মাকৈ ভঙা ট্ৰেক্টৰেই কাল হ’ল তাছমিনাৰ - Accident at Kalgachia

By ETV Bharat Assamese Team

Published : May 16, 2024, 1:24 PM IST

thumbnail
মাকৈ ভঙা টেক্টৰৰ চেপাত থিতাতে নিহত হয় এগৰাকী 10 বছৰীয়া নাবালিকা (ETV Bharat Assam)

জনিয়া, 16 মে’ : বৰপেটা জিলাৰ কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত বালিকুৰি এন চি গাঁৱত আজি (বৃহস্পতিবাৰ) পুৱাই সংঘটিত হয় এক ভয়ানক ঘটনা । এখন মাকৈ ভঙা ট্ৰেক্টৰৰ চেপাত থিতাতে নিহত হয় এগৰাকী 10 বছৰীয়া নাবালিকা ৷ নিহত নাবালিকাগৰাকী হুৰমুজ আলীৰ কন্যা তাছমিনা খাতুন বুলি জানিব পৰা গৈছে ৷

ঘটনাৰ বিৱৰণি অনুসৰি, ইয়াৰ উদ্দিনৰ নামৰ লোকজনৰ AS19C 6840 নম্বৰৰ মাকৈ ভঙা ট্ৰেক্টৰখন লৈ গাজিবৰ ৰহমান নামৰ চালকজনে পথাৰত মাকৈ ভঙাবলৈ আহিছিল । সেই তেতিয়াই মাকৈ ৰাখিবলৈ পাৰি থোৱা জালৰ কাষতে ট্ৰেক্টৰখন ৰখাইছিল ৰহমানে ৷ মাকৈ ভাঙিবলৈ লওতেই ট্ৰেক্টৰখনৰ এটা ফালে জালখন মেৰিয়াই মেচিনৰ ভিতৰলৈ টানি লৈ যায় ৷

জালৰ লগতে টেক্টৰৰ মেচিনৰ ভিতৰলৈ সোমাই যায় 10 বছৰীয়া তাছমিনা খাতুন ৷ লগে লগে তাছমিনা খাতুনৰ মৃত্যু হয় ৷ তাৰ পাচতে সমগ্ৰ অঞ্চলটোত সৃষ্টি হয় এক হুলস্থূলীয়া পৰিৱেশৰ ৷ ইফালে সুযোগ বুজি টেক্টৰৰ চালক গাজিবৰ ৰহমানে উক্ত স্থানৰ পৰা পলায়ন কৰে ৷ ইফালে ঘটনাৰ খবৰ লাভ কৰাৰ পাচতে উক্ত স্থানত কলগাছিয়া আৰু বালিকুৰিৰ আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰে তদন্ত ৷ চতুৰ্থ শ্ৰেণীত অধ্যয়ন নাবালিকাগৰাকীৰ মৃত্যুত সমগ্ৰ অঞ্চলটোতে এক শোকাকুল পৰিৱেশৰ সৃষ্টি হৈছে ।

লগতে পঢ়ক : কাজিৰঙাত দুৰ্ঘটনাত পতিত নৈশ বাছ, কেইবাজনো আহত - Road accident

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.