ETV Bharat / state

কয়াকুছিৰ বামুণবড়িত দলবদ্ধ আক্ৰমণত আহত চাৰি - Mob attack in Kayakuchi

author img

By ETV Bharat Assamese Team

Published : May 15, 2024, 2:13 PM IST

Allegation of mob attack:কয়াকুছিত দলবদ্ধ আক্ৰমণৰ ঘটনা । হাতে হাতে লাঠি, দা, কুঠাৰ, জাঠি-জোং লৈ কৰিলে আক্ৰমণ ।

Allegation of mob attack
কয়াকুছিত দলবদ্ধ আক্ৰমণ (ETV BHARAT ASSAM)

কয়াকুছিত দলবদ্ধ আক্ৰমণ (ETV BHARAT ASSAM)

বৰপেটা, ১৫ মে': বৰপেটা জিলাৰ কয়াকুছিৰ সমীপৰ বামুণবড়ি গাঁৱত মঙলবাৰে দলবদ্ধ আক্ৰমণক লৈ এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় । বামুণবড়ি গাঁৱৰ সমীপতে থকা শুৰপাৰা গাঁৱৰ এটা সংখ্য়ালঘু সম্পদায়ৰ একাংশ লোকে সামান্য় কথাক কেন্দ্ৰ কৰি বামুণবড়িৰ কেইবাজনো লোকক দলবদ্ধ আক্ৰমণ কৰাৰ অভিযোগ উত্থাপিত হৈছে । এই আক্ৰমণত চাৰিজন লোক আহত হয় । এই আহত কেইজনৰ ভিতৰত এজনৰ অৱস্থা গুৰুতৰ হোৱাত লগে লগে চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ।

ভুক্তভোগী লোককেইজনে উত্থাপন কৰা অভিযোগ অনুসৰি শুৰপাৰা গাঁৱৰ জহুৰ খাঁ'ৰ নেতৃত্বত খিলঞ্জীয়া লোকৰ ওপৰত দলবদ্ধ আক্ৰমণ চলোৱা হৈছে । কালি হাতে হাতে লাঠি, দা, কুঠাৰ, জাঠি-জোং লৈ শুৰপাৰা গাঁৱৰ একাংশ লোকে দলবদ্ধ আক্ৰমণ কৰে বামুণবড়ি গাঁৱৰ একাংশ লোকক । এই আক্ৰমণত আহত হয় চাৰিজনকৈ লোক। আহত লোক কেইজন হ'ল প্ৰণৱ দাস, বিকাশ দাস, মৌচম দাস আৰু কনজ্যোতি তালুকদাৰ ।

ঘটনাৰ বিৱৰণি অনুসৰি দুজন স্কুলীয়া ছাত্ৰৰ কাজিয়াৰ পৰা সুত্ৰপাত ঘটাৰ পিচত এই গাঁওখনৰ কেইজনমান লোকে বামুণবড়ি গাঁৱৰ ছাত্ৰজনক মাৰপিট কৰে । সেই সময়ত তাত উপস্থিত থকা এজন লোকে বাধা দিয়াত লোককেইজন তাৰপৰা আঁতৰি যায় । কিন্তু ৩০ মিনিটমান পিচতেই শুৰপাৰা গাঁৱৰ জহুৰ খাঁ'ৰ নেতৃত্বত প্ৰায় ডেৰ শ লোকে আহি ভুক্তভোগী লোককেইজনক আক্ৰমণ কৰে ।

ভুক্তভোগীয়ে ইয়াৰ পিচতেই এই ঘটনা সংক্ৰান্তত কয়াকুছি আৰক্ষী চকীত এজাহাৰ দাখিল কৰে । ইপিনে, ঘটনাৰ সন্দৰ্ভত হিন্দু জাগৰণ মঞ্চৰ বৰপেটা জিলাৰ সম্পাদক ৰূপজ্যোতি দাসে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়,"অসমৰ পৰিস্থিতি বৰ্তমান ভয়ংকৰ । পাকিস্তান বাংলাদেশতকৈও অসমত হিন্দুৰ ওপৰত অত্যাচাৰ বহুত বেছি হৈ আছে ।" এইক্ষেত্ৰত চৰকাৰক ব্য়ৱস্থা গ্ৰহণ কৰিবলৈ হিন্দু জাগৰণ মঞ্চৰ বৰপেটা জিলা সম্পাদক ৰূপজ্যোতি দাসে দাবী জনাইছে । অন্যথা হিন্দু জাগৰণ মঞ্চই হাত সাৱতি বহি নাথাকি লাখ লাখ যুৱক ওলাই আহি হিন্দুক সুৰক্ষা দিয়াৰ ব্যৱস্থা কৰিব বুলি সকীয়াই দিয়ে ।

লগতে পঢ়ক:গৰু চুৰিৰ অভিযোগত অট’ চালকক দলবদ্ধ আক্ৰমণ

ছাগলীৰ বাবেই চিকিৎসালয়ত চিকিৎসাধীন 7 জনকৈ লোক - Clash In Goalpara Over Sheep

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.