অৰ্ধদগ্ধ-মুণ্ডহীন মৃতদেহ : নিৰৱচ্ছিন্ন তদন্ত অব্যাহত আৰক্ষী-ফৰেনছিক দলৰ - DHAKUAKHANA MURDER
BJP leader found dead : শনিবাৰে নিশা লখিমপুৰৰ ঢকুৱাখনাৰ সাপতীয়াত সংঘটিত হোৱা নৃশংস হত্যাকাণ্ডই ৰাজ্য জোকাৰি গৈছিল। দেওবাৰৰ পুৱাৰ পৰা ঘটনাক লৈ চলি আছে নিৰৱচ্ছিন্ন তদন্ত।

Published : June 3, 2024 at 6:54 PM IST
লখিমপুৰ, 3 জুন : ৰাজ্য কঁপাই যোৱা ঢকুৱাখনাৰ নৃশংস হত্যাকাণ্ডক লৈ নিৰৱচ্ছিন্নভাৱে চলিছে তদন্ত ৷ হত্যাকাৰীৰ সন্ধানত আৰক্ষী, চি আই ডি, ফৰেনচিক বিভাগে তীব্ৰ গতিত চলাইছে অভিযান ৷
ঢকুৱাখনাৰ সাপতীয়া চেতিয়া গাঁৱৰ বিজেপি নেতা সুনীল গগৈক শনিবাৰে নিশাৰ ভাগত ঘৰৰ পৰা নাতিদূৰত দুৰ্বৃত্তই নৃশংসভাৱে হত্যা কৰি মুণ্ডচেদ কৰি এডৰা চোমণিৰ মাজত জ্বলাই থৈ যোৱাৰ ঘটনাক লৈ জিলাখনত অব্যাহত আছে তীব্ৰ চাঞ্চল্য ৷ ৰাজ্য জোকাৰি যোৱা এই হত্যাকাণ্ডক লৈ সচকিত হৈ পৰিছে জনতা ৷ কিমান নৃশংস হ’লে এনে ঘটনা সংঘটিত কৰিব পাৰে সেই কথা ভাবি ৰাইজ শিঁয়ৰি উঠিছে ৷
উল্লেখ্য যে দেওবাৰে বিয়লি অসম আৰক্ষীৰ আই জি পি-সুধাকৰ সিং, চি আই ডিৰ সঞ্চালক সংযুক্তা পৰাশৰৰ লগতে ফৰেনচিক বিশেষজ্ঞৰ দল গুৱাহাটীৰ পৰা আহি উপস্থিত হৈ নিশা প্ৰায় 9 বজালৈকে তেওঁলোকৰ তদন্ত কৰে ৷ সোমবাৰে পুৱাৰ পৰা পুনৰ তদন্ত আৰম্ভ কৰে দলটোৱে ৷ তদন্তকাৰী দলটোৱে স্নীফাৰ ডগৰ জৰিয়তেও ঘটনাস্থলীত তদন্ত চলাই আৰু চোমণিৰ মাজৰ পৰা সুনীল গগৈৰ অৰ্ধদগ্ধ মৃতদেহৰ ওচৰত পোৱা বিভিন্ন নমুনা সংগ্ৰহ কৰে ৷
ইফালে মৃতদেহৰ জ্বলি শেষ নোহোৱা অৱশিষ্ট অংশ মৰণোওৰ পৰীক্ষাৰ বাবে নিশাই প্ৰেৰণ কৰা হয় ৷ উল্লেখযোগ্য যে, ঘটনাস্থলী আৰক্ষী, চি আৰ পি এফৰ জোৱানৰ পহৰাৰ মাজত চীল কৰি ৰাখিছে প্ৰশাসনে ৷ সোমবাৰে পুনৰ তদন্ত চলি আছে ঘটনাস্থলীত ৷ সোমবাৰে আৰক্ষী মহা পৰিদৰ্শকগৰাকীও ঘটনাস্থলীলৈ অহাৰ কথা ৷ ৰাজ্য জোকাৰি যোৱা এই ঘটনাৰ লগত জড়িত অপৰাধীক চিনাক্ত কৰিবলৈ সকলো ব্যবস্থা কৰিছে আৰক্ষী আৰু চি আই ডিয়ে ৷ সাধাৰণ ৰাইজে এই নৃশংস হত্যাকাণ্ডৰ অপৰাধীক কৰায়ত্ত কৰি দৃষ্টান্তমূলক শাস্তি দিয়াৰ কামনা কৰিছে ৷
লগতে পঢ়ক : অৰ্ধদগ্ধ-মুণ্ডহীন মৃতদেহ : কোনে হত্যা কৰিলে সুনীল গগৈক ? - Mysterious Death In Lakhimpur

