মাই ফেভৰিট ৷’ জন্মদিনৰ শুভেচ্ছাৰ লগতে অনুৰাগীসকল তেওঁৰ আগন্তুক ছবি Chhava ৰ বাবে অধীৰ আগ্ৰহেৰে অপেক্ষা কৰি আছে ৷

বিকীয়ে অলপতে ছবিখনৰ শ্বুটিং সমাপ্ত কৰিছে ৷ ৰশ্মিকা মান্দান্নাৰ সৈতে বিকীৰ এয়া প্ৰথম সহযোগিতা, যিয়ে এই ছবিখনত মুখ্য নাৰীৰ ভূমিকাত অভিনয় কৰিছে ৷ লক্ষ্মণ ইউটেকাৰ পৰিচালিত ছবিখন ছত্ৰপতি শিৱাজী মহাৰাজৰ পুত্ৰ ছত্ৰপতি সম্ভাজী মহাৰাজৰ জীৱনৰ ওপৰত আধাৰিত ।

ঐতিহাসিক নাটকখনত, বিকীয়ে ছত্ৰপতি সম্ভাজী মহাৰাজৰ চৰিত্ৰত অভিনয় কৰিছে, আনহাতে ৰশ্মিকাই তেওঁৰ পত্নী য়েচুবাই ভোনচেলৰ চৰিত্ৰত অভিনয় কৰিছে । দিনেশ বিজনৰ নেতৃত্বত মেডক ফিল্মছে চিনেমাখন প্ৰযোজনা কৰিছে, যিখন ২০২৪ চনৰ ৬ ডিচেম্বৰত ছবিগৃহত মুকলি হ'ব ।

লগতে পঢ়ক : বিনা প্ৰতিদ্বন্দ্বিতা-ঈৰ্ষা বিনে একেটা পেছাতে এজনে আনজনক প্ৰশংসা কৰাটো সম্ভৱ জানো ? - bollywood celebrities catfight

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.