প্ৰতিবেশীৰ আক্ৰমণত নিহত এজন, পলাতক অভিযুক্ত

By ETV Bharat Assamese Team

Published : Mar 16, 2024, 6:57 PM IST

thumbnail

গোৱালপাৰা,১৬ মাৰ্চ: গোৱালপাৰা জিলাৰ দুধনৈত সংগঠিত হৈছে এক লোমহৰ্ষক ঘটনা । দুধনৈ থানাৰ অন্তৰ্গত বালাচাৰাত আজি দুপৰীয়াৰ ভাগত সংঘটিত হয় ঘটনাটো । প্ৰতিবেশীৰ লাঠীৰ কোবত থিতাতে নিহত এজন লোক । নিহত লোকজন ৪৫ বছৰীয়া জীতেন্দ্ৰ ৰাভা বুলি জানিব পৰা গৈছে । জানিব পৰা মতে ওচৰৰে কিৰণ খাখলাৰী নামৰ এজন লোকৰ সৈতে তেওঁৰ বাক-বিতণ্ডা হৈছিল । কিন্তু এই কাজিয়াই পিচত চৰম ৰূপ লয় আৰু কিৰণ খাখলাৰীয়ে জীতেন্দ্ৰ ৰাভাক লাঠীৰে প্ৰহাৰ কৰে ।

ফলস্বৰূপে তেওঁৰ থিতাতে মৃত্যু হয় । অৱশ্যে এই ঘটনাৰ পিচতে ঘটনাস্থলীৰ পৰা পলায়ন কৰে অভিযুক্ত খাখলাৰীয়ে । ঘটনাৰ খবৰ পোৱাৰ পিচতে দুধনৈ আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰে আৰু মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে । ইফালে আৰক্ষীয়ে ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে ।

লগতে পঢ়ক :দুৰ্নীতিৰ গোচৰত অভিযুক্ত ৰাজু মেদকক জেললৈ প্ৰেৰণ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.