ছাগলীৰ বাবেই চিকিৎসালয়ত চিকিৎসাধীন 7 জনকৈ লোক - Clash in Goalpara over Sheep

By ETV Bharat Assamese Team

Published : Mar 27, 2024, 7:21 AM IST

thumbnail

গোৱালপাৰা, 27 মাৰ্চ: এটা ছাগলীক কেন্দ্ৰ কৰি গোৱালপাৰা জিলাৰ সীমান্তৱৰ্তী তথা বৰপেটাৰ জিলাৰ আলোপতিচৰ আৰক্ষী থানাৰ অধীনস্থ নিচানৰচৰ গাঁৱত দুই পক্ষৰ মাজত প্ৰচণ্ড মাৰপিটৰ ঘটনা সংঘটিত হয় ৷ মংগলবাৰৰ আবেলি সংঘটিত হয় এই ঘটনাটো । সংঘৰ্ষত গুৰুতৰভাবে আহত কেইবাগৰাকী লোক । ভেড়া ছাগলীয়ে শাক-পাচলি খেতি খোৱাক কেন্দ্ৰ কৰি গাওঁখনৰ দুই পক্ষৰ মাজত তুমুল সংঘৰ্ষ সংঘটিত হয় বুলি জানিব পৰা গৈছে ।

জানিব পৰা মতে, নিচানৰচৰ গাঁৱৰ আলাউদ্দিন আৰু নৌশাদ আলীৰ মাজত সংঘটিত হয় এই মাৰপিটৰ ঘটনা ৷ আলাউদ্দিনৰ ভেড়া-ছাগলীয়ে খাইছিল নৌশাদ আলীৰ খেতিৰ পাচলি । ইয়াৰ পাচতে নৌশাদ আলীয়ে ছাগলীটোক ঘৰত বান্ধি থৈ দিয়ে  ৷ ইয়াক কেন্দ্ৰ কৰি আলাউদ্দিনৰ পৰিয়ালৰ লোকে নৌশাদ আলীৰ পৰিয়ালৰ লোকক মাৰপিট কৰে বুলি স্থানীয় লোকে জনায় । দুই ফৈদৰ ভয়ানক মাৰপিটত গুৰুতৰভাবে আঘাতপ্ৰাপ্ত হয় নৌশাদ আলীৰ লগতে পৰিয়ালৰ 7 জনকৈ লোক । 

মাৰপিটত আহত হোৱা আটাইকে প্ৰথমে আলোপতি চৰ ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰোৱা হয় ৷ নৌশাদ মণ্ডল আৰু পত্নী নেকজান নেছাইয়ে মূৰত আৰু শৰীৰৰ কেবা ঠাইতো বেয়াকৈ আঘাত পোৱাৰ বাবে উন্নত চিকিৎসাৰ বাবে দুয়োকে চিকিৎসকে বৰপেটা চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে । 

ঘটনাটোক কেন্দ্ৰ কৰি নৌশাদ আলীৰ পৰিয়ালে আলাউদ্দিনৰ বিৰুদ্ধে আলোপতি চৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰে ।

লগতে পঢ়ক: প্ৰতিবেশীৰ আক্ৰমণত নিহত এজন, পলাতক অভিযুক্ত

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.