গৰু চুৰিৰ অভিযোগত অট’ চালকক দলবদ্ধ আক্ৰমণ

By ETV Bharat Assamese Team

Published : Dec 22, 2023, 9:56 AM IST

thumbnail

শিলচৰ, 22 ডিচেম্বৰ : ৰাজ্যত ক্ৰমাৎ বৃদ্ধি হৈছে মৰেল পুলিচিঙৰ ঘটনা ৷ এইবাৰ কাছাৰ জিলাৰ ধলাই ভুৱনডৰ কলনীত সংঘটিত হৈছে ভয়ংকৰ মৰেল পুলিচিঙৰ ঘটনা । গৰু চুৰিৰ অভিযোগত এগৰাকী অট’ চালক নিৰ্মমভাৱে প্ৰহাৰ কৰিলে এজাক লোকে ৷ আনকি ৰাজপথত যুৱকজনৰ বাহনখনত অগ্নিসংযোগ কৰি জ্বলাই দিয়ে ৷

ঘটনাৰ বিৱৰণী অনুসৰি, যোৱা বুধবাৰে ধলাই পুনিখালৰ বাসিন্দা তাজিম উদ্দিন নামৰ এগৰাকী অট’ চালকে নিজ বাহন লৈ যোৱাৰ সময়তে ধলাই ভুৱনডৰ কলনীত একাংশ লোকে তেওঁক গৰু চোৰ সন্দেহত আটক কৰে ৷ ইয়াৰ পিচতে উত্তেজিত একাংশ লোকে চালকজনক গৰু চুৰিৰ অভিযোগত বাহনৰ পৰা নমাই দলবদ্ধ আক্ৰমণ কৰে । দলবদ্ধ আক্ৰমণত ঘটনাস্থলীত অজ্ঞান হৈ পৰে চালকজন। ইমানতে শান্ত নহৈ দলটোৱে যুৱকজনৰ অট’খনত অগ্নি সংযোগ কৰি ৰাজপথতেই জ্বলাই দিয়ে। 

এই ঘটনাৰ খবৰ পাই ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ চালকজনক উদ্ধাৰ কৰি শিলচৰ মেডিকেল কলেজলৈ প্ৰেৰণ কৰে ৷ দলবদ্ধ প্ৰহাৰত চালক তাজিম উদ্দিনৰ হাত-ভৰি ভাঙিছে বুলি জানিব পৰা গৈছে । বৰ্তমান তেওঁ শিলচৰ চিকিৎসা মহাবিদ্যালয় ও হাস্পতালত চিকিৎসাধীন হৈ আছে যদিও তেওঁৰ অৱস্থা অতি সংকটজনক ।

এই ঘটনাৰ পাচতে চালক তাজিম উদ্দিনৰ পৰিয়ালে ধলাই আৰক্ষী চকীত এক গোচৰ ৰুজু কৰি ঘটনাৰ লগত জড়িতসকলৰ বিৰুদ্ধে উচিত শাস্তিৰ দাবী কৰিছে । 

লগতে পঢ়ক: ঘাইপথত গৰু-ছাগলী উঠিলে গৰাকীয়ে ভৰিব লাগিব জৰিমনা

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.