ৰামায়ণৰ ‘ৰাৱন’ খ্যাত অভিনেতা অৰবিন্দ ত্ৰিবেদী আৰু নাই

author img

By

Published : Oct 6, 2021, 12:54 PM IST

ramayans-ravan-arvind-trivedi-passes-away

আধ্যাত্মিক টেলিভিশ্বন চিৰিজ ‘ৰামায়ণ’(Ramayan)ত ‘ৰাৱণ‘(Ravan)ৰ চৰিত্ৰৰ বাবে সৰ্বাধিক পৰিচিত প্ৰবীণ অভিনেতা অৰবিন্দ ত্ৰিবেদী(Arvind Trivedi)য়ে মঙলবাৰে মুম্বাইত শেষ নিশ্বাস ত্যাগ কৰে । মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল 82 বছৰ ৷

চিটাৰা ডেস্ক, 6 অক্টোবৰ : জনপ্ৰিয় আধ্যাত্মিক টেলিভিশ্বন চিৰিজ ‘ৰামায়ণ’(Ramayan)ত ‘ৰাৱণ‘(Ravan)ৰ চৰিত্ৰ ৰূপায়ন কৰা প্ৰবীণ অভিনেতা অৰবিন্দ ত্ৰিবেদী(Arvind Trivedi)য়ে মঙলবাৰে ইহলীলা সম্বৰণ কৰে ৷ মৃত্যুৰ সময়ত অভিনেতাগৰাকীৰ বয়স আছিল 82 বছৰ ৷

সহ-অভিনেতা সুনীল লাহিড়ী(Sunil Lahiri)য়ে ইনষ্টাগ্ৰামযোগে অৰবিন্দ ত্ৰিবেদীৰ এখন ফটো শ্বেয়াৰ কৰি তেওঁৰ দেহাৱসান ঘটাৰ বাতৰি সুনিশ্চিত কৰে ৷ সংবাদ মাধ্যমৰ তথ্য অনুসৰি, হৃদৰোগ আৰু একাধিক অংগ বিকল হোৱাৰ বাবে অভিনেতাগৰাকীয়ে মৃত্যুক সাৱটিবলগীয়া হয় ৷

ramayans-ravan-arvind-trivedi-passes-away
অভিনেতা অৰবিন্দ ত্ৰিবেদীৰ মৃত্যু

তেওঁৰ 40 বছৰীয়া চলচ্চিত্ৰ আৰু টেলিভিশ্বনৰ কেৰিয়াৰত হিন্দী আৰু গুজৰাটীকে ধৰি প্ৰায় 300 খন চলচ্চিত্ৰত অভিনয় কৰিছিল । জনপ্ৰিয় শ্ব’ ৰামায়ণৰ উপৰিও প্ৰসিদ্ধ অভিনেতাগৰাকীয়ে ‘বিক্ৰম ঔৰ বেতাল’তো অভিনয় কৰিছিল ।

তেওঁ কেইবাখনো সামাজিক আৰু পৌৰাণিক চলচ্চিত্ৰতো অভিনয় কৰিছিল । ইয়াৰোপৰি ত্ৰিবেদীয়ে 1991 চনৰ পৰা 1996 চনলৈ সাংসদ হিচাপে অধিষ্ঠিত আছিল । অসুস্থতা আৰু খোজ কাঢ়িব নোৱাৰি হৃদৰোগত আক্ৰান্ত হৈছিল এইগৰাকী প্ৰবীণ অভিনেতা ৷

  • Bahut dukhad Samachar hai ki Hamare Sabke Pyare Arvind bhai (Ravan of Ramayan) Ab Hamare bich Nahin Rahe😥 Bhagwan Unki Atma ko Shanti De...I am speechless I lost father figure, my guide, well wisher & gentleman ... 🙏😥 pic.twitter.com/RtB1SgGNMh

    — Sunil lahri (@LahriSunil) October 6, 2021 " class="align-text-top noRightClick twitterSection" data=" ">

বুধবাৰে পুৱা প্ৰায় 8 বজাত অৰবিন্দৰ অন্তিম সংস্কাৰ সম্পন্ন কৰা হয় ৷ অনেক শুভাকাংক্ষীৰ লগতে প্ৰধানমন্ত্ৰী মোডী(PM Modi), গৃহমন্ত্ৰী অমিত শ্বাহ আৰু বহু বিশিষ্ট ব্যক্তিয়ে অভিনেতাগৰাকীৰ মৃত্যুত শোকপ্ৰকাশ কৰিছে ৷ গুজৰাটী চলচ্চিত্ৰ জগতত তিনি দশকতকৈও অধিক সময় ধৰি এক সুন্দৰ কেৰিয়াৰ গঢ়ি তুলিছিল প্ৰয়াত তাৰকাগৰাকীয়ে ।

তেওঁ অভিনয় কৰা ‘Desh Re Joya Dada Pardesh Joya’ সৰ্বকালৰ আটাইতকৈ জনপ্ৰিয় গুজৰাটী চলচ্চিত্ৰসমূহৰ ভিতৰত অন্যতম চলচ্চিত্ৰ ৷ এইগৰাকী প্ৰবীণ অভিনেতাৰ মৃত্যুত ইটিভি ভাৰত চিটাৰাৰ তৰফৰ পৰাও থাকিল অভিনেতাগৰাকীলৈ গভীৰ শ্ৰদ্ধাঞ্জলি ৷

লগতে পঢ়ক : কৰ্কট ৰোগৰ সৈতে যুঁজি অজান দেশলৈ গুচি গ’ল নাট্টু কাকা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.