হ্ৰাস পালে সোণৰ মূল্য : আজিৰ দিনটোত প্ৰতি 10 গ্ৰাম সোণৰ মূল্য হ’ল ৪৬,৭৯৭ টকা

author img

By

Published : Oct 5, 2021, 1:52 PM IST

Gold prices fall down

আপোনাৰ যদি সোণ ক্ৰয় কৰাৰ পৰিকল্পনা আছে তেন্তে পলম নকৰিব, আজিয়েই বজাৰলৈ যাওক আৰু ক্ৰয় কৰক সোণ ৷ কাৰণ আজি ৰেকৰ্ড মূল্যতকৈ হ্ৰাস পাইছে সোণৰ মূল্য ৷

নিউজ ডেস্ক, 5 অক্টোবৰ : মঙলবাৰে ৰেকৰ্ড মূল্যতকৈ হ্ৰাস পালে সোণৰ মূল্য ৷ অক্টোবৰৰ মাল্টি কম’ডিটি এক্সচেঞ্জত (MCX) সোণৰ মূল্য ০.১৯ শতাংশ হ্ৰাস পাইছে । এই অনুসৰি আজিৰ দিনটোত প্ৰতি ১০ গ্ৰাম সোণৰ মূল্য ০.১৯ শতাংশ হ্ৰাস হৈ ৪৬,৭৯৭ টকা হৈছে ।

Gold prices fall down
হ্ৰাস পাইছে সোণৰ মূল্য

তদুপৰি আপুনি এতিয়া ঘৰতে বহি কৰিব পাৰে সোণৰ বিশুদ্ধতাৰ পৰীক্ষা ৷ সোণৰ বিশুদ্ধতা পৰীক্ষা কৰিবলৈ চৰকাৰে বি আই এছ কেয়াৰ নামৰ এটা ‘এপ’ৰ সৃষ্টি কৰিছে । এই এপটোত সোণৰ বিশুদ্ধতা পৰীক্ষা কৰাৰ লগতে ইয়াৰ সৈতে সম্পৰ্কিত যিকোনো অভিযোগো দাখিল কৰিব পাৰিব গ্ৰাহকে ।

Gold prices fall down
হ্ৰাস পাইছে সোণৰ মূল্য

এপটোত সামগ্ৰীৰ অনুজ্ঞাপত্ৰ, পঞ্জীয়ন আৰু হলমাৰ্ক নম্বৰ অশুদ্ধ বুলি প্ৰমাণিত হ’লে ই গ্ৰাহকক তৎক্ষণাৎ অভিযোগ দাখিল কৰিবলৈ তথ্য প্ৰদান কৰিব । গ্ৰাহকসকলে ইয়াৰ ভিত্তিত লগে লগে অভিযোগ কৰিব পাৰে ৷

Gold and silver price falls down today
হ্ৰাস পাইছে সোণৰ মূল্য

সোণৰ সমান্তৰলাকৈ হ্ৰাস পাইছে ৰূপৰ মূল্যও ৷ মঙলবাৰৰ দিনটোত ৰূপৰ মূল্য ০.৪৫ শতাংশ হ্ৰাস হৈ প্ৰতি কিলোগ্ৰামত ৬০,৮৬০ টকা হৈছে ।

লগতে পঢ়ক : অমৃত মহোৎসৱত অংশগ্ৰহণৰ বাবে লক্ষ্ণৌত মোডী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.