ETV Bharat / sports

AIFFৰ সদস্য দীপক শৰ্মাক পৰৱৰ্তী নিৰ্দেশনা জাৰি নকৰা পৰ্যন্ত নিলম্বন ফেডাৰেছনৰ - AIFF ACTION

author img

By ETV Bharat Assamese Team

Published : Apr 2, 2024, 8:24 PM IST

AIFF Suspends Deepak Sharma Until Further Notice
AIFFৰ সদস্য দীপক শৰ্মাক পৰৱৰ্তী নিৰ্দেশনা জাৰি নকৰা পৰ্যন্ত নিলম্বন ফেডাৰেছনৰ

AIFF action: অল ইণ্ডিয়া ফুটবল ফেডাৰেচনে কাৰ্যনিৰ্বাহক সমিতিৰ সদস্য দীপক শৰ্মাক নিলম্বন কৰিছে । পৰৱৰ্তী জাননী নিদিয়ালৈকে ফুটবল সম্পৰ্কীয় কোনো কামত অংশগ্ৰহণ কৰিব নোৱাৰিব শৰ্মাই ৷ মহিলা খেলুৱৈক শাৰীৰিক নিৰ্যাতন চলোৱাৰ অভিযোগত গোৱা আৰক্ষীয়ে শনিবাৰে গ্ৰেপ্তাৰ কৰিছিল দীপক শৰ্মাক ৷

স্পৰ্ষ্টছ ডেস্ক, ২ এপ্ৰিল: গোৱাত অনুষ্ঠিত হোৱা ইণ্ডিয়ান উইমেনছ লীগ ২ৰ সময়ত দুগৰাকী মহিলা ফুটবলাৰক নিৰ্যাতন চলোৱা প্ৰশাসক দীপক শৰ্মাক পৰৱৰ্তী জাননী নিদিয়ালৈকে ফুটবল সম্পৰ্কীয় কোনো কামত অংশগ্ৰহণ কৰাত নিষেধাজ্ঞা আৰোপ কৰিছে সৰ্বভাৰতীয় ফুটবল ফেডাৰেচনৰ কাৰ্যনিৰ্বাহক সমিতিয়ে ।

  • " class="align-text-top noRightClick twitterSection" data="">

সমিতিয়ে লগতে এই বিষয়টোৰ তদন্তৰ বাবে গঠন কৰা তদৰ্থ সমিতিখন ভংগ কৰি নিজৰ অনুশাসন সমিতিলৈ প্ৰেৰণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে । ক্ৰীড়া মন্ত্ৰালয়ে বিষয়টোৰ প্ৰতি লক্ষ্য ৰাখি মহিলা খেলুৱৈৰ সুৰক্ষা সুনিশ্চিত কৰাৰ বাবে পদক্ষেপ ল’বলৈ কোৱাৰ পিছতে এই তদৰ্থ পেনেল গঠন কৰা হয় ।

মঙলবাৰে এই তথ্য দি এ আই এফ এফে কয় যে এই সন্দৰ্ভত সভাপতি, উপ-সভাপতি আৰু কোষাধ্যক্ষৰে গঠিত এ আই এফ এফৰ জৰুৰীকালীন কমিটিয়ে সোমবাৰে গোৱাত বৈঠকত মিলিত হৈ আই ডব্লিউ এল ২ৰ ঘটনা আৰু একাংশ খেলুৱৈৰ পৰা পোৱা অভিযোগৰ বিষয়ে আলোচনা কৰে । ইয়াৰ পিচতে সেইদিনা গভীৰ সন্ধিয়া এআইএফএফৰ সদস্য সন্থাৰ প্ৰতিনিধিৰ এখন বৈঠক অনুষ্ঠিত হয় ।

বৈঠকৰ পূৰ্বে দীপক শৰ্মাক মাতি অনা হয় আৰু তেওঁৰ বক্তব্য শুনাৰ পাচত তেওঁক সভা এৰি যাবলৈ পৰামৰ্শ দিয়া হয় । ইয়াৰ পিচতে সদস্য সংঘৰ প্ৰতিনিধিয়ে নিজৰ মতামত আৰু পৰামৰ্শ আগবঢ়াই আৰু মঙলবাৰে বিয়লি কাৰ্যনিৰ্বাহক সমিতিৰ জৰুৰী বৈঠক আহ্বান কৰি বিষয়টোৰ পৰৱৰ্তী পদক্ষেপৰ বিষয়ে আলোচনা কৰাৰ বাবে সিদ্ধান্ত লোৱা হয় । মঙলবাৰে কাৰ্যনিৰ্বাহক সমিতিৰ সদস্যসকলৰ এখন বৈঠক অনুষ্ঠিত হয় আৰু বিতং আলোচনাৰ অন্তত কাৰ্যনিৰ্বাহক সমিতিয়ে ৩০ মাৰ্চত গঠন কৰা পিংকি বৌমপাল মাগৰৰ নেতৃত্বত গঠন হোৱা তদৰ্থ সমিতিখন ভংগ কৰি তৎক্ষণাত বিষয়টো এআইএফএফৰ অনুশাসন সমিতিলৈ প্ৰেৰণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

ইফালে, এআইএফএফৰ কাৰ্যনিৰ্বাহক সমিতিয়ে দীপক শৰ্মাক পৰৱৰ্তী জাননী নিদিয়ালৈকে ফুটবল সম্পৰ্কীয় কোনো কামত অংশগ্ৰহণৰ পৰা নিলম্বন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে ।

লগতে পঢ়ক: AIFF ক নিলম্বনৰ কিছু কথা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.