টোলগেটত প্ৰচণ্ড মাৰপিটৰ ঘটনা, গাড়ীচালকক প্ৰহাৰ কৰ্মচাৰীৰ - Daboka Toll Plaza

By ETV Bharat Assamese Team

Published : Jun 3, 2024, 5:21 PM IST

thumbnail
গাড়ী চালকক মাৰপিট কৰাৰ অভিযোগ টোলগেট কৰ্মচাৰীৰ বিৰুদ্ধে (ETV BHARAT ASSAM)

হোজাই, 3 জুন : টোলগেটত কৰ্মচাৰীৰ গুণ্ডাগিৰি ৷ গাড়ী চালকক মাৰপিট কৰাৰ অভিযোগ টোলগেট কৰ্মচাৰীৰ বিৰুদ্ধে ৷ সামান্য কথাক লৈয়ে এই মাৰপিটৰ ঘটনাৰ সৃষ্টি হয় ৷ হোজাইৰ ডবকা টোলগেটত সংঘটিত হয় এই ঘটনা ৷

হোজাই জিলা ডবকা টোলগেটত দেওবাৰে নিশা প্ৰচণ্ড মাৰপিটৰ ঘটনা সংঘটিত হয় ৷ চিনেমাৰ কায়দাৰে এজন গাড়ীচালকক মাৰপিট কৰাৰ অভিযোগ টোলগেট কৰ্মচাৰীৰ বিৰুদ্ধে ৷ কিছু সময় ৰৈ থকাক লৈ প্ৰথম অৱস্থাত সামান্য তৰ্কাতৰ্কিৰ সৃষ্টি হৈছিল ৷ কিন্তু পিচলৈ তৰ্কই চূড়ান্ত ৰূপ লোৱাত মাৰপিটৰ দৰে অনাহূত পৰিস্থিতিৰ উদ্ভৱ হয় ৷ ভুক্তভোগী গাড়ীচালকজনে টোলগেটৰ কৰ্মচাৰীয়ে মাৰপিট কৰাৰ অভিযোগ উত্থাপন কৰে ৷ পৰৱৰ্তী সময়ত ঘটনাস্থলীত ডবকা আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে ৷ 

লগতে পঢ়ক : যাত্ৰা কৰোঁতে বাৰম্বাৰ ভাবক, টোল কৰত খালী হ’ব পাৰে পকেট - Toll Tax Rate Increase Expressway

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.