ETV Bharat / sports

দৰ্শকে আৰু খেলপথাৰত দেখিবলৈ নাপাব সুনীল ছেত্ৰীৰ দুভৰিৰ যাদু - Sunil Chhetri Announces Retirement

author img

By ETV Bharat Assamese Team

Published : May 16, 2024, 12:54 PM IST

INDIA FOOTBALL ICON SUNIL CHHETRI : দুভৰিৰ ছন্দ স্তব্ধ হৈ ৰ’ব ভাৰতীয় তাৰকা ফুটবলাৰ সুনীল ছেত্ৰীৰ ৷ ভাৰতীয় ফুটবল দলৰ অধিনায়কগৰাকীয়ে জুন মাহত অৱসৰ ঘোষণা কৰে ৷ এই ঘোষণাৰ পিছতে দৰ্শক তথা অনুৰাগীৰ মনত বিষাদৰ সৃষ্টি হয় ৷

Etv Bharat
Etv Bharat (Etv Bharat)

স্প’ৰ্টছ ডেস্ক, 16 মে’ : ভাৰতীয় ফুটবলৰ একছত্ৰী সম্ৰাট সুনীল ছেত্ৰীয়ে ঘোষণা কৰিছে অৱসৰৰ সময় ৷ জুন মাহত আন্তৰাষ্ট্ৰীয় ফুটবল জগতৰ পৰা অৱসৰ গ্ৰহণ কৰিব খেলুৱৈগৰাকীয়ে ৷ তেওঁৰ সমগ্ৰ কেৰিয়াৰত ভাৰতৰ হৈ 145 খন মেচত অংশগ্ৰহণ কৰি 93 টা গ’ল কৰাৰ অভিজ্ঞতা আছে ৷ ভাৰতীয় ফুটবল দলৰ অধিনায়কজনে এক ভিডিঅ’ৰ জৰিয়তে তেওঁৰ অৱসৰৰ বিষয়ে ঘোষণা কৰে ৷

খেলুৱৈগৰাকীয়ে বৃহস্পতিবাৰে 6 জুনত কলকাতাত কুৱেইটৰ বিৰুদ্ধে ফিফা বিশ্বকাপৰ যোগ্যতা অৰ্জনকাৰী খেলৰ পিছত আন্তঃৰাষ্ট্ৰীয় ফুটবলৰ পৰা অৱসৰ লোৱাৰ সিদ্ধান্ত ঘোষণা কৰে ৷ প্ৰায় দুটা দশক ধৰি দুভৰিৰ যাদুৰে দৰ্শক তথা অনুৰাগীক মোহাচ্ছিন্ন কৰি ৰখা খেলুৱৈগৰাকীৰ আছে এক গৌৰৱময় কেৰিয়াৰ ৷

ৰাষ্ট্ৰীয় ফুটবল দলৰ অধিনায়কজনে তেওঁৰ ছ'চিয়েল মিডিয়া একাউণ্টত পোষ্ট কৰা এটা ভিডিঅ'ৰ জৰিয়তে এই সিদ্ধান্ত ঘোষণা কৰে । ফুটবলৰ ক্ষেত্ৰখনত ভাৰতে বৰ্তমান গ্ৰুপ এ ত চাৰি পইণ্টৰ সৈতে দ্বিতীয় স্থানত আছে ৷

ছেত্ৰীৰ অৱসৰৰ বাৰ্তা:

৩৯ বছৰীয়া ছেত্ৰীয়ে অৱসৰৰ সিদ্ধান্ত ঘোষণা কৰাৰ সময়ত, "কুৱেইটৰ বিৰুদ্ধে অন্তিম খেলখন" বুলি এক ভিডিঅ’ বাৰ্তা সামাজিক মাধ্যমযোগে শ্বেয়াৰ কৰে ।

"যোৱা ১৯ বছৰত মোৰ মনলৈ অহা অনুভৱটো হৈছে কৰ্তব্য, চাপ আৰু অপৰিসীম আনন্দৰ এক অতি সুন্দৰ সংমিশ্ৰণ । যেতিয়া মই সিদ্ধান্ত লৈছিলো যে, এই খেলখনে মোৰ কেৰিয়াৰৰ অন্তিমখন খেল হ'ব, মই মোৰ পৰিয়ালক এই বিষয়ে কৈছিলো । মোৰ দেউতাৰ প্ৰতিক্ৰিয়া স্বাভাৱিক আছিল । তেওঁ মোৰ এই সিদ্ধান্তত সকাহ পোৱাৰ লগতে সুখীও হৈছিল ৷ কিন্তু মোৰ পত্নীৰ প্ৰতিক্ৰিয়া কিছু পৃথক আছিল" বুলি খেলুৱৈগৰাকীয়ে প্ৰকাশ কৰে ৷

"আনকি তেওঁলোকে মোৰ চকুত কিহৰ চকুপানী আছিল, সেয়া এবাৰলৈও সোধা নাছিল ৷ মই যে ভাগৰুৱা আছিলো এনে নহয়, বিপৰীতে যেতিয়া মোৰ মনলৈ আহিল যে মই আৰু খেলিব নোৱাৰিম, তেতিয়াই এই সিদ্ধান্ত গ্ৰহণ কৰিলো" বুলি ফুটবল সম্ৰাটগৰাকীয়ে ব্যক্ত কৰে ৷

কেৰিয়াৰৰ আৰম্ভণি:

"এনে এটা দিন আছে, যিটো মই কেতিয়াও পাহৰি নাযাওঁ ৷ মই মনত ৰাখিম সেই দিনটো, যেতিয়া মই প্ৰথমবাৰৰ বাবে দেশৰ জনতাৰ হকে খেলিছিলো ৷ এয়া অবিশ্বাস্য আছিল । খেলৰ আগদিনা, খেলৰ দিনা পুৱাও মোৰ প্ৰথম ৰাষ্ট্ৰীয় দলৰ প্ৰশিক্ষক সুখী চাৰ মোৰ ওচৰলৈ আহি সুধিছিল, "আপুনি আৰম্ভ কৰিব"?

সেই সময়ত হোৱা অনুভৱ মই বৰ্ণনা কৰিব নোৱাৰিম ৷ মই ততালিকে মোৰ জাৰ্ছীতো লৈ কিছু পাৰফিউম লগাইছিলো ৷ নাজানো কিয় মই তেনে কৰিছিলো ৷ গতিকে সেইদিনা খেলৰ শেষৰ 80 মিনিটলৈকে হোৱা অনুভৱ মই কেতিয়াও পাহৰিব নোৱাৰিম ৷ সেই দিনটো মোৰ ৰাষ্ট্ৰীয় দললৈ হোৱা যাত্ৰাৰ অন্যতম শ্ৰেষ্ঠ দিন হিচাপে পৰিচিত"- খেলুৱৈ গৰাকীয়ে কেৰিয়াৰৰ প্ৰথমখন খেলত হোৱা অভিজ্ঞতা সন্দৰ্ভত এনেদৰে অনুভৱ ব্যক্ত কৰে ৷

ছেত্ৰীৰ আৱেগিক বাৰ্তা:

"ইয়াৰ পিছত মই দুখী হ'ম নেকি ? নিশ্চয় ! ইয়াৰ বাবে মই প্ৰতিদিনে দুখ অনুভৱ কৰিম নেকি? হয়" ! খেলুৱৈগৰাকীৰ মাত্ৰ 20 দিনৰ পিছতে সামৰণি পৰিব প্ৰশিক্ষণৰ ৷ খেলুৱৈগৰাকীয়ে লগতে ভিডিঅ’ত উল্লেখ কৰে যে, তেওঁৰ ভিতৰৰ শিশুটোৱে সদায়ে খেলি যাবলৈ বিচাৰে ৷

উল্লেখ্য যে, কুৱেইটৰ বিৰুদ্ধে তৃতীয় ৰাউণ্ডৰ খেলৰ বাবে যোগ্যতা অৰ্জন কৰিবলৈ ভাৰতীয় দলটোক তিনি পইণ্টৰ প্ৰয়োজন ।

ছেত্ৰীৰ ঊৰ্ধমুখী কেৰিয়াৰ:

বৰ্তমান সক্ৰিয় খেলুৱৈসকলৰ ভিতৰত তৃতীয় সৰ্বাধিক আন্তঃৰাষ্ট্ৰীয় গ'ল (১৫০ খন খেলত ৯৪) দিয়াৰ খিতাপ অৰ্জন কৰিছে সুনীল ছেত্ৰীয়ে ৷ এই তালিকাত আৰ্জেণ্টিনাৰ কিংবদন্তী ফুটবলাৰ লিঅ’নেল মেছিৰ (১৮০ খন খেলত ১০৬) পিছতে দ্বিতীয় স্থান দখল কৰিছে পৰ্তুগালৰ ফুটবলাৰ ক্ৰিষ্টিয়ানো ৰ’ণাল্ডোই (২০৫ খন মেচত ১২৮) ।

ভাৰতৰ হৈ ছেত্ৰীয়ে মাৰ্চত ১৫০ তম খেলখনত অংশগ্ৰহণ কৰিছিল ৷ গুৱাহাটীত অনুষ্ঠিত এই খেলত আফগানিস্তানৰ বিৰুদ্ধে ছেত্ৰীয়ে গ'ল কৰিছিল যদিও ভাৰতে সেই খেলখন ১-২ ব্যৱধানত হেৰুৱাইছিল । ২০০৫ চনত আন্তৰাষ্ট্ৰীয় ফুটবল কেৰিয়াৰত আত্মপ্ৰকাশ ঘটোৱা ছেত্ৰীয়ে দেশৰ হৈ ৯৪ টা গ'ল কৰিছে ।

ছেত্ৰীৰ ধন্যবাদমূলক পোষ্ট:

সুনীল ছেত্ৰীয়ে আৱেগিকভাৱে সামাজিক মাধ্যমৰ জৰিয়তে তেওঁৰ কেৰিয়াৰৰ সৈতে জড়িত প্ৰতিগৰাকী ব্যক্তিকে ধন্যবাদ জ্ঞাপন কৰে ৷ আনকি তেওঁৰ বিৰুদ্ধে খেলত অৱতীৰ্ণ হোৱা প্ৰতিটো দলৰ প্ৰতিগৰাকী খেলুৱৈকে তেওঁ ধন্যবাদ আৰু কৃতজ্ঞতা জনায় ৷

খেলুৱৈগৰাকীৰ 19 বছৰীয়া কেৰিয়াৰৰ সৈতে জড়িত অনুৰাগীসকলক উদ্দেশ্যি কয় যে, এই সিদ্ধান্তই নিশ্চয় তেওঁলোকক সুখী কৰিব ৷ মুকুটবিহীন ফুটবল সম্ৰাট গৰাকীয়ে কেৰিয়াৰৰ অন্তিমখন খেলত জয়ী হোৱাৰ বাবে দৰ্শক, অনুৰাগীৰ আশীৰ্বাদ কামনা কৰে ৷

লগতে পঢ়ক: AIFFৰ সদস্য দীপক শৰ্মাক পৰৱৰ্তী নিৰ্দেশনা জাৰি নকৰা পৰ্যন্ত নিলম্বন ফেডাৰেছনৰ - AIFF ACTION

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.