কুকুৰমাৰাত সদৌ অসম আন্তঃজিলা ড্ৰেগন ব’ট প্ৰতিযোগিতা সম্পন্ন - inter district dragon boat

By ETV Bharat Assamese Team

Published : Jun 3, 2024, 11:03 AM IST

thumbnail
কুকুৰমাৰাত সদৌ অসম আন্তঃজিলা ড্ৰেগন ব’ট প্ৰতিযোগিতা সম্পন্ন (Etv bharat assam)

মিৰ্জা, 3 জুন : দক্ষিণ কামৰূপৰ কুকুৰমাৰাত দেওবাৰে অনুষ্ঠিত হয় চতুৰ্থ আন্তঃজিলা ড্ৰেগন ব’ট চেম্পিয়নশ্বিপ । অঞ্চলটোৰ চাইটেনী বিলত অনুষ্ঠিত এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে পুৰুষ, মহিলা সকলোৱে ৷ উভয় শাখাতে চূড়ান্ত বিজয়ীৰ সন্মান অৰ্জন কৰে দক্ষিণ কামৰূপ জিলা দলে । এই প্ৰতিযোগিতাত পুৰুষৰ 8 টা আৰু মহিলাৰ 4 টা দলে অংশগ্ৰহণ কৰে । 

অংশগ্ৰহণকাৰী দলবোৰ হ'ল দক্ষিণ কামৰূপ 'এ' আৰু 'বি' দল, কামৰূপ (গ্ৰাম্য), কামৰূপ মেট্ৰ', শিৱসাগৰ, মাজুলী, শোণিতপুৰ, ডিব্ৰুগড় আৰু দৰং । পুৱা প্ৰতিযোগিতাখনিৰ উদ্বোধন কৰে দক্ষিণ কামৰূপ জিলা ক্ৰীড়া সন্থাৰ সভাপতি তথা খাদী ব'ৰ্ডৰ অধ্যক্ষ ডাঃ কমলা কান্ত কলিতাই ৷

প্ৰতিযোগিতাৰ বিজয়ী জিলা দলকেইটা হ’ল ক্ৰমে পুৰুষ আৰু উভয় শাখাত শিৱসাগৰ, মহিলা শাখাত দক্ষিণ কামৰূপ(খ) দল । প্ৰতিযোগিতাৰ সামৰণি সভাত মুখ্য অতিথিৰূপে উপস্থিত থাকে স্থানীয় বিধায়ক ৰেকিবুদ্দিন আহমেদ ।

লগতে পঢ়ক: কলিয়াবৰত জিলাভিত্তিক কেৰম প্ৰতিযোগিতা

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.