ETV Bharat / state

বামুনবড়িৰ খিলঞ্জীয়া লোকক আক্ৰমণত জড়িত 8 অভিযুক্তক আটক - Mob Attack In Kayakuchi

author img

By ETV Bharat Assamese Team

Published : May 16, 2024, 7:06 PM IST

Allegation of mob attack: বামুণবড়ি গাঁৱত খিলঞ্জীয়াৰ ওপৰত দলৱদ্ধ আক্ৰমণৰ ঘটনাৰ লগত জড়িত 8 অভিযুক্তক আটক আৰক্ষীৰ ৷

Allegation of mob attack
বৰপেটাত খিলঞ্জীয়াক দলৱদ্ধ আক্ৰমণ: 8 অভিযুক্তক গ্ৰেপ্তাৰ (Etv Bharat assam)

বৰপেটা, ১৬ মে: যোৱা 14 মে’ত বৰপেটাৰ ভৱানীপুৰৰ বামুনবড়ি গাঁৱত খিলঞ্জীয়া লোকৰ ওপৰত দলৱদ্ধ আক্ৰমণৰ ঘটনাৰে জড়িত থকাৰ অভিযোগত বৃহস্পতিবাৰে 8 টা অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে ৷ ধৃত 8 অভিযুক্ত কেইটা হ'ল- জাকিৰ খান, আতোৱাৰ আলী, ইনজামামুল হক, জয়নাল আবেদিন, নুৰ মহম্মদ, চাহাব আলী, নিৰাজুল মিঞা আৰু ববীদুল খান ৷ আটকাধীন আটাইকেইটা অভিযুক্তৰ ঘৰ হাউলী থানাৰ অধানৰ কঠালৰট্টাৰী গাঁৱত বুলি জানিব পৰা গৈছে ৷

এই ঘটনাৰ পিচতে মুখ্যমন্ত্ৰীৰ নিৰ্দেশত কালি অৰ্থাৎ 15 মে’ত এই দলৱদ্ধ আক্ৰমণ ঘটনাৰ বুজ ল’বলৈ অঞ্চলটোত মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই ঘটনাস্থলীত উপস্থিত হৈ দোষীক কৰায়ত্ত্ব কৰাৰ নিৰ্দেশ দিছিল ৷ এই নিৰ্দেশৰ পিচতে বুধবাৰে নিশা কয়াকুছি আৰক্ষী চকীৰ আৰক্ষীয়ে 8 টা অভিযুক্তক আটক কৰে ৷ অভিযুক্তকেইটাক বৃহস্পতিবাৰে আৰক্ষীয়ে বৰপেটা ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱা হৈছে ৷

উল্লেখ্য যে, বৰপেটা জিলাৰ কয়াকুছিৰ সমীপৰ বামুণবড়ি গাঁৱত মঙলবাৰে দলৱদ্ধ আক্ৰমণক লৈ এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ৷ মঙলবাৰে বিয়লি এটা সৰু ঘটনাক কেন্দ্ৰ কৰি একাংশ সংখ্যালঘুৰ লোকে বামুনবড়ি গাঁৱৰ খিলঞ্জীয়া অসমীয়া লোকক দলবদ্ধভাৱে আক্ৰমণ কৰিছিল ৷ এই আক্ৰমণৰ ঘটনাত প্ৰণৱ দাস, বিকাশ দাস, মৌচম দাস আৰু কনজ্যোতি তালুকদাৰ নামৰ চাৰিজন লোক গুৰুতৰভাৱে আহত হয় ৷ জহুৰ খাঁ নামৰ এজন লোকৰ নেতৃত্বত এই ঘটনা সংঘটিত হৈছিল বুলি ভুক্তভোগীয়ে অভিযোগ উত্থাপন কৰিছিল ৷

ভুক্তভোগীয়ে ইয়াৰ পিচতেই এই ঘটনা সংক্ৰান্তত কয়াকুছি আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছিল কালি পৰ্যন্ত এই ঘটনাক লৈ নিৰৱ ভূমিকা পালন কৰিছিল আৰক্ষীয়ে ৷

লগতে পঢ়ক: বামুনবড়িৰ ঘটনাক ভৰ্ৎসনা; বিজেপি চৰকাৰে খিলঞ্জীয়াক দিব সুৰক্ষা: মন্ত্ৰী জয়ন্তৰ আশ্বাস - Mob Attack In Kayakuchi

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.