ETV Bharat / international

বেঞ্জামিন লিষ্ট-ডেভিদ ডব্লিউ চি মেকমিলানলৈ ৰসায়ন বিজ্ঞানৰ নোবেল বঁটা

author img

By

Published : Oct 6, 2021, 5:18 PM IST

ঘোষণা কৰা হ'ল চলিত বৰ্ষৰ ৰসায়ন বিজ্ঞানৰ নোবেল বঁটা(Nobel Prize) । বেঞ্জামিন লিষ্ট(Benjamin List), ডেভিদ ডব্লিউ চি মেকমিলান(David W.C. MacMillan)লৈ ৰসায়ন বিজ্ঞানৰ নোবেল বঁটা আগবঢ়োৱা হৈছে । "এছিমেট্ৰিক অৰ্গেন'কেটালাইচিছ" নামৰ অণু প্ৰস্তুত কৰিবলৈ এক নতুন উপায় বিকশিত কৰাৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে বেঞ্জামিন লিষ্ট, ডেভিদ ডব্লিউ চি মেকমিলানক নোবেল বঁটাৰে সন্মানিত কৰা হৈছে ।

Nobel Prize in chemistry honors tool to build molecules
ৰসায়ন বিজ্ঞানৰ নোবেল বঁটা ঘোষণা

ইণ্টাৰনেশ্যনেল ডেস্ক, ৬ অক্টোবৰ : নোবেল বঁটা(Nobel Prize)ৰে সন্মানিত কৰা হৈছে বেঞ্জামিন লিষ্ট(Benjamin List), ডেভিদ ডব্লিউ চি মেকমিলান(David W.C. MacMillan)ক । চলিত বৰ্ষৰ ৰসায়ন বিজ্ঞানৰ নোবেল বঁটা(Nobel Prize) আগবঢ়োৱা হৈছে বিজ্ঞানী দুগৰাকীলৈ । বুধবাৰে ৰয়েল চুইডিছ একাডেমী অৱ চান্সেছৰ ছেক্ৰেটেৰী জেনেৰেল গোৰাণ হান্সনে বিজয়ীসকলৰ নাম ঘোষণা কৰে । "এছিমেট্ৰিক অৰ্গেন'কেটালাইচিছ" নামৰ অণু প্ৰস্তুত কৰিবলৈ এক নতুন উপায় বিকশিত কৰাৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে বেঞ্জামিন লিষ্ট, ডেভিদ ডব্লিউ চি মেকমিলানলৈ নোবেল বঁটা আগবঢ়োৱা হৈছে ।

সাধাৰণতে একেখন ক্ষেত্ৰতে কাম কৰা কেইবাগৰাকীও বিজ্ঞানীক এই বঁটা প্ৰদান কৰা হয় । বিগত বৰ্ষত এই বঁটা ফ্ৰান্সৰ ইমানুৱেল চাৰ্পেণ্টিয়াৰ আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ জেনিফাৰ এ ডৌডনাক প্ৰদান কৰা হৈছিল । ডিএনএ বিকল্প হিচাপে এক জিন এডিটিং টুল বিকশিত কৰি বিজ্ঞানৰ ক্ষেত্ৰখনত ইমানুৱেল চাৰ্পেণ্টিয়াৰ আৰু জেনিফাৰ এ ডৌডনাই বৈপ্লৱিক পৰিৱৰ্তন আনিছে । নোবেল বঁটাত আছে এটা সোণৰ পদক আৰু ১০ নিযুত চুইডিছ ক্ৰ'ণ'ৰ (Swedish kronor) ।

সোমবাৰে, নোবেল কমিটীয়ে আমেৰিকাৰ বিজ্ঞানী ডেভিদ জুলিয়াছ আৰু আৰ্ডেম পাটাপুটিয়ানলৈ শৰীৰতত্বৰ নোবেল বঁটা আগবঢ়ায় ।

মানুহৰ শৰীৰে উষ্ণতা আৰু স্পৰ্শ কেনেদৰে অনুভৱ কৰে সেই বিষয়ত কৰা আৱিষ্কাৰৰ বাবে বিজ্ঞানী দুগৰাকীলৈ এই বঁটা প্ৰদান কৰা হৈছে । আনহাতে, মঙলবাৰে তিনিগৰাকী বিজ্ঞানীলৈ পদাৰ্থ বিজ্ঞানৰ নোবেল বঁটা আগবঢ়োৱা হয় । চ্যুকুৰো মানাবে, ক্লাউছ হেছেলমেন আৰু জৰ্জিঅ' পেৰিচিক নোবেল বঁটাৰে সন্মানিত কৰা হয় । অনাগত দিনবোৰত সাহিত্য, শান্তি আৰু অৰ্থনীতিৰ ক্ষেত্ৰত উৎকৃষ্ট অৱদান আগবঢ়োৱা লোকক নোবেল বঁটাৰে সন্মানিত কৰা হ'ব ।

লগতে পঢ়ক : ঘোষণা কৰা হ’ল পদাৰ্থ বিজ্ঞানৰ নোবেল বঁটা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.