15 টকাকৈ বৃদ্ধি পালে ঘৰুৱা চিলিণ্ডাৰৰ মূল্য

author img

By

Published : Oct 6, 2021, 12:50 PM IST

LPG price hiked by Rs 15 per cylinder

পুনৰ বৃদ্ধি পালে ঘৰুৱা চিলিণ্ডাৰৰ মূল্য ৷ প্ৰতিটো চিলিণ্ডাৰত 15 টকাকৈ বৃদ্ধিৰ সিদ্ধান্ত পেট্ৰ'লিয়াম কোম্পানীসমূহৰ ৷ বুধবাৰৰ পৰা কাৰ্যকৰী হৈছে এই নতুন মূল্য ৷ ইয়াৰ পূৰ্বে 1 অক্টোবৰত Liquefied Petroleum Gas (LPG) চিলিণ্ডাৰৰ মূল্য ৪৩.৫০ টকা বৃদ্ধি পাইছিল ৷

নেশ্যনেল ডেস্ক , 6 অক্টোবৰ : আন্তৰ্জাতিক ইন্ধনৰ মূল্য(international fuel price) বৃদ্ধিৰ সমান্তৰালকৈ বৃদ্ধি পালে ৰন্ধন গেছৰ মূল্য(Cooking gas LPG price) ৷ বুধবাৰে ৰন্ধন গেছৰ প্ৰতিটো চিলিণ্ডাৰত ১৫ টকা বৃদ্ধি পায় ৷ তেল কোম্পানীৰ বিষয়াসকলে জানিবলৈ দিয়া মতে, বুধবাৰৰ পৰা কাৰ্যকৰী হোৱা এই নতুন মূল্য ৰাজসাহাৰ্যযুক্ত আৰু ৰাজসাহাৰ্যবিহীন এলপিজি দুয়োটাৰে ক্ষেত্ৰত প্ৰযোজ্য হ'ব ৷

উল্লেখ্য যে, বৰ্তমান দিল্লীত ৰন্ধন গেছৰ মূল্য প্ৰতি চিলিণ্ডাৰত ৮৯৯.৫০ টকা ৷ একেদৰে পেট্ৰ'লৰ মূল্য প্ৰতি লিটাৰত 30 পইচা আৰু ডিজেলৰ মূল্য প্ৰতি লিটাৰত 35 পইচা বৃদ্ধি কৰা হৈছে ৷ সেই অনুসৰি, দিল্লীত এতিয়া পেট্ৰ'লৰ মূল্য প্ৰতি লিটাৰত ১০২.৯৪ টকা হোৱাৰ পৰিৱৰ্তে ডিজেলৰ মূল্য প্ৰতি লিটাৰত ৯১.৪২ টকা।

ইফালে, global benchmark Brent প্ৰতি বেৰেলত(barrel) 82.53 আমেৰিকান ডলাৰলৈ(USD) বৃদ্ধি পাইছে ৷ আনহাতে, West Texas Intermediate প্ৰতি বেৰেলত 78.87 আমেৰিকান ডলাৰলৈ বৃদ্ধি পাইছে ৷ ইয়াৰ পূৰ্বে ১ অক্টোবৰত পেট্ৰ'লিয়াম কোম্পানীসমূহে Liquefied Petroleum Gas (LPG) চিলিণ্ডাৰৰ মূল্য ৪৩.৫০ টকা বৃদ্ধি কৰিছিল

লগতে পঢ়ক : হ্ৰাস পালে সোণৰ মূল্য : আজিৰ দিনটোত প্ৰতি 10 গ্ৰাম সোণৰ মূল্য হ’ল ৪৬,৭৯৭ টকা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.