ETV Bharat / bharat

অমৃত মহোৎসৱত অংশগ্ৰহণৰ বাবে লক্ষ্ণৌত মোডী

author img

By

Published : Oct 5, 2021, 8:53 AM IST

Updated : Oct 5, 2021, 10:08 AM IST

pm-narendra-modi-will-visit-lucknow-on-october-5-will-lay-foundation-stones-for-many-projects
অমৃত মহোৎসৱত অংশগ্ৰহণৰ বাবে লক্ষ্নৌত মোডী

স্বাধীনতাৰ 75 তম বৰ্ষপূৰ্তি উপলক্ষ্যে লক্ষ্ণৌত 4,737 কোটি টকাৰ মুঠ 75 টা প্ৰকল্প জনতাৰ বাবে উৎসৰ্গা কৰিব প্ৰধানমন্ত্ৰীয়ে ।

নিউজ ডেস্ক, 5 অক্টোবৰ : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী মঙলবাৰে পুৱা লক্ষ্ণৌত উপস্থিত হয় । স্বাধীনতাৰ অমৃত মহোৎসৱৰ অংশ হিচাপে লক্ষ্নৌ ইন্দিৰা গান্ধী ফাউণ্ডেশ্যনত আয়োজিত এক অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যৰে লক্ষ্ণৌত উপস্থিত হয় প্ৰধানমন্ত্ৰী ৷ স্বাধীনতাৰ অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি লক্ষ্নৌৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব প্ৰধানমন্ত্ৰীয়ে ।

pm-narendra-modi-will-visit-lucknow-on-october-5-will-lay-foundation-stones-for-many-projects
অমৃত মহোৎসৱত অংশগ্ৰহণৰ বাবে লক্ষ্নৌত মোডী

লখিমপুৰ খেৰীৰ ঘটনাই উত্তৰ প্ৰদেশৰ ৰাজনৈতিক অস্থিৰতা বৃদ্ধি কৰিছে । খেৰী কেলেংকাৰীৰ ফলত সৃষ্টি হোৱা অস্থিৰতাৰ মাজতে প্ৰধানমন্ত্ৰী মোদীৰ ৪ ঘণ্টীয়া লক্ষ্ণৌ ভ্ৰমণৰ বাবে অধিক তৎপৰ হৈ পৰিছে আৰক্ষী-প্ৰশাসন ৷ লক্ষ্ণৌত কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলাৰ লগতে ৰাজপথ আৰু মহল্লাত থকা দুৰ্বৃত্তসকলক চিনাক্ত কৰা হৈছে । ইয়াৰ লগতে ক'লা পতাকা প্ৰদৰ্শন কৰাৰ সম্ভাৱনা থকা লোকসকলকো গ্ৰেপ্তাৰ কৰা আৰম্ভ কৰিছে আৰক্ষীয়ে ৷

অনুষ্ঠানত গৃহ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰালয়ৰ নগৰ অভিযান (অমৃত, স্মাৰ্ট চিটি, স্বচ্ছ ভাৰত অভিযান, প্ৰধানমন্ত্ৰী আৱাস যোজনা নগৰ)ৰ বিভিন্ন আঁচনি আৰু সাফল্যসমূহৰ এখন চলচ্চিত্ৰ প্ৰদৰ্শন কৰা হ’ব । প্ৰধানমন্ত্ৰী মোদীয়ে পি এম আই নগৰৰ ৭৫ খন জিলাত ৭৫ হাজাৰ হিতাধিকাৰীক চাবি হস্তান্তৰ কৰাৰ লগতে ডিজিটেল মাধ্যমেৰে ৫ গৰাকী হিতাধিকাৰীৰ সৈতে বাৰ্তালাপ কৰিব । ইয়াৰ লগতে স্মাৰ্ট চিটি মিছনৰ অধীনত উত্তৰ প্ৰদেশৰ ১০ খন স্মাৰ্ট চিটিৰ ৭৫ টা সফল প্ৰকল্পৰ এখন কফি টেবুল বুকো মুকলি কৰিব প্ৰধানমন্ত্ৰীয়ে ।

pm-narendra-modi-will-visit-lucknow-on-october-5-will-lay-foundation-stones-for-many-projects
অমৃত মহোৎসৱত অংশগ্ৰহণৰ বাবে লক্ষ্নৌত মোডী

প্ৰধানমন্ত্ৰীয়ে লক্ষ্ণৌত স্মাৰ্ট চিটিৰ অধীনত ১৫৩৭.০২ কোটি টকাৰ ১৫ টা উন্নয়নমূলক প্ৰকল্প মুকলি কৰিব আৰু ১২৫৬.২২ কোটি টকাৰ ৩০ টা উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব । ইয়াৰ উপৰি অমৃত অভিযানৰ অধীনত ৫০২. ২৪ কোটি টকাৰ ১৭ টা খোৱাপানীৰ প্ৰকল্প মুকলি কৰা হ'ব আৰু ১৪৪১.৭০ কোটি টকাৰ ১৩ টা প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰা হ'ব । ইয়াৰ লগতে, ৰাজ্যখনৰ বিভিন্ন চহৰত প্ৰায় 75 খন বৈদ্যুতিক বাছো মুকলি কৰিব প্ৰধানমন্ত্ৰীয়ে ৷ প্ৰধানমন্ত্ৰী মোডীৰ এই কাৰ্যসূচীৰ সময়ত কেন্দ্ৰীয় মন্ত্ৰী হৰদীপ সিং পুৰী, মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ আৰু ৰাজ্যপাল আনন্দী বেন পেটেল উপস্থিত থাকিব ।

লগতে পঢ়ক : বিশ্বজুৰি হঠাৎ স্থৱিৰ হৈ পৰিল হোৱাটচ এপ-ফেচবুক-ইনষ্টাগ্ৰাম !

Last Updated :Oct 5, 2021, 10:08 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.