ETV Bharat / bharat

১ লাখ ৭১ হাজাৰ লোকক ই-সম্পত্তি কাৰ্ড প্ৰদান প্ৰধানমন্ত্ৰীৰ

author img

By

Published : Oct 6, 2021, 6:25 PM IST

বুধবাৰে ১ লাখ ৭১ হাজাৰ লোকক একেলগে প্ৰদান কৰা হৈছে ই-সম্পত্তি কাৰ্ড । চৰকাৰৰ বিশেষ আঁচনিৰ অধীনত প্ৰধানমন্ত্ৰী মোডীয়ে ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে প্ৰদান কৰে কাৰ্ডখিনি ।

SVAMITVA scheme
SVAMITVA আঁচনিৰ অধীনত মধ্যপ্ৰদেশত প্ৰদান ই সম্পত্তি কাৰ্ড

নেশ্যনেল ডেস্ক,৬ অক্টোবৰ : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বৰ বিজেপি চৰকাৰৰ বৃহৎ পদক্ষেপ । ১ লাখ ৭১ হাজাৰ হিতাধিকাৰীক চৰকাৰে বিতৰণ কৰিলে ই-সম্পত্তি কাৰ্ড (e-property card) । বুধবাৰে ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে SVAMITVA আঁচনিৰ অধীনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে (Prime Minister Narendra Modi) প্ৰদান কৰে এই কাৰ্ডখিনি ।

আঁচনিখনৰ হিতাধিকাৰীসকলৰ সৈতেও বাৰ্তালাপ কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে । মধ্য প্ৰদেশত বিতৰণ কৰা হৈছে এই কাৰ্ড সমূহ ৷ এই অনুষ্ঠানত মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানো (Chief Minister Shivraj Singh Chouhan) উপস্থিত থাকে । SVAMITVA হৈছে পঞ্চায়তি ৰাজ মন্ত্ৰালয়ৰ এক কেন্দ্ৰীয় খণ্ডৰ আঁচনি যাৰ উদ্দেশ্য হৈছে গ্ৰাম্য বসতিপূৰ্ণ অঞ্চলৰ বাসিন্দাসকলক সম্পত্তিৰ অধিকাৰ প্ৰদান কৰা । এই আঁচনিৰ দ্বাৰা নগৰাঞ্চলৰ দৰে ঋণ আৰু অন্যান্য বিত্তীয় সুবিধাৰ বাবে গাওঁবাসীয়ে নিজৰ সম্পত্তিক বিত্তীয় সম্পদ হিচাপে ব্যৱহাৰ কৰিব পাৰিব ।

ইয়াৰ লক্ষ্য হৈছে ড্ৰোণ প্ৰযুক্তিৰ জৰিয়তে জৰীপ কৰা গ্ৰাম্য অঞ্চলৰ বসতিপূৰ্ণ ভূমিবোৰ নিৰ্ধাৰণ কৰা । প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে জনোৱা মতে এই আঁচনিৰ দ্বাৰা দেশত ড্ৰোণ নিৰ্মাণৰ পৰিস্থিতিতন্ত্ৰক এক উৎসাহ প্ৰদান কৰিব ।

লগতে পঢ়ক :15 টকাকৈ বৃদ্ধি পালে ঘৰুৱা চিলিণ্ডাৰৰ মূল্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.