ETV Bharat / state

বামুনবড়িৰ ঘটনাক ভৰ্ৎসনা; বিজেপি চৰকাৰে খিলঞ্জীয়াক দিব সুৰক্ষা: মন্ত্ৰী জয়ন্তৰ আশ্বাস - Mob Attack In Kayakuchi

author img

By ETV Bharat Assamese Team

Published : May 15, 2024, 9:07 PM IST

Mob Attack at Bamunbari: বৰপেটাৰ কয়াকুছিৰ সমীপৰ বামুনবড়ি গাঁৱত খিলঞ্জীয়াৰ ওপৰত দলৱদ্ধ আক্ৰমণৰ ঘটনাৰ বুজ ল’লে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই ৷ ই এক চিন্তাজনক বিষয় বুলি মন্তব্য কৰে মন্ত্ৰীজনে ৷

MOB ATTACK IN KAYAKUCHI
খিলঞ্জীয়াৰ ওপৰত দলবদ্ধ আক্ৰমণৰ ঘটনা সন্দৰ্ভত মন্ত্ৰী জয়ন্ত মল্লবৰুৱা (ETV BHARAT ASSAM)

বৰপেটাৰ বামুনবড়ি গাঁৱত মন্ত্ৰী জয়ন্ত মল্লবৰুৱা (ETV BHARAT ASSAM)

বৰপেটা, 15 মে’: "অসমত খিলঞ্জীয়া মূলসুঁতিৰ মানুহ শংকাত থাকিব, সেই পৰিৱেশ কেতিয়াও হ’ব নোৱাৰে ৷ এইখন চৰকাৰৰ দিনত অসমৰ খিলঞ্জীয়া মূলসুঁতিৰ মানুহ সুৰক্ষিত হৈ থাকিব লাগিব আৰু তেওঁলোকক সুৰক্ষা দিয়াৰ দায়িত্ব আমাৰ ৷" বৰপেটাৰ কয়াকুছিৰ সমীপৰ বামুনবড়ি গাঁৱত খিলঞ্জীয়াৰ ওপৰত দলবদ্ধ আক্ৰমণৰ ঘটনা সন্দৰ্ভত এই মন্তব্য মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ ৷

বৰপেটাৰ কয়াকুছিৰ সমীপৰ বামুনবড়ি গাঁৱত খিলঞ্জীয়াৰ ওপৰত দলবদ্ধ আক্ৰমণ ঘটনাৰ বুজ ল’বলৈ অঞ্চলটোত বুধবাৰে উপস্থিত হয় মন্ত্ৰী জয়ন্তমল্ল বৰুৱা ৷ মুখ্যমন্ত্ৰীৰ নিৰ্দেশত ঘটনাস্থলীত উপস্থিত হৈ দোষীক কৰায়ত্ব কৰাৰ নিৰ্দেশ মন্ত্ৰীগৰাকীৰ ৷

এই ঘটনা সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে কয় যে, নিশ্চয়কৈ ই এক চিন্তাজনক বিষয় ৷ সৰু ঘটনা এটাৰ আলম লৈ এনেদৰে দলবদ্ধভাৱে আক্ৰমণ কৰাটো সঁচাকৈ নিন্দনীয় ৷ গতিকে এই ঘটনাৰে জড়িত প্ৰতিজন দোষীক শীঘ্ৰেই কৰায়ত্ত কৰিবলৈ আৰক্ষীক নিৰ্দেশ দিয়া হৈছে বুলি কয় তেওঁ ৷ মন্ত্ৰীগৰাকীয়ে লগতে এই চৰকাৰৰ দিনত অসমৰ খিলঞ্জীয়া মূল সুঁতিৰ মানুহ সুৰক্ষিত হৈ থাকিব লাগিব আৰু তেওঁলোকক সুৰক্ষা দিয়াৰ দায়িত্ব চৰকাৰৰ বুলি উল্লেখ কৰে ৷

ইফালে এই ঘটনাত আহত ব্যক্তিসকলৰ চিকিৎসাৰ সম্পূৰ্ণ খৰছ চৰকাৰে বহন কৰিব বুলি আশ্বাস দিয়ে মন্ত্ৰীগৰাকীয়ে ৷ লগতে ঘটনা সন্দৰ্ভত সম্পূৰ্ণ আইনগত ব্যৱস্থা চৰকাৰে ল’ব বুলিও আশ্বাস দিয়ে মন্ত্ৰীগৰাকীয়ে ৷

উল্লেখ্য যে, বৰপেটা জিলাৰ কয়াকুছিৰ সমীপৰ বামুণবড়ি গাঁৱত মঙলবাৰে দলবদ্ধ আক্ৰমণক লৈ এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ৷ মঙলবাৰে বিয়লি এটা সৰু ঘটনাক কেন্দ্ৰ কৰি একাংশ সংখ্যালঘুৰ লোকে বামুনবড়ি গাঁৱৰ খিলঞ্জীয়া অসমীয়া লোকক দলবদ্ধভাবে আক্ৰমণ কৰিছিল ৷ এই আক্ৰমণৰ ঘটনাত প্ৰণৱ দাস, বিকাশ দাস, মৌচম দাস আৰু কনজ্যোতি তালুকদাৰ নামৰ চাৰিজন লোক গুৰুতৰভাৱে আহত হয় ৷ জহুৰ খাঁ নামৰ এজন লোকৰ নেতৃত্বত এই ঘটনা সংঘটিত হৈছিল ৷ ঘটনা সংক্ৰান্তত আৰক্ষীয়ে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপিত হৈছিল ৷

ইয়াৰ পিচতে বুধবাৰে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই গাঁওখনত উপস্থিত হৈ ঘটনাৰ সবিশেষ বুজ লোৱাৰ লগতে বৰপেটা চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ থকা আহত সকলৰ স্বাস্থ্যৰ বুজ লয় ৷ ঘটনাস্থলীত সংবাদ মাধ্যমৰ আগত মন্ত্ৰীগৰাকীয়ে দোষীক কৰায়ত্ব কৰাৰ বাবে আৰক্ষীক নিৰ্দেশ দিয়ে ৷

লগতে পঢ়ক : কয়াকুছিৰ বামুণবড়িত দলবদ্ধ আক্ৰমণত আহত চাৰি - Mob Attack In Kayakuchi

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.