ETV Bharat / bharat

বিশ্বজুৰি হঠাৎ স্থৱিৰ হৈ পৰিল হোৱাটচ এপ-ফেচবুক-ইনষ্টাগ্ৰাম !

author img

By

Published : Oct 4, 2021, 10:41 PM IST

সন্দেহজনক কাৰণত বিশ্বজুৰি স্তব্ধ হৈ পৰিছে হোৱাটচ এপ সেৱা ৷ ফেচবুক আৰু ইনষ্টাগ্ৰামো স্থৱিৰ হৈ পৰিছে বিশ্বৰ ভিন্ন প্ৰান্তত ৷

global whatsapp outage
বিশ্বজুৰি হঠাৎ স্থৱিৰ হৈ পৰিল হোৱাটচ এপ-ফেচবুক-ইনষ্টাগ্ৰাম !

নিউজ ডেস্ক, 4 অক্টোবৰ : হঠাৎ স্থৱিৰ হৈ পৰিল জনপ্ৰিয় চ’ছিয়েল মিডিয়া এপ হোৱাটচ এপ, ফেচবুক আৰু ইনষ্টাগ্ৰাম ৷ কোনো অজ্ঞাত বিভ্ৰাটৰ বাবে এনে হোৱা বুলি বাতৰি প্ৰকাশ পাইছে ৷ এই স্থৱিৰতাৰ ফলত বাৰ্তা প্ৰেৰণ বা লাভৰ পৰা বঞ্চিত হৈছে এই এপ ব্যৱহাৰকাৰীসকল ৷

  • We’re aware that some people are experiencing issues with WhatsApp at the moment. We’re working to get things back to normal and will send an update here as soon as possible.

    Thanks for your patience!

    — WhatsApp (@WhatsApp) October 4, 2021 " class="align-text-top noRightClick twitterSection" data=" ">

এই এপকেইটাৰ বিভাগীয় তৰফৰ পৰা জনোৱা হৈছে যে, হঠাৎ উদ্ভৱ হোৱা এই সমস্যাৰ সমাধানৰ বাবে ইতিমধ্যে প্ৰচেষ্টা অব্যাহত আছে ৷ টুইট যোগে তেওঁলোকে উল্লেখ কৰিছে যে, ‘‘বহু মানুহে এই ইচ্যুটোৰ বিষয়ে জানিব বিচাৰি আছে ৷ আমি হোৱাটচ এপক পুনৰ সাধাৰণ অৱস্থালৈ আনিবলৈ চেষ্টা অব্যাহত ৰাখিছোঁ ৷’’ ফেচবুক আৰু ইনষ্টাগ্ৰাম কৰ্তৃপক্ষয়ো টুইটাৰযোগে এই ক্ষেত্ৰত স্পষ্টীকৰণ প্ৰদান কৰিছে ৷

  • Instagram and friends are having a little bit of a hard time right now, and you may be having issues using them. Bear with us, we’re on it! #instagramdown

    — Instagram Comms (@InstagramComms) October 4, 2021 " class="align-text-top noRightClick twitterSection" data=" ">
  • We’re aware that some people are having trouble accessing our apps and products. We’re working to get things back to normal as quickly as possible, and we apologize for any inconvenience.

    — Facebook (@Facebook) October 4, 2021 " class="align-text-top noRightClick twitterSection" data=" ">

লগতে পঢ়ক : ফ্লেট ক্ৰয় কৰোঁতা-নিৰ্মাতাৰ চুক্তি সন্দৰ্ভত কেন্দ্ৰলৈ জাননী উচ্চতম ন্যায়ালয়ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.