Defamation case against Sisodia: 19 নৱেম্বৰত হাজিৰ হ’ব লাগিব গুৱাহাটী উচ্চ ন্যায়ালয়ত

By

Published : Nov 7, 2022, 10:31 PM IST

Updated : Feb 3, 2023, 8:31 PM IST

thumbnail

দিল্লীৰ উপ মুখ্যমন্ত্ৰী মনীষ চিছোদিয়া অহা 19 নৱেম্বৰত উপস্থিত হ’ব লাগিব গুৱাহাটী উচ্চ ন্যায়ালয়ত (Manish Sisodia gets summon) ৷ উল্লেখ্য যে, দিল্লীৰ উপ মুখ্যমন্ত্ৰী মনীষ চিছোদিয়াই ড৹ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে PPE কীট (Defamation case filed by CM Himanta Biswa Sarma) কেলেংকাৰীক লৈ কৰা মন্তব্যৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী ড৹ শৰ্মাই কামৰূপ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত এজাহাৰ দাখিল কৰিছিল ৷ মুখ্যমন্ত্ৰী শৰ্মাৰ গোচৰৰ প্ৰত্যাহ্বান জনাই দিল্লীৰ উপ মুখ্যমন্ত্ৰী মনীষ চিছোদিয়াই (Delhi Deputy CM Manish Sisodia) গুৱাহাটী উচ্চ ন্যায়ালয়ত এখন আবেদন দাখিল কৰিছিল ৷ উচ্চ ন্যায়ালয়ে আজি চিছোদিয়াৰ এই আবেদনখন খাৰিজ কৰে ৷ গুৱাহাটী উচ্চ ন্যায়ালয়ত আজি দিল্লীৰ উপ মুখ্যমন্ত্ৰীৰ হৈ যুক্তি দৰ্শাইছিল আনন্দ ভূঞাই ৷ ন্যায়ধীশ কে আৰ চূড়ানাৰ আদালতত চলিছিল এই বিচাৰ প্ৰক্ৰিয়া ৷

Last Updated : Feb 3, 2023, 8:31 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.