ETV Bharat / state

GNRC-ৰ ICU ৱাৰ্ডৰ পৰা গ্ৰেপ্তাৰ ৰাজকন্যা বৰুৱাক

author img

By

Published : Oct 6, 2021, 3:14 PM IST

Updated : Oct 6, 2021, 3:48 PM IST

অসুস্থ হোৱাৰ নাটক কৰি জিএনআৰচিৰ আইচিইউত ভৰ্তি হৈয়ো সাৰি নগ'ল ৰাজকন্যা বৰুৱা ৷ মেডিকেল বৰ্ডৰ সেউজ সংকেতৰ পাচতে জিএনআৰচি হাস্পতালৰ পৰা গ্ৰেপ্তাৰ কৰা হ'ল ৰাজকন্যা বৰুৱাক ৷ গ্ৰেপ্তাৰ হ'ব পাৰে জিএনআৰচিৰ চিকিৎসকো ৷ স্বাস্থ্যৰ অজুহাত দেখুৱাই থানাত উপস্থিত হোৱাৰ পৰা বিৰত আছিল ৰাজকন্যা বৰুৱা ৷

rajkanya barua arrested from ICU ward of GNRC
জিএনআৰচিৰ ICU ৱাৰ্ডৰ পৰা গ্ৰেপ্তাৰ ৰাজকণ্যা বৰুৱা

গুৱাহাটী, ৬ অক্টোবৰ : দিছপুৰ থানাত হাজিৰ হোৱাৰ বিপৰীতে অসুস্থতাৰ নাটক কৰা ৰাজকন্যা বৰুৱাক অৱশেষত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে ৷ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ মেডিকেল বৰ্ডে সেউজ সংকেত দিয়াৰ পাচতেই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৰাজকন্যা বৰুৱাক ৷ পহিলা অক্টোবৰৰ নিশা প্ৰায় ১.৩০ বজাত সুৰামত্ত হৈ গাড়ীৰে আঠজনকৈ শ্ৰমিকক মহতিয়াই নিছিল ৰাজকন্যা বৰুৱাই ৷

এই ঘটনাৰ ২৪ ঘণ্টাৰ ভিতৰতে ৰাজকন্যা বৰুৱাই জামিন লাভ কৰিছিল ৷ যি ঘটনাই ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল ৷ অভিযোগ উঠিছিল আৰক্ষীৰ বিৰুদ্ধে ৷ ৰাজকন্যা বৰুৱাই জামিন লাভ কৰা সন্দৰ্ভত সন্দেহৰ আৱৰ্তলৈ অহা দিশপুৰ আৰক্ষীৰ দুই বিষয়া আভাৰাণী গগৈ আৰু ছাহিৰ আলীক ইতিমধ্যে ৰিজাৰ্ভ ক্ল'জ কৰা হৈছিল ৷ নতুনকৈ সমগ্ৰ ঘটনাৰ তদন্তৰ দায়িত্ব দিয়া হৈছিল উপ-পৰিদৰ্শক যোগানন্দ বড়োক ৷

ইফালে ঘটনা সন্দৰ্ভত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মায়ো প্ৰতিক্ৰিয়া প্ৰকাশ কৰি এটা কথা স্পষ্ট কৰি দিছিল যে, ৰাজকন্যা বৰুৱাক জামিনৰ সুবিধা কৰি দিয়াৰ ক্ষেত্ৰত কৰ্তব্যত গাফিলতি কৰা মানেই বিপদ ৷ সাৰি যাব নোৱাৰিব ৰাজকন্যা বৰুৱাক সহায় কৰা আৰক্ষী ৷ মুখ্যমন্ত্ৰীৰ সতৰ্কবানীৰ পাচতেই সমগ্ৰ বিষয়টোৱে নতুন মোৰ লয় ৷

ঘটনা সন্দৰ্ভত মঙলবাৰৰ ভিতৰত দিছপুৰ থানাত হাজিৰ হোৱাৰ নিৰ্দেশ দিয়া হৈছিল সুৰাৰ ৰাগিত মাতাল হৈ শ্ৰমিকক মহতিয়াই নিয়া মহানগৰীৰ মডেল ৰাজকন্যা বৰুৱাক ৷ দিছপুৰ আৰক্ষীয়ে ৰাজকন্যা বৰুৱালৈ চমনো জাৰি কৰিছিল ৷ আনকি আৰক্ষীয়ে ৰাজকন্যা বৰুৱাক ঘৰতো বিচাৰি গৈছিল ৷ কিন্তু, ঘৰত ওলমি আছিল তলা ৷ অসুস্থতাৰ দোহাই দি জিএনআৰচিত ভৰ্তি হৈছিল ৰাজকন্যা বৰুৱা ৷

ইয়াৰ পাচত আৰক্ষীয়ে আনকি হাস্পতাললৈ গৈ বৰুৱাক থানাত হাজিৰ হোৱাৰ নিৰ্দেশো দিছিল । দিছপুৰ আৰক্ষীৰ জাননীৰ বিপৰীতে ৰাজকন্যা বৰুৱাৰ মাতৃয়ে অসুস্থতাৰ দোহাই দি দুসপ্তাহৰ সময় বিচাৰি থানাত আবেদন কৰিছিল ৷ কিন্তু, ৰাজকন্যা বৰুৱাৰ স্বাস্থ্য পৰীক্ষাৰ বাবে আৰক্ষীৰ আহ্বানত জিএমচিএইচে গঠন কৰিছিল মেডিকেল বৰ্ড ৷ মেডিকেল বৰ্ডৰ ছয়জনীয়া সদস্যই আজি গুৱাহাটীৰ জিএনআৰচিৰ আইচিইউত ভৰ্তি হৈ থকা ৰাজকন্যা বৰুৱাৰ স্বাস্থ্য পৰীক্ষা কৰি সুস্থতাৰ প্ৰমানপত্ৰ প্ৰদান কৰে ৷

মেডিকেল বৰ্ডৰ প্ৰমাণপত্ৰ লাভ কৰাৰ পাচতেই জিএনআৰচিত উপস্থিত হয় আৰক্ষীৰ দল ৷ অসুস্থতাৰ নাটক কৰি চিকিৎসাধীন হৈ থকা ৰাজকন্যা বৰুৱাক চিকিৎসালয়ৰ পৰাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৷ ইফালে অসুস্থ নোহোৱাকৈয়ে ৰাজকন্যা বৰুৱাক চিকিৎস‍লয়ত ভৰ্তি কৰি ৰখাৰ বাবে জিএনআৰচিৰ চিকিৎসকো গ্ৰেপ্তাৰ হোৱাৰ সম্ভাৱনা আছে ৷

উল্লেখ্য যে, ১ অক্টোবৰৰ নিশা প্ৰায় ১.৩০ বজাত ৰাজকন্যা বৰুৱাই সুৰাসক্ত হৈ দ্ৰুতগতিত গাড়ী চলাই ৰাজপথত কাম কৰি থকা শ্ৰমিকক মহতিয়াই নিছিল ৷ আঠজনকৈ শ্ৰমিকৰ জীৱনলৈ অমানিশা কঢ়িয়াই অনা ৰাজকন্যা বৰুৱাই ঘটনাৰ পিছদিনাই জামিন লাভ কৰিছিল ৷

লগতে পঢ়ক : আকৌ গ্ৰেপ্তাৰ হ’ব পাৰে ৰাজকন্যা বৰুৱা !

Last Updated :Oct 6, 2021, 3:48 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.