ETV Bharat / state

পুৱা 11 বজাৰ শীৰ্ষ দহটা খবৰ

author img

By

Published : Nov 8, 2022, 11:14 AM IST

পুৱা 11 বজাৰ শীৰ্ষ দহটা খবৰ
পুৱা 11 বজাৰ শীৰ্ষ দহটা খবৰ

পুৱা 11 বজাৰ শীৰ্ষ দহটা খবৰ

Darrang ASP arrested: দৰঙৰ নিলম্বিত অতিৰিক্ত আৰক্ষী অধীক্ষক ৰূপম ফুকনক গ্ৰেপ্তাৰ

দৰঙৰ কিশোৰী হত্যাকাণ্ডৰ নতুন মোৰ । এইবাৰ গ্ৰেপ্তাৰ হ'ল নিলম্বিত অতিৰিক্ত আৰক্ষী অধীক্ষক ৰূপম ফুকন । এগৰাকী কিশোৰীৰ হত্যাৰ গোচৰৰ তদন্তত গাফিলতি কৰাৰ বাবে CID য়ে ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছিল ধূলা থানাৰ OC উৎপল বৰাক (OC Utpal Borah arrested by CID)। উৎপল বৰাৰ স্বীকাৰোক্তিৰ ভিত্তিত অতিৰিক্ত আৰক্ষী অধীক্ষক ৰূপম ফুকন জেৰা চলাইছিল CIDয়ে । মঙলদৈ অসামৰিক চিকিৎসালয়ৰ ৩ চিকিৎসককো গ্ৰেপ্তাৰ ।

DAC Election 2022: ৪৩,৫৯৫ গৰাকী ভোটাৰে নিৰ্ণয় কৰিব ৭৫ প্ৰাৰ্থীৰ ভাগ্য

আজি দেউৰী স্বায়ত্তশাসিত পৰিষদীয় নিৰ্বাচন (DAC Election 2022)৷ ৰাজ্যৰ ৬ খন জিলাত উপগ্ৰহীয়ভাৱে থকা মুঠ ২২ টা পৰিষদীয় সমষ্টিত ইতিমধ্যে আৰম্ভ হৈছে ভোটগ্ৰহণ ৷ সৰ্বমুঠ ৪৩৫৯৫ গৰাকী ভোটাৰে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিব পাৰিব এই ভোটগ্ৰহণত (Total voter of DAC election 2022)৷ ইয়াৰে ২১৪১২ জন পুৰুষ আৰু ২২১৮৩ গৰাকী মহিলা ভোটাৰ ৷

Dengue cases in Assam: ডিফুত বৃদ্ধি পাইছে ডেংগুত আক্ৰান্তৰ সংখ্য়া

ৰাজ্যত ক্ৰমাৎ বৃদ্ধি পাইছে জাপানীজ এনকেফেলাইটিছৰ সমান্তৰাল ভাৱে ডেংগু আৰু মেলেৰিয়াত আক্ৰান্তৰ সংখ্যা (Dengue cases on rise in Assam) ৷ কাৰ্বি আংলং জিলাতো ব্যাপক হাৰত ডেংগুৰ প্ৰকোপ বৃদ্ধি পাইছে ।

Firing at Chabua : চাবুৱাত কয়লা সৰবৰাহকাৰী ট্ৰাকত আৰক্ষীৰ গুলী

চাবুৱাৰ বাইপাছত(Lahoal-Chabua Bypass) নিশা কয়লা সৰবৰাহকাৰী ট্ৰাকত তিনিচুকীয়া আৰক্ষীৰ গুলীচালনা(Fired on coal filled truck at Chabua)। কেইবাজাই গুলীচালনা কৰাৰ ফলত পথৰ কাষত বাগৰি পৰে এখন কয়লাভৰ্তি ট্ৰাক । আৰক্ষীয়ে কিয় তিনিচুকীয়াৰ পৰা খেদি খেদি AS 25 CC 7750 নম্বৰৰ ট্ৰাকখনত গুলীচালনা কৰিলে সেয়া এই মুহূৰ্তলৈকে জানিব পৰা হোৱা নাই ।

Murder at Jonai: ৰাস চাই ঘৰলৈ উভতি নাহিল কালিং

জোনাইৰ উদয়পুৰত অঘটন ৷ ৰাস চাবলৈ যাওঁতেই কোনো দুষ্কৃতিকাৰীয়ে নৃশংসভাৱে হত্যা কৰে এজন ছাত্ৰক (Murder at Jonai)৷ মৃত ছাত্ৰজনৰ নাম কালিং ময়ং (১৮) বুলি জানিব পৰা গৈছে ৷

Raas Puja 2022 : সোণ-ৰূপৰ মুকুট পিন্ধি মাজুলীত ৰাস মঞ্চস্থ কৰিলে কৃষ্ণই

উখল মাখল সত্ৰনগৰী মাজুলী (Raas purnima 2022) ৷ মাজুলীৰ গৌৰৱ এই ৰাস মহোৎসৱভাগিৰ বাবে ব্যস্ত এতিয়া মাজুলীয়াল (Majuli Raas Mahotsav 2022) ৷ সোমবাৰৰ পৰা মাজুলীত আৰম্ভ হোৱা কৃষ্ণৰ ৰাসক্ৰীড়া চাবলৈ দেশী-বিদেশী পৰ্যটকে ভৰি কৰিছেহি নদীদ্বীপ মাজুলীত (Tourist gathering Majuli for Raas Mahotsav 2022)।

MP Pradyut Bardoloi with BJP MLA : বিজেপি বিধায়কৰ লগত পুনৰ একেখন মঞ্চত সাংসদ প্ৰদ্যুৎ বৰদলৈ
বঢ়মপুৰত একেখন মঞ্চত নগাঁও লোকসভা সমষ্টিৰ কংগ্ৰেছ সাংসদ প্ৰদ্যুৎ বৰদলৈ(MP Pradyut Bardoloi) আৰু বঢ়মপুৰ সমষ্টিৰ বিজেপি বিধায়ক জিতু গোস্বামী (MLA Jitu Goswami )। ১২ কোটি টকাৰ আঁচনিৰ শিলান্যাস কৰিলে দুই মেৰুৰ দুই ৰাজনীতিকে ৷

Congress Twitter Account Block: কংগ্ৰেছৰ টুইটাৰ একাউন্ট বন্ধ ৰখাৰ নিৰ্দেশ আদালতৰ

এইবাৰ কপিৰাইটৰ কবলত পৰিল কংগ্ৰেছ ৷ ভাৰত জোড়ো কাৰ্যসূচীৰ সংগীতত কে জি এফ-২ৰ সংগীত বিনা অনুমতিত ব্যৱহাৰ কৰি ৰোষত পৰিল কংগ্ৰেছ ৷ কংগ্ৰেছৰ টুইটাৰ একাউন্ট সাময়িকভাৱে বন্ধ ৰখাৰ নিৰ্দেশ দিলে আদালতে (Congress Twitter Account Block)৷

Defamation case against Sisodia: 19 নৱেম্বৰত হাজিৰ হ’ব লাগিব গুৱাহাটী উচ্চ ন্যায়ালয়ত

দিল্লীৰ উপ মুখ্যমন্ত্ৰী মনীষ চিছোদিয়া অহা 19 নৱেম্বৰত উপস্থিত হ’ব লাগিব গুৱাহাটী উচ্চ ন্যায়ালয়ত (Manish Sisodia gets summon) ৷ উল্লেখ্য যে, দিল্লীৰ উপ মুখ্যমন্ত্ৰী মনীষ চিছোদিয়াই ড৹ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে PPE কীট (Defamation case filed by CM Himanta Biswa Sarma) কেলেংকাৰীক লৈ কৰা মন্তব্যৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী ড৹ শৰ্মাই কামৰূপ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত এজাহাৰ দাখিল কৰিছিল ৷

Howli Raas festival begin: বৰপেটাৰ ৯৫ সংখ্যক হাউলী ৰাস মহোৎসৱৰ শুভাৰম্ভ

আজি পৱিত্ৰ ৰাস-পূৰ্ণিমা(Raas Purnima 2022) । শৰতৰ পূৰ্ণিমাৰ এই বিতোপন নিশা শ্ৰীকৃষ্ণৰ অনঙ্গ ৰাসক্ৰীড়া পৰিৱেশনৰ প্ৰস্তুতি ৰাজ্যৰ প্ৰান্তে প্ৰান্তে । সমান্তৰালভাৱে বৰপেটাৰ হাউলীতো সোমবাৰৰ পৰা আৰম্ভ হৈছে ৯৫ সংখ্যক ৰাস মহোৎসৱ(Howli Raas festival begin) ৷ বড়ো সাহিত্য সভাৰ সভাপতি তৰেণ বড়োৱে মুকলি কৰে এই ৰাস মহোৎসৱৰ ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.