ETV Bharat / state

উপ-নিৰ্বাচন : দুটা সমষ্টিৰ বাবে প্ৰাৰ্থীৰ নাম ঘোষণা AIUDFৰ

author img

By

Published : Oct 6, 2021, 3:23 PM IST

শাসকীয় বিজেপি মিত্ৰজোঁট, কংগ্ৰেছ আৰু ৰাইজৰ দলৰ পিছত এইবাৰ এ আই ইউ ডি এফ দলে ঘোষণা কৰিলে প্ৰাৰ্থী তালিকা । ভৱানীপুৰ আৰু গোসাঁইগাঁও সমষ্টিত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব এ আই ইউ ডি এফ দলে ।

AIUDF has announced candidates for two constituencies
দুটা সমষ্টিৰ বাবে প্ৰাৰ্থীৰ নাম ঘোষণা AIUDFৰ

গুৱাহাটী, ৬ অক্টোবৰ : ৰাজ্যৰ পাঁচটা সমষ্টিত ৩০ অক্টোবৰত অনুষ্ঠিত হ’বলগীয়া উপ-নিৰ্বাচনক লৈ তৎপৰ হৈ পৰিছে প্ৰতিটো ৰাজনৈতিক দল । শাসকীয় বিজেপি মিত্ৰজোঁট, কংগ্ৰেছ আৰু ৰাইজৰ দলৰ পিছত এইবাৰ এ আই ইউ ডি এফ দলে ঘোষণা কৰিলে প্ৰাৰ্থী তালিকা । পাঁচটা সমষ্টিত হ’বলগীয়া উপ-নিৰ্বাচনত এ আই ইউ ডি এফ দলে দুখন আসন ক্ৰমে ভৱানীপুৰ আৰু গোসাঁইগাঁও সমষ্টিত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব ।

দলৰ কৰ্ণধাৰ সমিতিয়ে লোৱা সিদ্ধান্ত মৰ্মে ভৱানীপুৰ সমষ্টিত অধিবক্তা জুব্বাৰ আলী আৰু গোসাঁইগাঁও সমষ্টিত খাইৰুল আনাম খন্দকাৰক প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে । উল্লেখ্য যে, বিধানসভা নিৰ্বাচনত ভৱানীপুৰ সমষ্টিৰ পৰা এই আই ইউ ডি এফৰ প্ৰাৰ্থী ফণী তালুকদাৰ জয়ী হৈছিল যদিও তেওঁ বিজেপিত যোগদান কৰে ৷

উপ-নিৰ্বাচনত ভৱানীপুৰ সমষ্টিত ফণী তালুকদাৰে বিজেপিৰ হৈ প্ৰতিদ্বন্দ্বিতা আগবঢ়াব যদিও সমষ্টিটোত এ আই ইউ ডি এফৰ পৰা তীব্ৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব বুলি ধাৰণা কৰা হৈছে । অৱশ্যে বিগত বিধানসভা নিৰ্বাচনত কংগ্ৰেছৰ সৈতে মিত্ৰতা কৰি এই আই ইউ ডি এফ দল অৱতীৰ্ণ হৈছিল ৷ এইবাৰ উপ-নিৰ্বাচনত দুয়োটা দলে পৃথকে পৃথকে অৱতীৰ্ণ হোৱাত ৰাজনৈতিক সমীকৰণ কিছু সলনি হোৱাৰ সম্ভাৱনা আছে ।

লগতে পঢ়ক: থাওৰাৰ ৰাজনীতি : সুশান্তক ৰঙা দলিচা, কুশলক ললিপপ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.