কলিয়াবৰত জিলাভিত্তিক কেৰম প্ৰতিযোগিতা - National level carrom game referee
🎬 Watch Now: Feature Video

Published : March 2, 2024 at 2:35 PM IST
কলিয়াবৰ,২ মাৰ্চ: কলিয়াবৰ জিলা ক্ৰীড়া সন্থাৰ নাগশংকৰস্থিত ডাঃ টি. আও ষ্টেডিয়ামত শনিবাৰৰ পৰা অনুষ্ঠিত হৈছে নগাঁও জিলা ভিত্তিত একক কেৰম প্ৰতিযোগিতা । যুৱ সতীৰ্থ, দুলাল মাধৱ আৰু ইউনিক কলিয়াবৰৰ সহযোগত তিনিদিনীয়াকৈ অনুষ্ঠিত কেৰম প্ৰতিযোগিতাখন আনুষ্ঠানিকভাৱে মুকলি কৰে কেৰম খেলৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ ৰেফাৰী তথা খেলুৱৈ পবিত্ৰ হাজৰিকাই ।
মুকলি অনুষ্ঠানত উপস্থিত থাকে কলিয়াবৰ শাখা সাহিত্য সভাৰ সভাপতি নৱীন বৰঠাকুৰ, কলিয়াবৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়, শিলঘাটৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ভূপেন শৰ্মা, আছুৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সমিতিৰ সদস্য মৃগাংক শেখৰ ভৰালী হাজৰিকা, কলিয়াবৰ জিলা ক্ৰীড়া সন্থাৰ কাৰ্যকৰী সভাপতি ৰবীন ভূঞাৰ লগতে ক্ৰীড়াপ্ৰেমী ৰাইজ । প্ৰতিযোগিতাখনত বহুকেইগৰাকী ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈয়ে অংশগ্ৰহণ কৰা পৰিলক্ষিত হৈছে । অহা ৩ ফেব্ৰুৱাৰী তাৰিখে সামৰণি পৰিবলগীয়া জিলা ভিত্তিত কেৰম খেলৰ প্ৰথম তিনিগৰাকী শ্ৰেষ্ঠ খেলুৱৈক নগদ ধন, ট্ৰফী আৰু মানপত্ৰ পুৰস্কাৰ ৰূপে প্ৰদান কৰা হ'ব ।