কংগ্ৰেছ আৰু ৰাইজৰ দলে পৃথকে থাওৰাত প্ৰাৰ্থী দিয়াত উৎফুল্লিত সুশান্ত বৰগোহাঁই

By

Published : Oct 5, 2021, 9:33 PM IST

thumbnail

এতিয়া ৰাজ্যৰ ৰাজনীতিত উপ-নিবাৰ্চনৰ বতাহ বলিছে । উপ-নিৰ্বাচনত বিজেপি বিৰোধী সকলো ৰাজনৈতিক দল একলগ হোৱাৰ কথা ৰাজহুৱা হোৱাৰ পাছতে শংকিত হৈছিল শাসক দল বিজেপি । বিশেষকৈ উজনিৰ থাওৰা সমষ্টিত । কিন্তু বিৰোধী দল সমূহৰ মাজত বহু আলোচনাৰ পাছতো তেনে পৰিবেশ দৃষ্টি নহ'ল । থাওৰাত কংগ্ৰেছ আৰু ৰাইজৰ দলে পৃথকে পৃথকে প্ৰাৰ্থী দিয়াত উৎফুল্লিত বিজেপি প্ৰাৰ্থী সুশান্ত বৰগোহাঁই । পুনৰ বিজেপিৰ বিধায়ক হোৱাৰ পথ সুগম হ'ল সুশান্ত বৰগোহাঁইৰ তেনে অনুমান কৰিছে বহুতে । প্ৰাক্তন কংগ্ৰেছ বিধায়ক সুশান্ত বৰগোঁহায়ে মঙলবাৰে সাংবাদিকৰ আগত নিজেই ক'লে মূল যুঁজ কংগ্ৰেছৰ লগত হ'ব যদিও তেওঁৰ জয় নিশ্চিত । লগতে কয়, ৰাইজৰ দলে প্ৰচাৰৰ চেষ্টা কৰিছে যদিও ৰাইজৰ দলে কংগ্ৰেছৰ ভোট ভাঙি বিজেপিক সহায় কৰিব । থাওৰাৰ ৰাইজে ড৹ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বত চৰকাৰৰ উন্নয়নত অংশীদাৰ হ'ব বিচাৰে । পূৰ্বে থাওৰাৰ ৰাইজে কংগ্ৰেছে চৰকাৰ গঠন কৰিব বুলি ভোট কংগ্ৰেছক দিছিল কিন্তু এতিয়া নিবাৰ্চনৰ পৰিবেশ সম্পূৰ্ণ বেলেগ । এতিয়া ৰাইজে উন্নয়নৰ কাৰণে ভোট দিব । লগতে প্ৰাক্তন কংগ্ৰেছী বিধায়ক জনে এতিয়াও থাওৰাত কংগ্ৰেছৰ গণ ভেটি ভাল বুলি নিজেই সাংবাদিকৰ আগত স্বীকাৰ কৰিছে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.