ভুৱা শিক্ষক নিযুক্তি: নগাঁৱত সৰ্বশিক্ষাৰ কৰ্মচাৰী গ্ৰেপ্তাৰ

author img

By

Published : Oct 5, 2021, 10:17 PM IST

scam in teachers employment one arrested in nagaon

ভুৱা শিক্ষক নিযুক্তি সন্দৰ্ভত নগাঁৱত সৰ্বশিক্ষা অভিযানৰ কৰ্মচাৰীক গ্ৰেপ্তাৰ ৷ ৰূপহী খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়ত সৰ্বশিক্ষাৰ অধীনত ডিষ্ট্ৰিক্ট কোৱালিটী মেনেজাৰ পদবীত নিযুক্ত হৈ আছিল কৰ্মচাৰীজন ।

নগাঁও, 5 অক্টোবৰ : নগাঁও জিলাৰ চামগুৰিৰ পৰা সৰ্বশিক্ষা অভিযান মিচনৰ কৰ্মচাৰীক আটক কৰিছে আৰক্ষীয়ে । আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা লোকজন হৈছে চামগুৰি সাপ্তাহিক বজাৰৰ সমীপৰ উপেন মহন্তৰ পুত্ৰ মৃণাল মহন্ত । সূত্ৰ তেওঁ চামগুৰিৰ বাজিয়াগাঁওস্থিত ৰূপহী খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়ত সৰ্বশিক্ষাৰ অধীনত ডিষ্ট্ৰিক্ট কোৱালিটী মেনেজাৰ পদবীত নিযুক্ত হৈ আছিল ।

আৰক্ষীয়ে চৰকাৰী কৰ্মচাৰী জনক সোমবাৰে নিশা তেওঁৰ চামগুৰিৰ নিজা বাসভৱনৰ পৰা গ্ৰেপ্তাৰ কৰে ৷ মঙলবাৰে বিষয়াজনক আৰক্ষীয়ে অপৰাধ অনুসন্ধান বিভাগক চমজাই দিছে বুলি জানিব পৰা গৈছে । ধৃত বিষয়া জনক অপৰাধ অনুসন্ধান বিভাগে মঙলবাৰে দুপৰীয়া গুৱাহাটীলৈ লৈ যায় । সৰ্বশিক্ষা অভিযানৰ বিষয়া জনক আটক কৰাৰ কাৰণ সন্দৰ্ভত আৰক্ষীয়ে বিতংভাৱে এতিয়াও মুখ খোলা নাই ৷

অৱশ্যে, বিষয়া গৰাকীক ভুৱা টে'ট শিক্ষকৰ নিযুক্তিক কেন্দ্ৰ কৰিয়েই আটক কৰা হৈছে বুলি চামগুৰি আৰক্ষীয়ে জানিবলৈ দিয়ে ।

লগতে পঢ়ক : প্ৰিয়ংকা গান্ধীক গ্ৰেপ্তাৰ কৰাৰ বিৰুদ্ধে চামগুৰিত কংগ্ৰেছৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.